প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

গুৰু গোৱিন্দ সিংজীৰ জন্মবাৰ্ষিকীত প্ৰধানমন্ত্ৰীৰ ৩৫০ টকাৰ এক স্মাৰক মুদ্ৰা মুকলি গুৰু গোৱিন্দ সিঙৰ শিকনিয়ে মানৱতাক পথ প্ৰদৰ্শিত কৰে বুলি প্ৰধানমন্ত্ৰীয়ে কয় লোহৰি উপলক্ষে ৰাষ্ট্ৰবাসীক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন

Posted On: 13 JAN 2019 12:54PM by PIB Guwahati

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুৰু গোৱিন্দ সিংজীৰ জন্মবাৰ্ষিকী উপলক্ষে ৰাষ্ট্ৰৰ ৰাজধানীত ৩৫০ টকাৰ এক স্মাৰক মুদ্ৰা মুকলি কৰে৷ তেওঁ গুৰু গোৱিন্দ সিংজীৰ আদৰ্শ- আত্মত্যাগ মনোভাৱেৰে দেশ সেৱা, উৎসৰ্গিত মনোভাৱ, নায়কত্ব আৰু ত্যাগক প্ৰশংসা কৰি দেশবাসীক গুৰুজীৰ পথেৰে অগ্ৰসৰ হবলৈ আহ্বান জনায়৷

প্ৰধানমন্ত্ৰীয়ে স্মাৰক মুদ্ৰাটো মুকলি কৰাৰ পিছত ৭ লোক কল্যাণ মাৰ্গৰ তেওঁৰ বাসভৱনৰ পৰা উপস্থিত জনতাক সম্বোধন কৰে৷ শ্ৰী মোদীয়ে কয় যে গুৰু গোৱিন্দ সিংজী আছিল এজন অতুলনীয় যোদ্ধা, দাৰ্শনিক কবি আৰু গুৰু৷ তেওঁ উৎপীড়ন আৰু অন্যায়ৰ বিৰুদ্ধে সংগ্ৰামত লিপ্ত হৈছিল৷ তেওঁৰ শিকনিয়ে জনতাক জাতি আৰু ধৰ্মৰ বাধা নেওচি আগবাঢ়িবলৈ উৎসাহ প্ৰদান কৰে৷ তেওঁৰ প্ৰেম, শান্তি আৰু ত্যাগৰ বাৰ্তা আজিৰ দিনটো প্ৰাসংগিক হৈ আছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে গুৰু গোৱিন্দ সিংজীৰ মূল্যবোধ আৰু শিকনিয়ে অনাগত বৰ্ষসমূহতো মানুহক নিৰৱচ্ছিন্নভাৱে প্ৰণোদিত কৰি থাকিব৷ তেওঁ কয় যে স্মাৰক মুদ্ৰাটো গুৰুজীৰ সন্মান প্ৰদৰ্শনৰ এক ক্ষুদ্ৰ প্ৰয়াস স্বৰূপ৷ প্ৰধানমন্ত্ৰীয়ে জনতাক গুৰুজীয়ে দেখুৱাই যোৱা ১১- পন্থী পথত আগবাঢ়িবলৈ আহ্বান জনায়৷

প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰক লোহৰি উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে৷

ইয়াৰ পূৰ্বেও ৩০ ডিচেম্বৰ ২০১৮ তাৰিখে ৰেডিঅত সম্প্ৰচাৰ হোৱা মন কি বাতত প্ৰধানমন্ত্ৰীয়ে দেশবাসীক গুৰু গোৱিন্দ সিংজীৰ উৎসৰ্গিত মনোভাৱ আৰু ত্যাগৰ ভাৱনাক অনুসৰণ কৰিবলৈ আহ্বান জনাইছিল৷ ৫ জানুৱাৰী ২০১৭ তাৰিখে পাটনাত অনুষ্ঠিত হোৱা গুৰু গোৱিন্দ সিঙৰ ৩৫০তম জন্মজয়ন্তীত প্ৰধানমন্ত্ৰীয়ে উপস্থিত থাকি এক স্মাৰক ডাকটিকট মুকলি কৰিছিল৷ তাৰোপৰি ১৫ আগষ্ট ২০১৬ তাৰিখে লালকিল্লাৰ পৰাও প্ৰধানমন্ত্ৰী স্বাধীনতা দিৱসৰ ভাষণত গুৰু গোৱিন্দ সিংজীৰ আদৰ্শ আৰু মূল্যবোধক স্মৰণ কৰিছিল আৰু ১৮ অক্টোবৰ ২০১৬ তাৰিখে লুধিয়ানত ৰাষ্ট্ৰীয় এমএছএমই বঁটা প্ৰদান কৰিছিল৷

*****

AKT/VJ/VK/MANN



(Release ID: 1559956) Visitor Counter : 40