পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়

ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয়ে গুৱাহাটীত অনুষ্ঠিত কৰিলে ত্ৰয়োদশ ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস

Posted On: 29 JUN 2019 2:00PM by PIB Guwahati

গুৱাহাটীত আজি ভাৰত চৰকাৰৰ পৰিসংখ্যা আৰু কাৰ্যসূচী প্ৰণয়ন বিভাগৰ মন্ত্ৰালয়ৰ অধীনত ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয়, ক্ষেত্ৰভিত্তিক সঞ্চালন (এফঅ’ডি)য়ে ত্ৰয়োদশ ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস উদযাপন কৰে৷ এই বছৰৰ পৰিসংখ্যা দিৱসৰ বিষয়বস্তু আছিল ‘‘বহনক্ষম বিকাশ লক্ষ্য’’৷

     এই অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত আছিল অসম প্ৰশাসনিক মহাবিদ্যালয়ৰ বহনক্ষম বিকাশ লক্ষ্য কেন্দ্ৰৰ মুৰব্বী অধ্যাপক আৰ. এম. ডুবে, আইএফএছ (অৱসৰপ্ৰাপ্ত)৷ ভাষণ প্ৰসংগত অধ্যাপক ডুবেয়ে কয়, ‘‘এই দিনটো সমগ্ৰ ৰাষ্ট্ৰতে জনসাধাৰণ বিশেষকৈ তৰুণ প্ৰজন্মৰ মাজত আৰ্থসামাজিক পৰিকল্পনা আৰু নীতি সংজ্ঞাবদ্ধকৰণ বিষয়ত পৰিসংখ্যাৰ ভূমিকাৰ বিষয়ে অধ্যাপক পি. চি মাহালান’বিছে যি প্ৰেৰণা প্ৰদান কৰিছিল তাৰে সজাগতা প্ৰকাশৰ বাবে উদযাপন কৰা হয়৷’’ অধ্যাপক ডুবেয়ে বহনক্ষম লক্ষ্যৰ বিষয়ে বৰ্ণনা কৰি এই লক্ষ্যসমূহে কিদৰে দৰিদ্ৰতা হ্ৰাস কৰি বিশ্বৰ জনতাৰ মাজত শান্তি স্থাপনৰ নিশ্চয়তা প্ৰদান কৰিব পাৰে সেই বিষয়ে উল্লেখ কৰে৷

     অনুষ্ঠানটোত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি গুৱাহাটী বিশ্ববিদ্যালয়ৰ দূৰ আৰু মুক্ত শিক্ষা প্ৰতিষ্ঠানৰ সঞ্চালক অধ্যাপক অমিত চৌধুৰীয়ে কয়, ‘‘প্ৰতিবছৰে এফঅ’ডিৰ আঞ্চলিক তথা মাণ্ডলিক কাৰ্যালয়ত পৰিসংখ্যা বিষয়ত বিভিন্ন ছেমিনাৰ আৰু কৰ্মশালা অনুষ্ঠিত কৰি অধ্যাপক পি. চি. মাহালান’বিছৰ জন্মদিন পালনৰ বাবে এই ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস উদযাপন কৰা হয়৷ প্ৰত্যেকৰে দৈনন্দিন জীৱনত পৰিসংখ্যাক জনপ্ৰিয় কৰি তুলিবলৈ তথা জনসাধাৰণক এই বিষয়ে সজাগতা প্ৰদান কৰিবলৈ এই দিৱসটো ব্যাপক ৰূপত পালনৰ আৱশ্যক৷’’

     তাৰোপৰি কটন বিশ্ববিদ্যালয়ৰ পৰিসংখ্যা বিভাগৰ সহকাৰী অধ্যাপক সংগীতা বৰঠাকুৰে অনুষ্ঠানটোত অতিথি হিচাপে উপস্থিত থাকি ভাষণ প্ৰসংগত কয়, ‘‘আমি পৰিসংখ্যা বিষয়ৰ জনপ্ৰিয়তা বৃদ্ধি কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰা আৱশ্যক৷ পৰিসংখ্যাই জলবায়ু পৰিৱৰ্তনৰ দৰে প্ৰাসংগিক বিষয়সমূহত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে৷ তাৰোপৰি পৰিসংখ্যাক যদি গাণিতিক হিচাপত প্ৰয়োগ কৰা হয় তেন্তে ই আধুনিক জীৱনৰ প্ৰতিটো দিশতে সহায় কৰিব পাৰে৷’’

     উল্লেখ্য, অনুষ্ঠানটোত উপস্থিত আছিল, এ. কে. বিশ্বাস, অতিৰিক্ত সঞ্চালক প্ৰধান, এনএছঅ’, শ্ৰী জগত হাজৰিকা, সঞ্চালক, এনএছঅ’ তথা এনএছঅ’ৰ মাণ্ডলিক আৰু আঞ্চলিক কাৰ্যালয়ৰ জ্যেষ্ঠ বিষয়া আৰু কৰ্মচাৰীসকল৷ তাৰোপৰি বিভিন্ন মহাবিদ্যালয়ৰ শিক্ষকমণ্ডলী, গৱেষক আৰু বিভিন্ন শিক্ষাৰ্থীয়েও এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল৷ আনহাতে বহনক্ষম বিকাশ লক্ষ্য কেন্দ্ৰ, গুৱাহাটী বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয়ৰ বহু পেপাৰ উপস্থাপনকাৰীয়েও অনুষ্ঠানটোত অংশগ্ৰহণ কৰিছিল৷



(Release ID: 1576307) Visitor Counter : 114


Read this release in: English