প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

বিশ্বজৈৱইন্ধনদিৱস, ২০১৮ৰশুভাৰম্ভকৰিদিয়াপ্ৰধানমন্ত্ৰীৰভাষণ

Posted On: 10 AUG 2018 7:51PM by PIB Guwahati

ইয়াতসমৱেত হোৱা সমাজৰ বিভিন্ন স্তৰৰ ৰাইজ আৰু আইসকল। বন্ধুসকল, আগষ্ট মাহে আমালৈ পবিত্ৰতা আৰু সিদ্ধান্ত গ্ৰহণৰ পৰিবেশ কঢ়িয়াই আনে। এইটো মাহে আমাক বিপ্লৱ আৰু দেশৰ বাবে প্ৰাণ উচৰ্গা কৰা স্বাধীনতা সংগ্ৰামৰ বীৰ-বীৰাংগণাসকলক স্মৰণ কৰাৰ অৱকাশো প্ৰদান কৰে এইটো মাহত আমি কেৱল দেশৰ স্বাধীনতা দিৱসেই উদযাপন নকৰো এইটো মাহত আমি আমাৰ সামাজিক আৰু সাংস্কৃতিক জীৱনক চহকী কৰা অন্যান্য উত্সৱ পাৰ্বন আদিও পালন কৰো। আহিবলগীয়া উত্সৱসমূহৰ বাবে মই আপোনালোক আটাইলৈ ওলগ জনাইছো।

 

   আমাৰ পুৰাতন পৰম্পৰা, সংস্কৃতি আৰু উত্সৱসমূহত পৰিৱেশ সংৰক্ষণৰ এক বিশেষ গুৰুত্ব আছে। আজিৰ কাৰ্যক্ৰমো পৰিৱেশ সংৰক্ষণ আৰু আধুনিক পৰম্পৰাৰে সম্পৰ্কিত। বিশ্ব জৈৱ ইন্ধন দিৱসৰ এই শুভ মুহূৰ্তত মই সকলোকে অভিনন্দন জ্ঞাপন কৰিছো।

   বন্ধুসকল, চৰকাৰে ১২৫কোটি ভাৰতীয়ৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ কাৰণে অহোপুৰুষাৰ্থ কৰাৰ লগতে বহু লানি আঁচনি যুগুতাই উলিয়াইছে। গ্ৰাম্য অৰ্থনীতি উন্নত কৰা, কৃষকৰ উপাৰ্জন দুগুণে বৃদ্ধি কৰা, ডিজেল, পেট্ৰোল আৰু গেছৰ বিকল্প প্ৰদান কৰা আৰু পৰিৱেশক সুৰক্ষা দান আদি প্ৰসংগক চৰকাৰে প্ৰাথমিকতা প্ৰদান কৰি আহিছে। এইবোৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত জৈৱ ইন্ধনে অতিকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। অৰ্থনৈতিক উন্নয়ন আৰু পৰিৱেশ সংৰক্ষণৰ মাজত সমতুলতা স্থাপন কৰিব পাৰাৰ ক্ষমতা আছে এই জৈৱ ইন্ধনৰ।

 

   বন্ধুসকল, জৈৱ ইন্ধন কেৱল বিজ্ঞানেই নহয় বৰঞ্চ এক মন্ত্ৰও যিয়ে ভাৰতৰ লগতে সমগ্ৰ পৃথিৱীকে নতুন শক্তিৰ সন্ধান দিব। শস্য, শস্যাদিৰ অৱশিষ্ট তথা অন্যান্য পেলনীয়া দ্ৰব্যৰ আৱৰ্জনা আদিৰ পৰা উত্পন্ন কৰা ইন্ধনকে জৈৱ ইন্ধন বোলা হয়। ইয়ে গাঁও-চহৰ উভয় অঞ্চল বসবাস কৰা সকলো মানুহৰে জীৱনধাৰাক ৰূপান্তৰিত কৰাৰ লগতে জীৱন ধাৰণৰ মানো উন্নত কৰি তুলিব। কিনা হাঁহৰ ঠোঁটলৈকে মঙহ বুলি যে কোৱা হয়, অৰ্থাত্ দ্ৰব্য-সামগ্ৰীৰ সম্পূৰ্ণ ব্যৱহাৰ। পুৰণা প্ৰবচন এটাৰ এয়া হল আধুনিক ব্যৱহাৰৰ নিদৰ্শন জৈৱ ইন্ধনৰ বহুল ব্যৱহাৰে কৃষকসকলৰ আয় বৃদ্ধিতো কৰিবই, ইয়ে নিয়োগৰ নতুন সম্ভাৱনা সৃষ্টি কৰিব, দেশৰ সম্পদ ৰাহি কৰাৰ লগতে পৰিৱেশৰ সুৰক্ষাও নিশ্চিত কৰিব। দৰাচলতে গ্ৰামাঞ্চলৰ কৃষক সমাজৰ স্বচ্ছতা, স্বাস্থ্য আৰু সবলীকৰণৰ মহান লক্ষ্যত উপনীত হোৱাৰ পথত এয়া হল একো একোটা পৰ্যায়। সেইদৰে চহৰাঞ্চলৰ বিকাশৰে জড়িত হৈ থকা ই আমাৰ এক আধুনিক আৰ্হিও। চহৰ নগৰসমূহৰ প্ৰদূষণ নিয়ন্ত্ৰণৰ উদ্দেশ্যে গ্ৰহণ কৰা সেউজীকৰণ উদ্যোগসমূহৰ ভিতৰত জৈৱ ইন্ধনৰ ব্যৱহাৰে বিশেষ সহযোগিতা আগবঢ়ায়।

 

 

   বন্ধুসকল, আজি ইয়াত কৃষক ভাই-ভনীসকল সদলবলে আহি উপস্থিত হৈছোহি। বিজ্ঞান ভৱনত তেওঁলোকৰ উপস্থিতিৰ কথাটোৱেই এক বিশেষ বাৰ্তা বহণ কৰিছে। আমাৰ দেশৰ প্ৰান্ত বিশেষে বৰষুণৰ ভিন্নতা পৰিলক্ষিত হয়। কোনোবা অঞ্চলত যদি বৰষুণে বানৰ সৃষ্টি কৰে আন কোনোবা অঞ্চলে আকৌ এটোপাল বৰষুণৰ বাবে হামৰাও কাঢ়ি থাকিবলগীয়া হয়। এনেধৰণৰ বাতৰি আমি শুনিয়েই থাকো। কোনোবা অঞ্চলত যদি পৰ্যাপ্ত বৰষুণে ৰাইজক সকাহ দান কৰে আন কোনোবা অঞ্চলত আকৌ একেখিনি বৰষুণে ত্ৰাসৰো সৃষ্টি কৰে। মোৰ কৃষক ভাই-ভনীসকলৰ বাবে এয়া বাৰুকৈয়ে গুৰুত্বপূৰ্ণ। মই ভাবো দেশৰ সকলো প্ৰান্ততে ইতিমধ্যে ধানৰ লগতে অন্যান্য খাৰিফ শস্যৰ খেতিসমূহৰ ৰোপণ সম্পূৰ্ণ হৈছে।  আপোনালোকে চাগৈ জানিব পাৰিছে যে চৰকাৰে ইতিমধ্যে ১৪বিধ খাৰিফ শস্যৰ ন্যূনতম সমৰ্থন মূল্য ব্যয়ৰ ১.৫গুণে বৃদ্ধি কৰিছে। আমি যেতিয়াই কৃষি সংস্কাৰৰ কথা কওঁ তেতিয়াই স্বামীনাথন জীৰ কথা উল্লেখ কৰো। দুদিনমানৰ আগতে তেখেতে এটি প্ৰৱন্ধ লিখিছে যত তেখেতে কৃষিখণ্ডৰ বিস্তৃত ৰূপান্তৰ, চৰকাৰৰ নীতি তথা চৰকাৰী পদক্ষেপসমূহৰ কথা বিশ্লেষণ কৰিছে। থেখেত এগৰাকী বিশাৰদ ব্যক্তি। কৃষকসকলৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা পৰিকল্পনা, আঁচনি, নীতি তথা উদ্যোগসমূহৰ তেখেতে বিশদ আলোচনা কৰাৰ লগতে ভূয়সী প্ৰশংসাও কৰিছে। খেতিৰ বাবদ কৰা ব্যয়ৰ বিপৰীতে কৃষকসকলে যাতে ৮০শতাংশ অধিক হাৰত লাভ আদায় কৰিব পাৰে সোই কথা নিশ্চিত কৰিব পৰাকৈ খাৰিফ শস্যৰ লগতে কুঁহিয়াৰৰ ক্ষেত্ৰতো ন্যূনতম সমৰ্থন মূল্য আগবঢ়োৱা কথাটো আপোনালোকে চাগৈ মন কৰিছে। চলিত বৰ্ষত প্ৰতি কুইণ্টল কুঁহিয়াৰৰ ন্যূনতম সমৰ্থন মূল্য ২০টকা হাৰে বৃদ্ধি কৰাৰ ফলত এই পৰিমান ২৭৫টকা হৈছেগৈ। এই বৰ্দ্ধিত মূল্যই কৃষক ৰাইজক বাৰুকৈয়ে উপকৃত কৰিব। আনহাতে কুঁহিয়াৰৰ পৰা ইথানল উত্পাদনৰ বাবে চৰকাৰে লোৱা আঁচনিয়েও কৃষক ৰাইজক লাভৱান হোৱাত সহযোগিতা আগবঢ়াব। বন্ধুসকল, কুঁহিয়াৰৰ পৰা ইথানল উত্পাদনৰ এই ব্যৱস্থা অটলবিহাৰী জীৰ শাসনকালৰ পৰা আৰম্ভ হৈছিল। পিছে বিগত দশকটোত শাসনত থকা চৰকাৰ দিনত এই প্ৰক্ৰিয়া স্তিমিত হৈ পৰিছিল। অৱশ্যে ২০১৪ ভাৰতীয় জনতা পাৰ্টীয়ে এন ডি এৰ সহযোগত কেন্দ্ৰত চৰকাৰ গঠনৰ পিচত এই ক্ষেত্ৰত বিশেষ পৰিকল্পনা যুগুতাই ৰূপায়নত গুৰুত্ব আৰোপ কৰা হৈছে। আজিৰ তাৰিখত দেশৰ ২৫খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ইথানল উত্পাদন আঁচনি সুকলমে পৰিচালিত হৈ আছে। যোৱা চাৰিটা বছৰত দেশত অভিলেখ পৰিমাণত ইথানলৰ উত্পাদন হোৱাৰ বিপৰিতে আগন্তুক চাৰিটা বৰ্ষত এই উত্পাদন ৪৫০কোটি লিটাৰলৈ বৃদ্ধি পাব। বন্দুসকল, ইথানলৰ উত্পাদনে কেৱল কৃষকসকলকে লাভৱান নকৰে বৰং ই দেশৰ সম্পদো ৰাহি কৰে। যোৱাটো বছৰত ইথানল মিশ্ৰিত পেট্ৰোলৰ বাবদ আদায় দিব লগা প্ৰায় ৪০০০কোটি টকা পৰিমাণৰ ৰাজহ ৰাহি কৰিব পৰা গৈছিল। আগন্তুক চাৰিটা বছৰত এই ৰাহিৰ পৰিমাণ ১২০০০কোটি টকালৈ বৃদ্ধি কৰাৰ বাবে চৰকাৰে লক্ষ্য নিৰ্দ্ধাৰণ কৰিছে। তদুপৰি আগন্তুক চাৰিটা বৰ্ষত কেৱল কুঁহিয়াৰৰ পৰা উত্পাদিত ইথানলৰ পৰাই ২০০০০কোটি টকা আয়ো কৰিব পৰা যাব। কুঁহিয়াৰৰ এই বিকল্প আৰু ৰাহিয়ে নিস্চিত ভাবেই খেতিয়কসকলক দীৰ্ঘ দিনে ভূগি অহা সমস্যাসমূহৰ পৰা পৰিত্ৰাণ দিব। ইথানলে ধন ৰাহি কৰাৰ লগতে পেট্ৰোলৰ পৰা হব পৰা প্ৰদূষণো নিয়ন্ত্ৰিত কৰিব।

 

    বন্ধুসকল, জৈৱ ইন্ধনৰ উত্পাদন লক্ষ্য নিৰ্দ্ধাৰণ কৰা হৈছে। অৰ্থাত্ এয়া কেৱল দেখবাজি নহয়। ইয়াৰ বাবে বিস্তৃত নীতি, আইন আৰু কৌশল যুগুতোৱা হৈছে, দায়িত্ব আৰু দায়বদ্ধতা নিশ্চিত কৰি নিৰ্দ্ধাৰিত লক্ষ্যত উপনীত হোৱাৰ ব্যৱস্থা কৰা হৈছে। চৰকাৰে ইথানলকে ধৰি সকলো প্ৰকাৰৰ জৈৱ ইন্ধন উত্পাদনৰ বাবে এখন ৰাষ্ট্ৰীয় নীতি ইতিমধ্যেই গ্ৰহণ কৰিছে। সেই মৰ্মে ২০২২ আৰু ২০৩০চনত পেট্ৰোলত ইথানলৰ মিশ্ৰণৰ পৰিমাণ ক্ৰমে অন্ততঃ ১০শতাংশ আৰু ২০শতাংশলৈ লক্ষ্য নিৰ্দ্ধাৰণ কৰিছে চৰকাৰে। জৈৱ ইন্ধনৰ উত্পাদনে কেৱল কুঁহিয়াৰ খেতিয়কসকলকে কেৱল উপকৃত নকৰে বৰং দেশৰ অন্য খেতিয়কসকলকো লাভাৱান্বিত কৰিব। প্ৰতিকূল বতৰ কিম্বা উপযুক্ত সংৰক্ষণ ব্যৱস্থাৰ অভাৱৰ পৰিণতিত আমাৰ দেশত প্ৰায়েই ধান, ঘেহু, মেইজ, আলু কিম্বা অন্যান্য শাক-পাচলি আদি ব্যাপক পৰিমাণে নষ্ট হয়। স্বাভাৱিকতেই কৃষক ৰাইজে এনেবোৰ সামগ্ৰী পেলাই দিবলগীয়া হয়। পিছে ইথানল উত্পাদনৰ ক্ষেত্ৰত এনেবোৰ  পেলনীয়া দ্ৰব্য ব্যৱহাৰৰো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

 

    খেতিয়কসকলে প্ৰায়েই আন এটা সমস্যাৰো সন্মুখীন হব লগা হয়। প্ৰতিকূল বতৰৰ বাবে প্ৰায়েই উত্পাদিত ফচলৰ মান অৱনমিত হয়, আকাৰ সৰু হোৱা কিম্বা বৰণ সলনি হোৱাৰ দৰে সমস্যাৰ সন্মুখীন হোৱাৰ ফলত খেতিয়কসকলে ফচলৰ উচিত মূল্য পোৱাৰ পৰা বঞ্চিত হয়। প্ৰতিকূল বতৰৰ পৰিণতি ভূগীবলগীয়া হয় খেতিয়কসকলে। পিচে এতিয়া ইথানলে অন্ততঃ খেতিয়কসকললৈ এক বিকল্প আগবঢ়াইছে, কিয়নো গ্ৰাহকে কিনিবলৈ মন নকৰা, নিম্ন মানৰ, আকাৰত সৰু অথৱা ৰঙৰ তাৰতম্য থকা এনেবোৰ ফচল এতিয়া ইথানল উত্পাদনত ব্যৱহাৰ কৰিব পৰা যাব। আমি যেতিয়া পদ্ধতিগত ভাৱে নীতি যুগুতাই উলিয়াম তেতিয়া আৰু কৃষকে উত্পাদন কৰা কোনো সামগ্ৰীয়েই নষ্ট নহব। ভাৱকচোন খেতিয়কসকলে তেতিয়া কিমান সকাহ পাব!

 

    বন্ধুসকল, ৰাষ্ট্ৰীয় নীতিৰ অধীনত দেশত ৰূপায়ন কৰিবলৈ যুগুতাই উলিওৱা আঁচনিখনৰ জৰিয়তে কেৱল ঘৰুৱা পেলনীয়া দ্ৰব্যৰ ৰূপান্তৰেই নহয় আনকি ফাৰ্ম আৱৰ্জনাৰ লগতে জীৱ-জন্তুৰ গোবৰ আদিৰ সংসাধনকো সামৰি লোৱা হৈছে। আনকি অনাগত সময়ত ঘৰ কিম্বা কৃষি পামত কৰা কলগছৰ অৱশিষ্ট সমূহকো ইন্ধন প্ৰস্তুতিৰ বাবে ব্যৱহাৰৰ চিন্তা-চৰ্চা কৰা হৈছে। ইফালে ঘাঁহ আৰু বাঁহৰ পৰাও ইথানল প্ৰস্তুত কৰিব পাৰি। উত্তৰ পূৰ্বাঞ্চলৰ লগতে জনজাতি বসতি প্ৰধান অঞ্চলসমূহত বাঁহৰ পয়োভৰ আছে। এই কথাই বাঁহ উত্পাদকসকলৰ আয় বৃদ্ধিৰ এক সম্ভাৱনা সৃষ্টি কৰিছে।

 

    বন্ধুসকল, ফচল কটা বা চিঙাৰ পিচত ৰৈ যোৱা শস্যৰ অৱশিষ্ট কিম্বা মূঢ়াবোৰে খেতিয়কসকলক বাৰুকৈয়ে সমস্যাত পেলায়। পিচে এয়া আচলতে আমাৰ বাবে মহা মূল্যবান সমলহে। ইয়াৰ মোল নুবুজাৰ বাবেহে আমি শস্যৰ অৱশিষ্ট কিম্বা মূঢ়াবোৰ পুৰি পেলাও। মাটিৰ পুষ্টি সাধনৰ বাবে এই অৱশিষ্টসমূহ উত্কৃষ্ট উপাদান যদিও এইবোৰ আমি নিজ হাতে নষ্ট কৰি পেলাও। হাৰিয়ানা আৰু পঞ্জাৱৰ খেতিয়কসকলৰ মাজত এই প্ৰৱণতা মই বহু দিন ধৰি লক্ষ্য কৰি আহিছো। এয়া এক বৃহত্ প্ৰত্যাহ্বান হিচাবেই চিহ্নিত হৈছে। শস্যৰ অৱশিষ্ট অংশ পুৰি পেলোৱা কথাই মাটিৰ উৰ্বৰা বিনষ্ট কৰাৰ লগতে ইয়াৰ ধোঁৱাই প্ৰদূষণৰ সৃষ্টি কৰি পৰিবেশো বিনষ্ট কৰি আহিছে বুলি কৃষক ভাই-ভনীসকলক মই সদায়ে কৈ আহিছো। সেয়ে শস্যৰ পেলনীয়া অংশৰে ইথানল উত্পাদনৰ কাম বিস্তৃত পৰিসৰত আগবাঢ়িছে। অৰ্থাত্ শস্যৰ মূঢ়াৰ পৰাও এতিয়া আয় কৰিব পৰা যাব। ইয়ে প্ৰদূষণৰ হাৰ অৱনমিত কৰাৰ লগতে খেতিয়কসকলৰ আয় বৃদ্ধিতো সহযোগিতা আগবঢ়াব।

 

    বায়োমাছ অথবা জৈৱভাৰক জৈৱ ইন্ধনলৈ ৰূপান্তৰিত কৰাৰ বাবে চৰকাৰে ইতিমধ্যে বৃহত্ পৰিমানৰ বিনিয়োগত মনোনিৱেশ কৰিছে। দহ হাজাৰ কোটি টকা পৰিমানৰ ধনৰ বিনিয়োগৰে দেশৰ বিভিন্ন প্ৰান্তত মুঠ ১২টা শোধনাগাৰ স্থাপনৰ পৰিকল্পনা কৰিছে চৰকাৰে। এনে একোটা শোধনাগাৰে ১০০০-১৫০০ লোকৰ নিয়োগ সম্ভৱ কৰি তুলিব। অৰ্থাত্ শোধনাগাৰসমূহৰ যোগান-শৃংখলত ১.৫লাখ লোকৰ নিযুক্তি নিশ্চিত হব বুলি আশা কৰিব পাৰি। তদুপৰি গৰুৰ গোবৰৰ পৰা ইন্ধন প্ৰস্তুতিৰ পৰিকল্পনাও দ্ৰুত গতিত আগবাঢ়িছে। আগৰখন বাজেটত আমি গোনৰ্ধন যোজনা শীৰ্ষক আঁচনি এখন ঘোষণা কৰাৰ কথা আপোনালোকে চাগৈ লক্ষ্য কৰিছে। এই আঁচনিৰ অধীনত দেশৰ প্ৰতিখন জিলাত একোটাকৈ  জৈৱ গেছ প্ৰকল্প স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই পৰ্যন্ত প্ৰায় ৭০০টা এনে প্ৰকল্প স্থাপন কৰা হৈছে আৰু অদূৰ ভৱিষ্যতে ইয়াৰ সম্প্ৰসাৰণৰ ব্যৱস্থা কৰা হৈছে। এই কাৰ্যক্ৰমৰ সৈতে খেতিয়কসকলৰ লগতে বহু সংখ্যক স্বেচ্ছাসেৱী সংগঠনো জড়িত হৈ পৰিছে। গোৱৰ্ধন যোজনা, বন ধন অথৱা জন-ধনৰ দৰে কৰ্যক্ৰমৰ দ্বাৰা দুখীয়া-দৰিদ্ৰৰ লগতে কৃষক আৰু জনজাতীয়সকলৰ বাবে জীৱিকাৰ নতুন সম্বল সৃষ্টি হৈছে। আপোনালোকৰ শস্যৰ লগতে শস্যৰ অৱশিষ্ট, জন্তুৰ গোৱৰ কিম্বা ঘৰুৱা তথা ফাৰ্ম আৱৰ্জনাৰ উচিত ব্যৱহাৰ নিশ্চিত কৰাৰ বাবে আমি পদক্ষেপ গ্ৰহণ কৰিছো। এইবোৰৰ উপৰিও জংঘলত উত্পন্ন হোৱা ঘাঁহ-বনৰ লগতে ফল-মূলেও আয় বৃদ্ধিৰ সুযোগ দান কৰিব পাৰে। ফাগুণ-চত মাহত গছ-বনৰ সৰা পাতে গোটেইখন একাঠু কৰি তোলে। গছ-বনৰ এই তল সৰা শুকান পাতো আয় আহৰণৰ মাধ্যম হৈ উঠিব পাৰে। এয়া হৈছে আৱৰ্জনাৰ পৰা সম্পদ শীৰ্ষক আঁচনি। এইখন আঁচনিয়ে আকৌ স্বচ্ছ ভাৰত আঁচনিখনক সহয়োগিতা আগবঢ়াব, কাৰণ আৱৰ্জনাইতো অস্বচ্ছতাৰ প্ৰধান হেতু।

 

      এই অভিযানক সহজ-সৰল ভাবে আগুৱাই নিয়াৰ ক্ষেত্ৰত বিজ্ঞানীসকলৰ লগতে আমাৰ ষ্টাৰ্ট আপ কৰ্যক্ৰমেৰে জড়িত হোৱা যুৱ প্ৰজন্ময়ো বিশেষ অৰিহণা আগবঢ়াইছে। সেয়ে আপোনালোক সকলোলৈকে মই পুনৰবাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো। ন ন কাৰিকৰী কৌশলৰ সমাহাৰ ঘটাই আপোনালোকে ইয়াক সমৃদ্ধ কৰিছে যদিও এতিয়াও বহুখিনি কৰিবলৈ বাকী আছে বুলি কবই লাগিব। ধৰক, অধিক ফচল আৰু অধিক জৈৱ ইন্ধনৰ বাবে উন্নত মানৰ বীজৰে উন্নত পদ্ধতিৰে খেতি কৰাটো প্ৰয়োজন। কিন্তু এয়া সম্ভ হব তেতিয়াহে, যেতিয়া ষ্টাৰ্ট আপ উদ্যোগী আৰু নতুন প্ৰযুক্তিৰে সম্পৰ্কিত লোকসকল একত্ৰিত হব। মই ভাবো আমাৰ অভিযান্ত্ৰিক মহাবিদ্যালয়, আই আই টি আৰু পলি টেকনিক মহাবিদ্যালয়সমূহৰ পাঠ্যক্ৰমত জৈৱ ইন্ধন সম্পৰ্কীয় পাঠ সংযোজনত প্ৰাথমিকতা কৰা উচিত বুলি মই অনুভৱ কৰিছো। তদুপৰি, জৈৱ ইন্ধন সন্দৰ্ভত কে ভি কে অৰ্থাত্ কৃষি বিকাশ কেন্দ্ৰৰ দৰে সংগঠনৰ জৰিয়তে কৃষক সমাজৰ মাজত সজাগতা সৃষ্টিটো গুৰুত্ব দিব লাগিব।

 

    বন্ধুসকল, মহানগৰীসমূহৰ পৰিষ্কৰণৰ ক্ষেত্ৰত গোটা আৱৰ্জনাৰ প্ৰৱন্ধন প্ৰসংগই বিশেষ গুৰুত্ব বহণ কৰি আহিছে। আবাসিক অঞ্চলসমূহৰ লগতে ঔদ্যোগীক এলেকাৰ নলা-নৰ্দমাৰে নিষ্কাষিত পানীৰ সংসাধনৰে শক্তিৰ উন্নত উত্পাদন কৌশল উদ্ভাৱনৰ বাবে চৰকাৰে কাম কৰি আছে। চাহৰ সৈতে জড়িত যি কোনো কথাই মোক সদায়ে আকৰ্ষিত কৰি আহিছে। এবাৰ এটা প্ৰৱন্ধ পঢ়া কথা মনত পৰিছে। এখন সৰু চহৰৰ এজন চাহ দোকানীৰ কথা। চহৰখনৰ এটা সৰু নলাৰ কাষত দোকান পাতি তেওঁ চাহ বিক্ৰী কৰিছিল। আৱৰ্জনাৰে ভৰা নলাটোৰ পৰা এক ধৰণৰ গেছ ওলাইছিল আৰু সিয়ে সদায়ে এলেকাটোত দুৰগোন্ধ বিয়পাই আহিছিল। বহু দিন ধৰি কথাটো মন কৰি অহা দোকানীজনে এবাৰ এটা বুদ্ধি পাঙিলে। তেওঁ আৱৰ্জনা পূৰ্ণ নলাটোৰ পৰা ওলোৱা গেছ এডাল পাইপেৰে আনি তেওঁৰ চাহ গৰমোৱা ষ্টভটো জ্বলোৱাৰ ব্যৱস্থা কৰি ললে। প্ৰযুক্তিৰ সৰল ব্যৱহাৰৰ ই এক সুন্দৰ নিদৰ্শন।

 

    এবাৰ মই গুজৰাটলৈ যাওতে আমাৰ কনভয়ৰ আগে আগে এখন মটৰ চাইকেল গৈ থকা দেখিছিলো। মটৰ চাইকেলখন চলাই যোৱা মানুহজনে হাতত এটা ট্ৰেক্টৰৰ প্ৰকাণ্ড টিউব লৈ গৈছিল। টিউবটো সম্পূৰ্ণৰূপে বায়ুৰে পূৰ্ণ আছিল। কথাটো দেখি মই বাৰুকৈয়ে আচৰিত হৈছিলো, কাৰণ সাধাৰণতে মানুহে টিউব এটা কিনি নি ঘৰতহে পাম্প দিয়াৰ ব্যৱস্থা কৰেগৈ। সেয়ে মই মানুহজনক ৰখাবলৈ কলো। আমি সকলো গাড়ীৰ পৰা নামিলো মানুহজনো ৰল। মানুহজনেনো টিউবটো তেনেকৈ কিয় নিছে মই জানিব খুজিলো। তেওঁৰ যদি দুৰ্ঘটনা ঘটে! মানুহজনে কলে তেওঁ বোলে সদায়ে এনেকৈয়ে নিয়ে। কাৰণ তেওঁৰ ঘৰত বোলে জৈৱ গেছৰ এটা প্ৰকল্প আছে আৰু তাত উত্পন্ন হোৱা গেছ এইদৰে টিউবত ভৰাই তেওঁ খেতি পথাৰলৈ নিয়ে আৰু সেই গেছৰে তেওঁ তাত পানীৰ পাম্প চলাইগৈ। চাওঁকচোন আমাৰ দেশৰ খেতিয়ক তথা গাওঁবাসীসকলেও কেনেকৈ ন ন পৰীক্ষাৰে প্ৰযুক্তিৰ সন্ধান কৰিবলৈ লৈছে।

 

   মই ষ্টাৰ্ট আপ উদ্যোগীসকলক এনেবোৰ কথাত মনোনিৱেশ কৰিবলৈ আহ্বান জনাব বিচাৰিম। ডাঙৰ কলেজ ইউনিভৰ্চিটিতো শিকিব নোৱাৰা কিছুমান কথা গাঁৱৰ সৰু সৰু খেতিয়কৰ পৰাই শিকিব পৰা যায়। সেয়ে এনেবোৰ কথাকো আমি আগবঢ়াই লৈ যাব খুজিছো। শেহতীয়া ভাবে আমি বি-৩ কাৰ্যক্ৰমত মনোনিৱেশ কৰিছো। বি-৩ হল বায়মাছ অৰ্থাত্ জৈৱ সাৰ, বায়-ফুৱেল অৰ্থাত্ জৈৱ ইন্ধন আৰু বায়-এনাৰ্জী অৰ্থাত্ জৈৱ-শক্তি। ইথানলৰ লগতে জৈৱ আৱৰ্জনাৰ পৰা উত্পাদিত জৈৱ-চি-এন-জি উত্পাদনৰ বাবেও আমি বিস্তৃত কাৰ্যক্ৰম হাতত লৈছো। পেট্ৰোল-ডিজেলৰ প্ৰদূষণ নিয়ন্ত্ৰণৰ লক্ষ্যৰে দেশৰ পৰিবহণ ব্যৱস্থাত চি-এন-জিৰ বহুল ব্যৱহাৰৰ বাবে সজাগতা সৃষ্টিত গুৰুত্ব আৰোপ কৰা হৈছে। আজিৰ তাৰিখত আমি বিদেশৰ পৰা চি-এন-জি আমদানী কৰিবলগীয়া হৈছে। পিছে আমি পৰনিৰ্ভৰশীলতা কমোৱাৰ বাবে অহৰহ কাম কৰি আছো। এই পৰ্যন্ত দেশৰ ভিন্ন প্ৰান্তত ১৭৫টাৰো অধিক প্ৰকল্প স্থাপন কৰা হৈছে। চি-এন-জি যান-বাহণৰ চলাচল কেৱল চহৰ-নগৰতে নহয় বৰং গাঁৱে-ভূঁয়ে সুলভ হোৱাৰ দিন সমাগত বুলি কব পাৰি।

 

    বন্ধুসকল, আজিৰ তাৰিখত প্লাষ্টিক আৱৰ্জনা, টিউব-টায়াৰ আদি উদ্বিগ্নতাৰ কাৰণ হৈ উঠিছে। শেহতীয়াভাবে এনেবোৰ পেলনীয়া সামগ্ৰী ৰাস্তা নিৰ্মাণৰ কামত ব্যৱহৃত কৰা হৈছে। সেইদৰে ঘৰুৱা আৱৰ্জনাও ৰাস্তা নিৰ্মাণৰ কামত ব্যৱহাৰৰ বাবে গৱেষণা অব্যাহত আছে। ছচিয়েল মিডিয়াত মই প্ৰায়েই আফ্ৰিকাৰ দুখীয়া লোকসকলে কৰা কাম-কাজসমূহত চকু ফুৰাও। তেওঁলোকে বাটে-ঘাটে পৰি থকা প্লাষ্টিকৰ আৱৰ্জনাবোৰ বুটলি আনি সাগৰৰ পৰত একত্ৰিত কৰেহি। তাত সেইবোৰ পুৰি গলিত প্লাষ্টিকবোৰত সাগৰৰ বালি মিহলাই ব্লক প্ৰস্তুত কৰা হয়। ঘৰ বনোৱা কামত এই ব্লকৰ এতিয়া খুবেই চাহিদা বাঢ়িছে। এই কামত বিশেষকৈ মহিলা স্বেচ্ছাসেৱী সংগঠনসমূহ জড়িত হোৱা দেখিবলৈ পোৱা যায়। তেওঁলোকে কেৱল পাৰিপাৰ্শ্বিকতা পৰিচ্ছন্ন কৰাই নাই বৰং ইয়াৰ লগতে পেলনীয়া সামগ্ৰীৰ পৰা নতুন সামগ্ৰী উত্পাদন কৰি আয় আহৰণৰো উপায় উদ্ভাৱন কৰিছে।

 

    চৰকাৰে পৰিবেশ সুৰক্ষা আৰু উন্নয়নৰ মাজত সমতুলতা স্থাপনৰ প্ৰয়াস কৰিছে। আজি আমি পৰম্পৰাগত শক্তি উত্স যেনে কয়লা, প্ৰাকৃতিক গেছ আদিৰ লগতে সৌৰ শক্তিকে ধৰি অন্যান্য অ-পৰম্পৰাগত শক্তি উত্সৰ পৰা শক্তি আহৰণত গুৰুত্ব আৰোপ কৰিছো। সৌৰ শক্তিৰ প্ৰচলনৰ বাবে আমি কেৱল ভাৰততে নহয় আন্তঃৰাষ্ট্ৰীয় সৌৰ মৰ্চাৰে সংযুক্ত হৈ সমগ্ৰ পৃথিবীবাসীকে উত্সাহিত কৰি আহিছো। সম্প্ৰতি খেতি পথাৰ, উদ্যোগৰ পৰা কাৰ্যালয়লৈ সকলোতে অভূতপূৰ্ব হাৰত সৌৰ শক্তিৰ প্ৰয়োগ দেখিবলৈ পোৱা গৈছে। তদুপৰি ঘৰে-কাৰ্যালয়ে এল-ই-ডি বাল্বৰ বহুল প্ৰচলনে লক্ষণীয় হাৰত বিদ্যুতৰ ৰাহি কৰিবলৈ সক্ষম হৈছে। দেশৰ ৰেল ষ্টেশ্যনসমূহ এল-ই-ডি বাল্বৰে পোহৰোৱা কথাই মোক আনন্দিত কৰিছে। ৰেল বিভাগে ইতিমধ্যে এই কাম সম্পূৰ্ণ কৰি তুলিছে।

 

    আমাৰ স্বপ্নৰ অভিযানৰ অংশ হিচাবে ধোঁৱামুক্ত ৰান্ধনীশালকো সামৰি লোৱা হৈছে। ধোঁৱাৰ পৰা মুক্তি লাভ কৰা দেশৰ ৫কোটি মাতৃ-ভগ্নীক মই আজি অভিনন্দন জনাব খুজিছো। আশ্চৰ্যৰ কথা হলেও কিন্তু খুউব কম সময়ৰ ভিতৰতে এই কাম সম্পূৰ্ণ হৈ উঠিল। আমাৰ দেশত ১২৫কোটি নাগৰিক থকাৰ বিপৰীতে ২৫-২৬কোটি পৰিয়াল আছে। এই ২৫-২৬কোটি পৰিয়ালৰ ৫কোটি পৰিয়ালে এই কম দিনৰ ভিতৰতে ৰন্ধন গেছৰ সংযোগ লাভ কৰিছে

 

     আজিৰ অনুষ্ঠানত উপস্থিত থকা ৰাজ্যসমূহৰ প্ৰতিনিধিসকলক তেওঁলোকৰ নিজ নিজ অঞ্চলত জৈৱ ইন্ধনৰ বহুল ব্যৱহাৰৰ বাবে সজাগতা সৃষ্টিত মনোনিৱেশ কৰিবলৈ মই আহ্বান জনালো। পৃথিৱীয়ে আজি বিশ্ব জৈৱ ইন্ধন দিৱস উদযাপন কৰিছে। ভাৰতেও এই ক্ষেত্ৰত বহু পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ জৰিয়তে আমি জলবায়ু পৰিৱৰ্তনৰ ভয়াবহতাক প্ৰশমিত কৰিবলৈ সক্ষম হম।

     ধন্যবাদ!

 

*****

AKT/HS/MANN



(Release ID: 1557333) Visitor Counter : 96


Read this release in: English , Hindi , Marathi , Tamil