প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
মালদ্বীপৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণ কালত যুটীয়া সংবাদমেলত প্ৰধানমন্ত্রীৰ প্ৰেছ বিবৃতি
प्रविष्टि तिथि:
17 DEC 2018 2:49PM by PIB Guwahati
মহামহিম ৰাষ্ট্ৰপতি ছ’লীহ,
মালদ্বীপৰ পৰা অহা অন্যান্য মন্ত্রীবৰ্গ তথা অতিথিবৃন্দ,
আপোনালোক সকলোকে ভাৰতলৈ আন্তৰিক আদৰণি জনাবলৈ পাই মই অতিশয় আনন্দিত। ৰিপাবলিক অফ মালডিভ্ছ’ৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱাৰ বাবে আপোনাক পুনৰ শুভেচ্ছা জনাইছো। কেৱল মালদ্বীপেই নহয়, সমগ্ৰ বিশ্বত আপোনাৰ গণতন্ত্রৰ বাবে সংগ্রাম আৰু সাফল্য প্রেৰণাৰ উৎস হৈ পৰিব। যোৱা মাহত আপোনাৰ শপত গ্ৰহণ সমাৰোহত উপস্থিত থাকিবলৈ পোৱাটো কেৱল মোৰ বাবেই নহয়, ভাৰতৰ বাবেও ডাঙৰ সন্মানৰ বিষয় আছিল। ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱাৰ এমাহৰ ভিতৰতে আুপনি বিদেশ ভ্ৰমণৰ বাবে ভাৰতক বাছনি কৰে। আমাৰ বাবে এয়া ডাঙৰ সন্মান আৰু গৌৰৱৰ বিষয়। আপোনাৰ এই ভ্ৰমণ সেই সুদৃঢ় পাৰস্পৰিক ভৰসা আৰু বন্ধুত্বৰ ভেঁটীৰ ওপৰত প্ৰতিষ্ঠিত। আমাৰ বন্ধুত্ব কেৱল ভৌগোলিক প্ৰতিৱেশীৰ ফলত নহয়, সাগৰৰ ঢৌৱে উভয় দেশৰ ইপাৰ-সিপাৰক একেলগ কৰিছে৷
আমাৰ ইতিহাস, সংস্কৃতি, ব্যৱসায় আৰু সামাজিক সম্পর্কও ক্ৰমান্বয়ে আৰু অধিক কাষ চাপিছে। উভয় দেশৰ লোকসকলে আজি গণতন্ত্রৰ প্ৰতি নিজৰ আস্থা আৰু উন্নয়নৰ আকাংক্ষা লৈ পৰস্পৰৰ সৈতে জড়িত হৈছে৷ আপোনাৰ এই ভ্ৰমণে উভয় দেশৰ মাজৰ সম্পর্কৰ ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা কৰিব।
বন্ধুসকল,
ৰাষ্ট্ৰপতি ছ’লীহ আৰু মোৰ মাজত আজি অতি সৌহাদ্যপূর্ণ আৰু বন্ধুতপূর্ণ পৰিৱেশত আলোচনা হৈছে। উভয় দেশৰ মাজত পৰম্পৰাগত শক্তিশালী আৰু মৈত্রীপূর্ণ সম্পর্ক আৰু অধিক নিবিড় কৰাৰ প্ৰতি আমি দৃঢ়তাৰে এই আলোচনাক আগুৱাই নিছো৷
মহামহিম ৰাষ্ট্ৰপতি,
আপোনাৰ চৰকাৰৰ জনতাকেন্দ্রিক উন্নয়নৰ লক্ষ্যক মই অনেক প্ৰশংসা জনাইছো। এক ঘনিষ্ঠ বন্ধু তথা প্ৰতিৱেশী হিচাপে আমি মালদ্বীপৰ সফলতা কামনা কৰো। মালদ্বীপৰ জনগণৰ জীৱন সলনি কৰিবলৈ আপোনাৰ চৰকাৰৰ অভিলাসী প্ৰকল্পসমূহ বাস্তবায়িত কৰি মালদ্বীপৰ উন্নয়নৰ মানৱীয় ৰূপ আৰু অধিক উজ্জ্বল কৰি তুলিছে। ভাৰত সদায়েই আপোনাৰ সৈতে আছে।
মই আনন্দিত যে এই দায়বদ্ধতাৰ প্ৰত্যক্ষ অভিব্যক্তি ৰূপে মালদ্বীপৰ সামাজিক, আর্থিক উন্নয়নৰ বাবে আর্থিক সাহায্য, কাৰেন্সি সোৱাইপ আৰু ন্যূনতম সুদৰ হাৰত লাইন্ছ অৱ ক্রেডিট ৰূপত ভাৰতে মালদ্বীপক ১.৪ বিলিয়ন মাৰ্কিন ডলাৰ আর্থিক সাহায্য প্ৰদান কৰিব।
উভয় দেশৰ মাজত যোগাযোগ ব্যৱস্থা উন্নয়নত ভাৰতে সম্পূর্ণ সহযোগিতা আগবঢ়াব। উন্নত যোগাযোগ ব্যৱস্থাৰ জৰিয়তে সামগ্ৰী পৰিবহণ সেৱা, তথ্য, ভাৱনা, সংস্কৃতি আৰু জনগণৰ মাজত ভাৱৰ আদানপ্ৰদানক উৎসাহ যোগোৱা হ’ব। ৰাষ্ট্ৰপতি ছ’লীহক স্বাস্থ্য, মানৱসম্পদ উন্নয়ন, আন্তঃগাঁথনি, কৃষি, দক্ষতা আৰু সক্ষমতা বৃদ্ধি, তথ্য আৰু যোগাযোগ প্ৰযুক্তি তথা পর্যটনত আমাৰ অংশীদাৰিত্ব শক্তিশালী কৰাৰ প্ৰতিশ্রুতি দিছো৷
আমি অহা পাঁচ বছৰত মালদ্বীপৰ নাগৰিকসকলৰ প্ৰশিক্ষণ, দক্ষতা আৰু সক্ষমতা বৃদ্ধিৰ বাবে অতিৰিক্ত ১,০০০খন আসন প্ৰদানৰো সিদ্ধান্ত লৈছো। আমাৰ নাগৰিকসকলৰ মাজ সৌহার্দ্র্য আমাৰ পাৰস্পৰিক সম্পর্কক নতুন মাত্রা দিছে। সেইবাবে আজি আমি নতুন ভিছা চুক্তি স্বাক্ষৰৰ প্ৰস্তাৱক আজৰণি জনাইছো। আমি পাৰস্পৰিক বাণিজ্যিক সম্পর্কৰ উন্নতি তথা দ্বিপাক্ষিক বাণিজ্য বৃদ্ধি কৰিব বিচাৰো। এয়া উভয় দেশৰ বাবে লাভজনক।
মালদ্বীপত স্বচ্ছ, জবাবদিহিতা আৰু আইনী প্ৰশাসনৰ লক্ষ্যৰে ভাৰতীয় ব্যৱসায়ীসকলৰ এক আদৰণি বার্তা প্ৰদান কৰে। ৰাষ্ট্ৰপতি ডাঙৰীয়া, আমাৰ প্ৰতিৱেশী আৰু মিত্ৰ দেশ মালদ্বীপ ‘এলভিচি’ শ্রেণীৰ পৰা উন্নীত হৈ এতিয়া মধ্যবিত্ত গোষ্ঠীৰ দেশ হৈ উঠাৰ দৃষ্টান্ত প্ৰতিষ্ঠা কৰাত আমি ভাৰতবাসী গৌৰবান্বিত। দীর্ঘস্থায়ী সুদূৰপ্ৰসাৰী উন্নয়ন আৰু পৰিৱেশ পৰিৱর্তনৰ কঠিন প্ৰত্যাহ্বান মোকাবিলা কৰি মালদ্বীপে এই সাফল্য লাভ কৰিছে। এইবোৰ সমস্যাৰ মোকাবিলা আৰ সমুদ্ৰ-সম্পদৰ সুদূৰপ্ৰসাৰী উন্নয়নত মালদ্বীপৰ ভূমিকা বিশ্বত গুৰুত্বপূর্ণ হৈ পৰিব। সেয়েহে ভাৰত আৰু মালদ্বীপৰ মাজত সামুদ্রিক সহযোগিতাৰ বিবিধ মাত্রাত পাৰস্পৰিক সহযোগিতা বৃদ্ধিৰ বাবে আমি সহমত প্ৰকাশ কৰিছো।
মহামহিম,
আপোনালোকে পুনৰ কমনৱেল্থৰ সৈতে যুক্ত হোৱাৰ সিদ্ধান্তক আমি আদৰণি জনাইছো। আমি ইয়াক সমর্থন কৰিম। আমি ভাৰত মহাসাগৰ ৰিম এছোচিয়েচন (আইঅ’আৰএ) পৰিয়াললৈও আপোনাক স্বাগতম জনাইছো। ৰাষ্ট্ৰপতি ছ’লীহ আৰু মই এই ক্ষেত্ৰত সহমত প্ৰকাশ কৰিছো যে ভাৰত মহাসাগৰীয় অঞ্চলত শান্তি আৰু নিৰাপত্তা বজাই ৰাখিবলৈ পাৰস্পৰিক সহযোগিতা আৰু নিবিড় কৰাৰ প্ৰয়োজন আছে। উভয় দেশৰ নিৰাপত্তা পৰস্পৰৰ স্বার্থ জড়িত হৈ আছে। এই অঞ্চলৰ স্থিতিশীলতা বজাই ৰাখিবলৈ পৰস্পৰৰ হিতাৰ্থে সদায় সজাগ হৈ থকাৰ ক্ষেত্রতো আমি একমতত উপনীত হৈছো।
ইয়াৰ সমান্তৰালভাৱে এনে কোনো গতিবিধি আমি নিজৰ দেশত হ’বলৈ নিদিও, যি আনৰ ক্ষতি কৰিব পাৰে। এই অঞ্চলৰ উন্নয়ন আৰু সুস্থিৰতাৰ ক্ষেত্রত ভাৰত আৰু মালদ্বীপৰ অংশীদাৰিত্ব সমান থাকিব। সেইবাবে মই ৰাষ্ট্ৰপতি ছ’লীহৰ সৈতে মিলাপ্ৰীতিৰে কাম কৰাৰ ক্ষেত্রত সহমত প্ৰকাশ কৰিছো যাতে দুয়োখন দেশৰ সম্পর্কৰ অসীম সম্ভাৱনা বিকশিত হয় আৰু উভয় দেশৰ জনতাৰ ইয়াৰ দ্বাৰা উপকৃত হয়।
সকলোকে বহুত বহুত ধন্যবাদ।
***
অতুল কুমাৰ তিৱাৰী/শ্বাহবাজ হচিবি/বাল্মীকী মাহাতো /দিগন্ত
(रिलीज़ आईडी: 1557160)
आगंतुक पटल : 81