প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ঝাৰখণ্ডত বহুমুখী বিকাশ প্ৰকল্পৰ আধাৰশিলা স্থাপন সমাৰোহত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণ

Posted On: 05 JAN 2019 5:15PM by PIB Guwahati

মঞ্চত উপৱিষ্ট ঝাৰখণ্ডৰ ৰাজ্যপাল শ্ৰীমতী দ্ৰৌপদী মুৰ্মু জী, ৰাজ্যৰ মুখ্য মন্ত্ৰী শ্ৰীমান ৰঘুবৰ দাস জী, মন্ত্ৰীসভাৰ সহযোগী শ্ৰীমান সুদৰ্দশন ভগত জী, বিহাৰ আৰু ঝাৰখণ্ডৰ পৰা অহা সংসদৰ মোৰ সতীৰ্থসকল, ঝাৰখণ্ড মন্ত্ৰীসভাৰ মাননীয় সদস্য তথা বিধায়কসকল আৰু ইয়াত আহি উপস্থিত হোৱা এই বিশাল সংখ্যক শ্ৰদ্ধাৰ ৰাইজ আৰু আইসকল, আপোনালোকক মূৰ দোৱাই অভিনন্দন জনাইছো, নমস্কাৰ কৰিছোঝাৰখণ্ডৰ বিকাশৰ যাত্ৰাৰ সাক্ষী আপোনালোক আচলতে এই বিকাশ-যাত্ৰাৰ অংশীদাৰো। আপোনালোকৰ সহযোগৰ সুবাদতহে এই বিকাশৰ যাত্ৰাই দ্ৰুত গতি লাভ কৰিছে। ২০১৯ চনৰ আৰম্ভ হৈছে আৰু বছৰটোৰ প্ৰথমটো সপ্তাহতে মই আহি আপোনালোকৰ মাজত উপস্থিত হৈছোহি। পোণতে আপোনালোক আটাইকে নতুন বছৰৰ বহুত বহুত শুভকামনা জ্ঞাপন কৰিছো।

     বীৰ প্ৰসৱিনী ধৰিত্ৰী এই পলানো, যৰ জীৱনৰ সৈতে ইংৰাজ শাসকক নগুৰ-নাগতি কৰা মহান স্বতন্ত্ৰতা সেনানী নীলাম্বৰ-পীতাম্বৰৰ গৌৰৱ গাঁথা সংপৃক্ত হৈ আছে। এই ধৰিত্ৰীৰ প্ৰতিগৰাকী সু-সন্তান, বীৰ-বীৰাংগণাক আমি সকলোৱে প্ৰণিপাত জনাও। মই প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ সেই ২৫হাজাৰ হিতাধিকাৰী, যিসকলে আজি তেওঁলোকৰ বাবে আৱণ্টিত হোৱা নতুন পকী ঘৰত প্ৰৱেশ কৰিব, তেওঁলোককো বিশেষ ভাবে অভিনন্দন জ্ঞাপন কৰিছো। নতুন বছৰত নতুন পকী ঘৰ, ন পৰিৱেশত আপোনালোকৰ সপোনবোৰ নিশ্চয় সাৰ্থক  হব, এই কামনাৰে আপোনালোকলৈ পুনৰবাৰ অনেক আভিনন্দন জনালো।

         বন্ধুসকল, কৃষিৰে জড়িত কৃষকৰ জীৱন সলনি কৰিব পৰা চাৰে তিনি হাজাৰ কোটি টকাৰো অধিক পৰিমাণৰ ধন ৰাশিৰে সম্পন্ন হব লগা পৰিযোজনাৰ আধাৰশিলা স্থাপন কৰাৰ এক সুন্দৰ সুযোগ আজি মই লাভ কৰিছো। আজি যিটো জল-সিঞ্চন প্ৰকল্পৰ কাম আৰম্ভ হব সেইটো প্ৰকল্পই এই অঞ্চলৰ কৃষকৰ আয় দুগুণে বঢ়াবলৈ আমি কৰা প্ৰয়াসত বিশেষ অৰিহণা আগবঢ়াব। জল-সিঞ্চনত খৰছ কম হলে খেতিয়কসকলৰ কৃষিৰ ব্যয় আপোনা-আপুনিয়েই কমি যাব। সেয়ে পাৰম্পৰিক পদ্ধতিৰ লগতে নতুন পদ্ধতিসমূহকো কৃষকৰ কাষ চপাই নিয়াৰ বাবে বৰ্তমানৰ চৰকাৰে ব্যাপক পদক্ষেপ অব্যাহত ৰাখিছে। প্ৰায় ১২০০কোটি টকাৰ পৰিমাণৰ পুঁজিৰে সম্পূৰ্ণ হব লগা সোণ কোঁহৰ পাইপ লাইন যোজনাৰে এই অঞ্চলৰ প্ৰায় ১৪হাজাৰ হেক্টৰ ভূমিত পানীৰ যোগান নিশ্চিত কৰিব পৰা যাব। ইয়াৰ লগতে অঞ্চলটোৰ ৩ লাখতকৈয়ো অধিক লোকৰ খোৱা-পানীৰ সমস্যাৰো সমাধান কৰিব পৰা যাব এই প্ৰকল্পৰে। এই যোজনাৰ অধীনত ২৫ কিলোমিটাৰৰো অধিক দীঘল পাইপ লাইন মাটিৰ তলৰে বঢ়ুওৱাৰ ব্যৱস্থা কৰা হব, অৰ্থাত মাটিত খেতিও হব আৰু একে সময়তে জল-সিঞ্চনৰো ব্যৱস্থা অব্যহত থাকিব।

     বন্ধুসকল, কৃষক ৰাইজৰ সবলীকৰণৰ বাবে পূৰ্বৰ চৰকাৰৰ আন্তৰিকতা কিমান আছিল সেই কথাৰ উমান ইয়াৰ উত্তৰ কোয়ল যোজনাৰ বাস্তৱ অৱস্থালৈ লক্ষ্য কৰিলেই পোৱা যাব। মণ্ডল বান্ধ প্ৰকল্পকো ইয়াৰ উত্কৃষ্ট নিদৰ্শন বুলিব পাৰি। বিগত ৪৭টা বছৰে, অৰ্থাত প্ৰায় আধা শতিকা ধৰি এই প্ৰকল্পটো অৰ্দ্ধ নিৰ্মিত অৱস্থাতে ধ্বংশস্থুপত পৰিণত হবলগীয়া হল। ১৯৭২ চনতে এই প্ৰকল্পৰ ফাইলৰ আদান-প্ৰদান আৰম্ভ হৈছিল, আৰু তেতিয়াৰে পৰা এই প্ৰক্ৰিয়া চলিয়েই আছে। বিগত ২৫ বছৰে এই প্ৰকল্পৰ কাম এক প্ৰকাৰে বন্ধ হৈ আছে।

      কওকচোন, বান্ধ এটা নিৰ্মাণ কৰিবলৈ বাৰু আধা শতিকাৰ প্ৰয়োজন হব   লাগেনে! খৰাং পীড়িত এলেকা এটাৰ কৃষক ৰাইজৰ প্ৰতি কৰা ই এক দায়িত্ব জ্ঞানহীন অপৰাধ নহয়নে! বন্ধুসকল, এয়া কৃষকৰ প্ৰতি কৰা ঠগ-বাজিৰ নিদৰ্শনতো হয়েই বৰং ই সত্ কৰদাতা ৰাইজৰ প্ৰতি কৰা প্ৰতাৰণাৰো নিদৰ্শন। যিটো প্ৰকল্প মাত্ৰ ৩০কোটি টকাৰে সম্পূৰ্ণ হব লাগিছিল সেইটো প্ৰকল্প এতিয়া ২হাজাৰ ৪০০কোটি টকাৰে সম্পূৰ্ণ হবগৈ। অৰ্থাত্ দেশৰ কৰদাতাই এতিয়া এইটো প্ৰকল্পৰ বাবে প্ৰায় ৮০গুণ অধিক পৰিমাণৰ মূল্য ভৰিবলগীয়া হব। আপোনালোকে কওকচোন যিসকলে এনে কাণ্ড কৰিলে তেওঁলোক বাৰু সমাজৰ শত্ৰু নহয়নে, তেওঁলোক কৃষকৰ শত্ৰু নহয়নে, তেওঁলোক আপোনাৰ, তেওঁলোক বিহাৰ-ঝাৰখণ্ডৰ শত্ৰু নহয়নে! এইসকল অপৰাধীৰ শাস্তি হব লাগেনে নেলাগে বাৰু! এইসকলৰ বিৰুদ্ধে মোডীয়ে যুঁজিব লাগেনে নাই! এজন চকীদাৰে এই কাম কৰা উচিত নে নাই!

      স্বাধীনতাৰ পিচত দেশ কেনেকৈ চলিছে এইবোৰ তাৰেই জীয়া উদাহৰণ। এয়া দৰাচলতেই গৱেষণা কৰিবলগীয়া এক বিষয়। এই প্ৰকল্পৰ আৱস্থাটোৱে দৰাচলতে ইমানদিনে বিহাৰ কিম্বা ঝাৰখণ্ডৰ ৰাইজৰ প্ৰতি কৰি অহা অন্যায়ৰ প্ৰকৃত স্বৰূপটোকে উদঙাই দেখুৱাইছে। আচলতে একাংশই কৃষক ৰাইজক কেৱল ভোট-বেংক হিচাপে গণ্য কৰে আৰু আন একাংশই গণ্য কৰে অন্নদাতা হিচাপে। কব পাৰে যিসকল আগতে আছিল তেওঁলোকে কৃষকক ভোট বেংক বুলি ভাবিছিল যদিও আমি পিছত অহাবোৰে আপোনালোকক আমাৰ অন্নদাতা বুলিয়ে অন্তৰৰে মানি আহিছো। সেয়ে আমাৰ অন্নদাতাসকলৰ বাবে, তেওঁলোকৰ অসুবিধা আঁতৰোৱাৰ বাবে আমি পৰম আন্তৰিকতাৰে কিবা কৰাৰ প্ৰয়াস কৰিছো। কোনোবাই হয়তো ভাবিব পাৰে ইমানদিনে পৰি থকা কাম এটাহে এওঁলোকে কৰিবলৈ আহিছে, এয়া কিবা কাম হলনে! কথাটো কিন্তু ইমান সৰু নহয়। দ্বীতিয়তে আজি-কালি ভাৰতবৰ্ষত পানীৰ বাবে এখন ৰাজ্যই আন এখন ৰাজ্যৰ সৈতে কাঁজিয়াত লিপ্ত হবলগীয়া হৈছে। হোৰা-হোৰে পানী বৈ গৈ সাগৰত পৰিছেগৈ, কিন্তু ৰাজনৈতিক স্বাৰ্থৰ বাবেই পানীক লৈয়ে এই যুঁজ অব্যাহত আছে। আনকি এই যুঁজ গৈ উচ্চতম ন্যায়ালয়ো পাইছেগৈ। আজিৰ এই অৱস্থা দেশৰ ৰাইজে অৱশ্যেই লক্ষ্য কৰা উচিত। মই বিহাৰৰ মুখ্য মন্ত্ৰী, মোৰ মিত্ৰ নীতিশ কুমাৰ জীক অভিনন্দন জনাইছো। মোৰ ব্ন্ধু ঝাৰখণ্ডৰ মুখ্য মন্ত্ৰী ৰঘুবৰ দাস জীকো অভিনন্দন জনাইছো, কিয়নো দুয়োখন ৰাজ্যৰ চৰকাৰে উচিত বিবেচনাৰে দুয়োখন ৰাজ্যৰ কল্যাণৰ বাবে উমৈহতীয়া ভাবে মিলি এই প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰিবলৈ বদ্ধ-পৰিকৰ হৈছে। মই দুয়োখন ৰাজ্যৰ সাংসদসকলকো শুভবাদ দিব খুজিছো, কিয়নো দুয়োখন ৰাজ্যৰ সকলো সাংসদে যেতিয়াই মোক লগ কৰিবলৈ গৈছিল তেতিয়াই দেখিছিলো তেওঁলোকে কেৱল নিজৰ নিজৰ ৰাজ্যৰ কথা নকৈ, বৰং দুয়োখন ৰাজ্যৰ সমস্যাৰ উমৈহতীয়া সমাধানৰহে পোষকতা কৰিছিল। আৰু আজিৰ এই কাৰ্যক্ৰম তেওঁলোকৰ সেই আন্তৰিকতাৰে ফল বুলি কলেও বঢ়াই কোৱা  নহব। তেওঁলোকৰ অচৰণত মই মুগ্ধতো হৈছোৱেই, বৰঞ্চ এয়া দেশৰ অন্য ৰাজ্যসমূহৰ বাবেও আদৰ্শনীয় বুলিও মই অনুভৱ কৰিছো।

      বন্ধুসকল, আজি কিছুমান মানুহে খেতিয়ক ৰাইজৰ ঋণ মাফ কৰাৰ নামত অভুৱা ভাৰিবলৈ লোৱা পৰিলক্ষিত হৈছে। তেওঁলোকে  ৰাইজক মিছা কথা কৈছে। মই ভাবো সেইসকল লোকে আচলতে উত্তৰ কোয়ল পৰিযোজনাৰ নামেই শুনা নাই কিজানি। সেইসকলে আনকি উত্তৰ কোয়ল কিবা পক্ষীৰ নামেইনে কোনোবা বান্ধৰ নামেই সেই কথাও জানে নে নাই মোৰ সন্দহ আছে। তেওঁলোকৰ চৰকাৰ যেতিয়া কেন্দ্ৰত আছিল তেতিয়া তেওঁলোকে এই বান্ধৰ প্ৰতি কাণসাৰেই দিব খোজা নাছিল। ইয়াৰ পৰিণতিতে প্ৰকল্পটোৰ কাম ইমান দিনে ওলমি থাকিবলগীয়া হল।

       ভাই-ভনীসকল, যেতিয়া আমাৰ চৰকাৰ আহিল তেতিয়া আমি কৃষকৰ পথাৰলৈ পানীৰ যোগান সু-নিশ্চিত কৰাৰ দায়িত্ব কান্ধ পাতি ললো। তাকে কৰিবলৈ গৈ আমি যেতিয়া পুৰণি ফাইল মোকলাবলৈ ধৰিলো আমাৰ চকু  কপালত উঠিবলৈ ধৰিলে। এনেকৈয়োনো কাম কৰেনে! আপোনালোকে বিশ্বাসেই কৰিবলৈ টান পাব। কেৱল উত্তৰ কোয়লেই নহয় এনে অসংখ্য পৰিযোজনা আছে, যত কেতিয়াবাই  বান্ধ নিৰ্মাণ হল যদিও আজিও কিন্তু জল-ভাণ্ডাৰৰ কাম আগ নাবাঢ়িল। কৰবাত আকৌ জল-ভাণ্ডাৰ যদি নিৰ্মাণ কৰা হল তাত আকৌ বান্ধৰ  নামতমাটি এচপৰাও নপৰিল। এয়াই তেওঁলোকৰ কামৰ নমুনা। তেওঁলোকৰ কাণ্ডজ্ঞানহীনতাৰ বাবেই দেশত কত টকাৰ শৰাধ হল! কত মাটীৰ আলাই-আথানি হল, কতজন কৃষকৰ মৃত্যু হল! এনেকৈয়ে কাম চলি আছিল। কৃষক ৰাইজৰ জীৱনৰে এনেকৈয়ে হেতালি খেলি থকা হৈছিল। মই এনে আৰ্ধ সমাপ্ত পৰিযোজনাসমূহৰ তালিকা প্ৰস্তুত কৰাই, ইয়াৰ বাবে ধন ধাৰ্য কৰি প্ৰধান মন্ত্ৰী সিঞ্চন অভিযানৰ শুভাৰম্ভ কৰিলো। আজি এই অভিযানৰ সুবাদত এনেকুৱা ৯৯টা বৃহত্ পৰি-যোজনাৰ কাম সম্পূৰ্ণ হৈছে। যিবোৰৰ কাম ৩০-৩০, ৪০-৪০ বছৰ ধৰি পৰি ৰৈছিল অথবা কোনো কোনোটোৰ আকৌ ফাইলেই নোহোৱা হৈছিল।

বন্ধুসকল, আমি ইয়াৰ বাবে কিমান ধন খৰছ কৰিছো জানেনে, ৯০হাজাৰ কোটি টকা। কবলৈ গলে প্ৰায় এক লাখ কোটি টকা...এয়া হল আমাৰ কাম কৰাৰ ধৰণ। ভাই-ভনীসকল, মই যদি কেৱল ৰাজনীতিকে কৰিব বিচাৰিলোহেতেন তেতিয়াতো এইবোৰ কৰাৰ প্ৰয়োজনেই নাছিল। দিনে-ৰাতিয়ে কামৰ খটিয়ান লোৱাৰ প্ৰয়োজনেই নাছিল, ভাগে-ভাগে আমোলা-বিষয়াক দৌৰোৱাৰ প্ৰয়োজনেই নাছিল। ৰাইজক যদি ভোট-বেংকেই কৰি ৰাখিব লাগে তেন্তে দেখোন ১ লাখ কোটি টকা কৃষকৰ ঋণ মাফ কৰি দিয়াৰ ব্যৱস্থা কৰাটোৱেই সহজ পন্থা হলহেতেন। পিছে মই কৃষকক ফাঁকি দিয়াৰ পথ লব খোজা নাই। তেনে পাপ মই কৰিব খোজা নাই। ঋণ মাফেৰে এদল খেতিয়কক এটা বছৰৰ বাবে সকাহ দান কৰিব পাৰি, কিন্তু ১ লাখ কোটি টকাৰে নিৰ্মাণ কৰা বান্ধেৰে বহু প্ৰজন্মৰ  কৃষকৰ মংগল সাধন কৰিব পাৰি। তেওঁলোক যাতে কেতিয়াও ধৰুৱা হব লগা নহয় তাৰ ব্যৱস্থা আমি কৰিছো। আমি ভোট-বেংক নহয় বৰং কৃষক ৰাইজৰ সবলীকৰণৰ কাম কৰিছো। ভোটৰ বাবে কৃষকক আভুৱা ভৰাসকলে কৃষকক ভোট-বেংক কৰি থব বিচাৰিছিল, যুৱক-যুৱতীসকলক নিষ্কৰ্মা কৰি ৰাখিব খুজিছিল। তেওঁলোকে আইসকল, বাই-ভনীসকলক অসুৰক্ষিত কৰি ৰাখিব খুজিছিল। দৰাচলতে তেওঁলোকে সকলো কথাৰ বাবে ৰাইজক চৰকাৰৰ ওপৰত নিৰ্ভৰশীল হৈ থকাতো কৰিব বিচাৰিছিল। আৰু এতিয়া মই তেওঁলোকৰ সেই ব্যৱস্থাটোকে সমূলে আঁতৰাই পেলোৱাৰ বাবে প্ৰয়াস কৰিব খুজিছো।

দেশ চৰকাৰৰ দ্বাৰা চলিব নালাগে। দেশ চলিব লাগে দেশবাসীৰ দ্বাৰাহে। দেশ আমাৰ বাবে নহয়, দেশ আপোনালোকৰ বাবেহে হোৱা উচিত, আপোনালোক ভৰষাতহে চলা উচিত। সেই আশাৰেই আমি কাম কৰি আছো। ভাই-ভনীসকল, চৰকাৰৰ নিৰন্তৰ প্ৰয়াসৰ ফলতে আজি বহুবোৰ প্ৰকল্পৰ কাম সম্পূৰ্ণ হৈছে অথবা বহু সংখ্যকৰ কাম শেষ হোৱাৰ পথত আগবাঢ়ি আছে। দেশৰ উজ্জ্বল ভৱিষ্যৰ বাবে, আমাৰ অন্নদাতা কৃষক ৰাইজক সবল কৰি তোলাৰ বাবে কাম কৰি যোৱাটো আমি আমাৰ ধৰ্ম বুলি গণ্য কৰিছো। বন্ধুসকল, কৃষক ৰাইজৰ সবলীকৰণৰ লক্ষ্যৰে কাম কৰিব বিচৰা আমাৰ চৰকাৰে খেতিৰ লগতে কৃষকৰ আশ্ৰয়-স্থলৰ ব্যৱস্থা কৰাৰো পদক্ষেপ গ্ৰহণ কৰিছে। সেই উদ্দেশ্যে আজি প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ অধীনত ইয়াৰ ২৫ হাজাৰ কৃষকক নতুন পকী ঘৰ প্ৰদানৰো দিহা কৰা হৈছে। বন্ধুসকল, চাৰে চাৰি বছৰ পূৰ্বে আপোনালোকে যেতিয়া ভাৰতীয় জনতা পাৰ্টীক চৰকাৰ গঠনৰ সুযোগ দান কৰিছিল আমি তেতিয়া দেশৰ দৰিদ্ৰ, গৃহহীনসকলৰ ওচৰত এটা কথা দিছিলো। সেয়া আছিল ২০২২চনৰ ভিতৰত দেশৰ প্ৰতিগৰাকী নাগৰিকক একোটা আৱাস গৃহৰ নিশ্চয়তা প্ৰদান কৰা। এই লক্ষ্যত উপনীত হবলৈকে আমাৰ চৰকাৰে প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ কাম হাতত লৈছিল। চহৰ আৰু গাঁৱৰ বাবে পৃথকে পৃথকে আৰম্ভ কৰা এই যোজনাক লৈ পোণতে  বহুতে বহুত কথা কোৱা-মেলা কৰিছিল। বহুতে কব খুজিছিল--এয়া কিবা আগতে কৰা হোৱা নাছিল নে! আগতে কৰা কামবোৰকে কেৱল নাম সলাই এতিয়া কৰিবলৈ লোৱা হৈছে। ইয়াত নতুনত্ব একো নাই। ৰাইজ এইবোৰ কথাত কোনো সত্যতা নাই। বৰঞ্চ দেশৰ..., মই কম আগৰ আৰু এতিয়াৰ কামৰ মাজত ব্যাপক পাৰ্থক্য আছে। আঁচনিৰ নামৰ সাদৃশ্য থাকিলেও আমাৰ কাম কৰাৰ পদ্ধতিৰ যে পাৰ্থক্য আছে সেই কথাকে মই আজি ঝাৰখণ্ডৰ এই পবিত্ৰ ভূমিৰ পৰা দেশৰ জনতাক অৱগত কৰাব খোজো। ভাই-ভনীসকল, দুখীয়াৰ বাবে ঘৰ নিৰ্মাণ আঁচনি আগতেও লোৱা হৈছিল। পিছে সেই আঁচনিৰ নামৰ আগত কোনোবা পৰিয়ালৰ কোনোবা সদস্যৰ নাম জড়িত হৈ আছিল। তেতিয়া দুখীয়াৰ ঘৰৰ কামতকৈ কৰোবাৰ নামৰ গুৰুত্ব বেছি আছিল। আমি দুখীয়াৰ বাবে উচৰ্গিত আঁচনিৰ নামৰ আগত নিজৰ নাম লগোৱাৰ কথা ভবাৰ পৰম্পৰা নোহোৱা কৰিব খুজিলো। সেয়ে আমাৰ নতুন আঁচনিৰ নাম কেৱল প্ৰধান মন্ত্ৰী আৱাস যোজনা বুলিহে ৰাখিলোএতিয়াৰ পৰা প্ৰধান মন্ত্ৰী যিয়েই নহওক কিয় তেওঁৱেই এই আঁচনিৰ কাম বিনা দ্বিধাই আগুৱাই নিব পাৰিব। নামৰ বাবে কোনো কাঁজিয়া নকৰাকৈয়ে কামত অগ্ৰসৰ হব পাৰিব।

     আপোনালোকে বাৰু কব পাৰিবনে আগতেতো বহুত ডাঙৰ ডাঙৰ নেতাৰ নামত বহুত ঘৰ বনোৱা হৈছিল, সেইবোৰ ঘৰ বৰু কত আছে! কাগজে-পত্ৰইতো এইবোৰ ঘৰৰ কথা সঘনাই শুনিয়েই আছিলো, কিন্তু বাস্তৱত! ঘৰবোৰ গল কলৈ! ইমানবোৰ টকা কলৈ গল! ইমনবোৰ মানুহেইবা গল কলৈ। ভাই-ভনীসকল কথাবোৰ কিন্তু এনেকৈয়ে চলি আছিল। আগৰ যোজনা ৰূপায়ণ হৈছিল কেনেকৈ! যেতিয়ালৈকে নেতা-পালিনেতাই, আনকি তেওঁলোকৰ আত্মীয়-কুটুমে দক্ষিণা নাপাই তেতিয়ালৈকে নাম তালিকাত আপোনালোকৰ সোমোৱাৰ নামেই নলয়। বন্ধুসকল, আগৰ আৱাস যোজনাৰ ঘৰ কোনে পাব, কেনেকৈ পাব, ইয়াৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ মাজত কিমান যে খেল চলিছিল! দালালৰ দৌৰাত্ম্য চলিছিল! এই যে মোৰ সন্মুখত বহি আছে প্ৰধান মন্ত্ৰী  আৱাস যোজনাৰ ঘৰ লাভ কৰা ২৫হাজাৰ হিতাধিকাৰী, আপোনালোকৰ হাতে হাতে থকা ঘৰ প্ৰাপ্তিৰ প্ৰমাণ-পত্ৰবোৰেই মোৰ চৰ্টিফিকেট! মই সাৰ্বজনীন ভাবেই সুধিছো, কওকচোন বাৰু, প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ ঘৰ এটা পোৱাৰ বাবে আপোলোকে কৰোবাক ঘোঁচ দিব লগা হৈছে নে কি! ঘৰ দিয়াৰ নামত কোনোবাই আপোনালোকক টকা-পইচা বিচাৰিছিল নোকি! আপোনালোকক মই ন দি কব খোজো  আমাৰ ইয়াত মধ্যভোগীৰ কোনো স্থান নাই। ঘোঁচ-খোৰৰ কোনো স্থান নাই। আৰু সেয়ে দুখীয়াৰ বেংক খাটাত পোণে-পোণে ধন জমা কৰাৰ ব্যৱস্থা কৰা হৈছে। হিতাধিকাৰীৰ নাম তালিকা প্ৰস্তুত কৰাৰ ক্ষেত্ৰতো বৈজ্ঞানিক পদ্ধতি ব্যৱহাৰ কৰা হৈছে। ২০১১ চনৰ লোক পিয়লৰ আধাৰত... আৰু আগতেতো বিপিএল তলিকা, আৰু ইয়াকো আকৌ সলনি কৰি থকা হৈছিল। তালিকাত নাম নাপাই মানুহে হাবাথুৰি খাবলগীয়া হৈছিল। ওজৰ-আপত্তিৰ সীমা-সংখ্যা নোহোৱা হৈছিল। মধ্য-ভোগী দালালৰ উত্পাতত সাধাৰণ মানুহৰ অৱস্থা নোহোৱা হৈছিল। আমি প্ৰধান মন্ত্ৰী আৱাস যোজনা ৰূপায়ণৰ প্ৰথমিক ব্যৱস্থা হিচাপেই এই অৱস্থাৰ শুধৰণিত গুৰুত্ব দিছিলো। এতিয়া ২০১১ চনৰ লোক পিয়লৰ আধাৰত গাঁওসভাই হিতাধিকাৰীৰ তালিকা প্ৰস্ত্তত কৰে। নিৰ্বাচিত হিতাধিকাৰীৰ তিলিকা গাঁও পঞ্চায়তৰ দেৱালত ওলোমাই ৰখাৰ ব্যৱস্থা কৰা হৈছে। কোন কোন ব্যক্তিয়ে ঘৰ লাভ কৰিছে এই কথা গাঁওবাসীয়ে জনাতো আৱশ্যক। আৰু যদি কিবা কাৰণত কৰোবাৰ নাম তালিকাত নোসোমাল, তেওঁ কিম্বা তেওঁৰ হৈ গাঁওবাসীয়ে, এই কথাৰ বিৰুদ্ধে আপত্তি দৰ্শোৱাৰ পূৰ্ণ সুযোগ লাভ কৰিব। দৰাচলতে এতিয়া দুখীয়া-দৰিদ্ৰসকলে যাতে ঘৰ এটা লাভ কৰে, প্ৰতিটো স্তৰতে সেই কথা নিশ্চিত কৰা প্ৰয়াস কৰা হৈছে। অথচ, আগতে তালিকাৰ পৰা কেনেকৈ হিতাধিকাৰীৰ নাম কাটিব পাৰি, আৰু তাকে কৰি কেনেকৈ দালালৰ জেপ গৰম কৰাব পাৰি তাৰহে সুন্দৰ ব্যৱস্থা কৰা হৈছিল। এনে ধৰণৰ কাণ্ড-কাৰখানাই চলি আহিছিল। ভাই-ভনীসকল এতিয়া এই অৱস্থাৰ অন্ত পেলোৱা হৈছে। আজি যি সকলে ঘৰ লাভ কৰিছে তেওঁলোকেই এই কথাৰ একো একোজন সাক্ষী। আজি হিতাধিকাৰীসকলৰ অন্ লাইন পঞ্জীয়ন কৰা হয়। তাৰ পিচত তেওঁলোকৰ বেংক খাটাৰ সত্যতা নিশ্চিত কৰা হয়। হিতাধিকাৰীসকলৰ বেংক খাটালৈ যাতে তেওঁলোকৰ বাবে আৱণ্টিত ধনৰাশি প্ৰেৰণ কৰিব পৰি সেয়া নিশ্চিত কৰিবলৈকে এইয়া কৰা হৈছে। এতিয়া আহো ঘৰ নিৰ্মাণৰ তদাৰকীৰ প্ৰসংগলৈ। আগতে কেনেকৈ আৱাস আঁচনিৰ ঘৰ নিৰ্মাণ কৰা হৈছিল সেয়াতো আপোনালোকেও দেখিছিল। সেই অৱস্থাৰ এতিয়া আমূল পৰিৱৰ্তন কৰা হৈছে। এতিয়া প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ অধীনত নিৰ্মাণ কৰা প্ৰতিটো ঘৰৰ নিৰ্মাণ কাৰ্য চোৱা-চিতাৰ বাবে, আৰু ইয়াৰ মান সুনিশ্চিত কৰাৰ বাবে আমি এক নতুন ব্যৱস্থা আৰম্ভ কৰিছো। এই ব্যৱস্থা অনুসৰি নিৰ্মাণৰ তিনিটা স্তৰত ঘৰ একোটাৰ ফটো লোৱা হয়। জিও-ট্ৰেকিং ব্যৱস্থাৰে ইয়াৰ স্থান আৰু স্থাপন সংক্ৰান্তীয় সত্যতা নিশ্চিত কৰা হয়। আৰু এনে ফটো যিকোনো মানুহে দেখা পোৱাকৈ আঁৰি থোৱাৰো ব্যৱস্থা কৰা হয়।

     বন্ধুসকল, আগতে যিবোৰ ঘৰ হিতাধিকাৰীক প্ৰদান কৰা হৈছিল তাত কেৱল চাৰিখন বেৰৰে আগুৰা কোঠা একোটাহে দিয়া হৈছিল। কিন্তু এতিয়া ঘৰ এটাত থাকিবলগা সকলো সুবিধা সংলগ্ন কৰিহে হিতাধিকাৰীৰ হাতত অৰ্পণ কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। বিজুলী-বাঁতিৰ সংযোজন, ৰন্ধন গেছৰ সংযোজন, শৌচালয় আদিও ঘৰৰ সৈতে দিয়াৰ ব্যৱস্থা কৰা হৈছে। আগতকৈ ঘৰৰ আকাৰ বঢ়োৱা হৈছে। আনকি আৰ্হিৰ ক্ষেত্ৰতো বহুকেইটা বিকল্প উপলব্ধ কৰোৱা হৈছে। ঘৰসমূহত যথা সম্ভৱ থলুৱা উপকৰণ ব্যৱহাৰত গুৰুত্ব আৰোপ কৰা হৈছে। এইবোৰ কথা যিহেতু আপোনালোকে নিজেই প্ৰত্যক্ষ কৰিছে সেয়ে ইয়াৰ বাখ্যা আপোনালোকক নিদিলেও হলহেতেন। পিচে এনে বহু লোক আছে যিয়ে এইবোৰ কথাৰ ভূ-ভা নাপায়, অথবা পালেও লব নোখোজে, অথচ কথাবোৰ কিন্তু সকলোৱে জনাতো দৰকাৰ। সেয়ে আপোনালোকৰ জৰিয়তে সকলোকে এই কথা জনোৱাতো প্ৰয়োজন বুলি ভাবিছো। পূৰ্বৰ চৰকাৰে পাঁচ বছৰত কেৱল ২৫লাখ ঘৰহে নিৰ্মাণ কৰিবলৈ সক্ষম হৈছিল। কিন্তু আপোনালোকৰ সেৱা কৰিবলৈ অহা মোডীয়ে পাঁচ বছৰৰো কম সময়ত ১কোটি ২৫লাখ ঘৰ নিৰ্মাণ কৰি দেশৰ দৰিদ্ৰ জনতাৰ প্ৰতি আন্তৰিকতা প্ৰদৰ্শন কৰিছে। তেওঁলোকৰ তুলনাত এই পৰিমাণ ৫গুণ অধিক। অৰ্থাত পাঁচোটা বছৰত আমি কৰা কামখিনি কৰিবলৈ তেওঁলোকক ২৫বছৰ লাগিলহেতেন। কেৱল ইমানেই নহয়, আগতে একোটা ঘৰ নিৰ্মণ কৰি উলিয়াবলৈ তেওঁলোকক গড়ে ১৮ মাহৰ প্ৰয়োজন হৈছিল। কিন্তু এতিয়া আমি যেনেকুৱা প্ৰযুক্তি, যেনেকুৱা ব্যৱস্থা আৰু সংসাধন ব্যৱহাৰ কৰিছো, যাৰ জৰিয়তে ১২টা মাহৰ ভিতৰতে এনেবোৰ ঘৰত মানুহে বাস কৰিব পৰা হৈছে। বন্ধুসকল, ইমানদিনে আমাৰ দেশত ঘৰ-বাৰী, গাড়ী-মটৰ আনকি সামান্য সম্পত্তি এটাও কেৱল গৃহস্থৰ নামতহে
হৈছিল। তেওঁৰ স্বৰ্গবাস হলে তেওঁৰ পুত্ৰৰ নামতহে সম্পত্তিৰ উত্তৰাধিকাৰিত্ব হস্তানন্তৰিত হৈছিল। বেচেৰী মাৰ নামত একোকে নাছিল। এই প্ৰথমবাৰ আমি প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ ঘৰসমূহ পৰিয়ালৰ মূল মহিলাগৰাকীৰ নামত আৱম্টন দিয়াৰ ব্যৱস্থা কৰিছো। আমাৰ মাতৃ-ভগ্নীৰ নামত থকা বেংকৰ খাটাত পইচা জমা হোৱাৰ ব্যৱস্থা কৰা হৈছে। দৰাচলতে আই-মাতৃ, বাই-ভনীসকলৰ সবলীকৰণৰ প্ৰয়াস কৰা হৈছে।

     দেশৰ গৃহহীন জনতাক একোটা ঘৰ প্ৰদানৰ বাবে আমি দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ আমি খৰটকীয়াকৈ কামত আগবাঢ়িব খুজিছো। ২০২২ চনৰ ভিতৰত দেশৰ প্ৰতি গৰাকী গৃহহীন নাগৰিকক ঘৰ দানৰ বাবে আমি কৰা পণ সম্পূৰ্ণ কৰিবলৈ উঠি পৰি লাগিছো। স্বাধীনতাৰ ইমান বছৰৰ পিচত এই প্ৰথম বাৰ আমাৰ চৰকাৰে দেশৰ মধ্যম বৰ্গৰ আৱাসৰ বাবে চিন্তা কৰিছে। ঘৰ নিৰ্মাণ বা ফ্লেট ক্ৰয়ৰ বাবে মধ্যম বৰ্গলৈ আৰ্থিক সহযোগিতা আগবঢ়োৱাৰ লগতে সুদৰ ক্ষেত্ৰতো সকাহ দানৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। সেই অনুসৰি ঘৰ নিৰ্মাণৰ বাবে মধ্যম বৰ্গীয় পৰিয়াল একোটাই গ্ৰহণ কৰা ঋণৰ ধন ৰাশি যদি নিৰ্ধাৰিত ২০ বছৰৰ ভিতৰত ওভটাই দিয়ে তেন্তে তেনে পৰিয়ালক ৬লাখ টকা ৰেহাই দিয়াৰ বাবে চৰকাৰে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।

      ভাই-ভনীসকল, ঝাৰখণ্ড ইয়াৰ আদিবাসী, ইয়াৰ সাধাৰণ জনতাৰ সংগ্ৰামৰ পৰিণতিত সৃষ্টি হোৱা ৰাজ্য। এইখন ৰাজ্য আপোনালোক আটাইৰে আকাংক্ষাৰ প্ৰতীক। অটল জীৰ চৰকাৰে এই ৰাজ্যক ন্যায্যতা প্ৰদান কৰিছিল। ইয়াৰ সন্তুলিত আৰু সামগ্ৰীক বিকাশৰ গতি ত্বৰান্বিত কৰাৰ বাবে কেন্দ্ৰ আৰু ঝাৰখণ্ড চৰকাৰে আন্তৰিকতাৰে কাম কৰি আছে। সকলোৰে লগত সকলোৰে বিকাশ আমাৰ পাথেয় হোৱাৰ লগতে আমাৰ লক্ষ্যও। এই ভাৱনাৰ পৰিণতিতে সাকাৰ ৰূপ পৰিগ্ৰহ কৰা আয়ুষ্মান ভাৰত যোজনা, যাক মোডী কেয়াৰ বুলিও নামকৰণ কৰা হৈছে, সেই যোজনাই ঘোষণাৰ মাত্ৰ তিনিটা মাহৰ ভিতৰতে লক্ষাধিক দৰিদ্ৰৰ জীৱন দান কৰিবলৈ সক্ষম হৈছে। মাত্ৰ ১০০দিনৰ ভিতৰতে দেশৰ বিভিন্ন প্ৰান্তৰ সহস্ৰ হাস্পতালত চাৰে ছয়-সাতলাখ ভাই-ভনীয়ে চিকিত্সা সেৱা লাভ কৰিছে। ইয়াত ঝাৰখণ্ডৰ প্ৰায় ২৮হাজাৰ হিতাধিকাৰীও আছে। বন্ধুসকল, এই যোজনাই ইমানেই বিস্তাৰ লাভ কৰিছে যে আজিৰ তাৰিখত প্ৰতি দিনে প্ৰায় ১০ হাজাৰ লোকে ইয়াৰ লাভ আদায় কৰিছে।

    ভাই-ভনীসকল, বিকাশৰ পঞ্চধাৰা অৰ্থাত শিশুৰ বাবে শিক্ষা, যুৱ-প্ৰজন্মৰ বাবে কৰ্ম সংস্থান, কৃষকৰ বাবে জল-সিঞ্চন, বৃদ্ধসকলৰ বাবে ঔষধৰ নিশ্চয়তা প্ৰদানৰে আমি এখন নতুন ভাৰত গঢ়াৰ ব্ৰতত ব্ৰতী হৈছো। আমাৰ এই যাত্ৰাত আপোনালোকৰ আশীৰ্বাদ আমাৰ পাথেয় হব। ঝাৰখণ্ডবাসীৰ আশীৰ্বাদ নিশ্চয় আমাৰ লগত থাকিব। সামৰণিত পুনৰবাৰ এই পৰিযোজনাৰ বাবে আপোনালোক আটাইলৈকে অভিনন্দন জনালো। আহক সকলোৱে একে স্বৰে ভাৰত মাতাৰ জয় গান গাওঁ।

      ভাৰত মাতা কী জয়

      ভাৰত মাতা কী জয়

      ভাৰত মাতা কী জয়

বহুত বহুত ধন্যবাদ।          

                                  

*****

AKT/HS/KB



(Release ID: 1563755) Visitor Counter : 53


Read this release in: English , Marathi