কেবিনেট


দন্ত পৰিষদক অধিক প্ৰভাৱী কৰিবলৈ পদক্ষেপ গ্ৰহণ

দন্ত চিকিৎসকৰ আইনত সংশোধন

কেবিনেটৰ দন্ত চিকিৎসক(সংশোধনী) বিধেয়ক, ২০১৯ত অনুমোদন

Posted On: 12 JUN 2019 7:56PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে ভাৰতীয় দন্ত চিকিৎসা পৰিষদক অধিক প্ৰভাৱশালী কৰাৰ অৰ্থে দন্ত চিকিৎসক অধিনিয়ম, ১৯৪৮ (১৯৪৮ৰ ১৬)ত সংশোধনীৰ বাবে বিধেয়ক উত্থাপন কৰাৰ অনুমোদন প্ৰদান কৰিছে৷ এই অনুমোদনৰ দ্বাৰা দন্ত চিকিৎসক অধিনিয়ম, ১৯৪৮ৰ সন্দৰ্ভত ভাৰতীয় দন্ত চিকিৎসা পৰিষদৰ সদস্যতা তথা ৰাজ্য আৰু সংযুক্ত ৰাজ্য দন্ত চিকিৎসা পৰিষদৰ সদস্যতা সম্বন্ধীয় ব্যৱস্থাপনাসমূহতো সংশোধন প্ৰভাৱশালী হব৷

প্ৰভাৱঃ

এই সংশোধনৰ দ্বাৰা দন্ত চিকিৎসা পৰিষদৰ পুনৰ্গঠনত সাহায্য লাভ হব তথা দন্ত চিকিৎসা পৰিষদত কেন্দ্ৰ চৰকাৰৰ সদস্য তথা নিৰ্বাচিত সদস্যসকলৰ প্ৰতিনিধিত্ব অনিবাৰ্য হৈ নাথাকিব৷

এই প্ৰক্ৰিয়াৰ দ্বাৰা অতিৰিক্ততা হ্ৰাস হব৷

এই বিধেয়কক পৰৱৰ্তী সদনৰ সময়চোৱাত উত্থাপন কৰা হব৷

বিৱৰণঃ

দন্ত চিকিৎসক অধিনিয়ম, ১৯৪৮ৰ নিম্ন ধাৰাসমূহত সংশোধন কৰা হব৷

. অধিনিয়মৰ খণ্ড ৩ উপখণ্ড (এফ)ৰ অধীনত ভাৰত দন্ত চিকিৎসা পৰিষদৰ সদস্যতা, আৰু

. অধিনিয়মৰ খণ্জ ২১ উপখণ্ড (বি) আৰু খণ্ড ২৩ উপখণ্জ (বি)ৰ অধীনত ৰাজ্য আৰু সংযুক্ত ৰাজ্য দন্ত চিকিৎসা পৰিষদৰ সদস্যতা৷

পৃষ্ঠভূমিঃ

অধিনিয়মৰ ব্যৱস্থাপনাৰ অধীনত খণ্ড ২ত উল্লিখিত ভাৰতীয় দন্ত চিকিৎশা পৰিষদত দন্ত চিকিৎসকৰ প্ৰতিনিধিৰ ৰূপত কেন্দ্ৰ চৰকাৰৰ সদস্য আৰু ৰাজ্যিক দন্ত চিকিৎসা পৰিষদ খণ্ড (বি)ৰ পৰা নিৰ্বাচিত ৪/২ সদস্যৰ প্ৰাসংগিকতা সমাপ্ত হৈছে৷ প্ৰতিনিধিত্বৰ ব্যৱস্থাপনাৰ অতিৰিক্ততা হ্ৰাস কৰাৰ বাবে কেন্দ্ৰ চৰকাৰে এই ব্যৱস্থাপনাসমূহৰ সমাপ্ত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে যাতে প্ৰতিনিধিত্বৰ অনিৰ্বাযতা নোহোৱা কৰিব পাৰি৷

*******

AKT/AK/MANN



(Release ID: 1574730) Visitor Counter : 72