প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীৰ ‘মন কী বাত’ৰ ৫০তম খণ্ডত ২৫.১১.২০১৮ তাৰিখে প্ৰদান কৰা মূলপাঠৰ অসমীয়া অনুবাদ
পোষ্ট কৰা হৈছে:
25 NOV 2018 11:44AM by PIB Guwahati
মোৰ মৰমৰ দেশবাসীসকল, নমস্কাৰ৷ ৩ অক্টোবৰ ২০১৪ তাৰিখ আছিল বিজয়া দশমীৰ উৎসৱ৷ ‘মন কী বাত’ৰ জৰিয়তে আমি সকলোৱে মিলি এক যাত্ৰাৰ আৰম্ভ কৰিছিলো৷ ‘মন কী বাত’, এই যাত্ৰাৰ আজি ৫০তম খণ্ড সম্পূৰ্ণ হৈছে৷ সেই অনুসৰি আজি এয়া সোণালী জয়ন্তীৰ স্বৰ্ণিম খণ্ড৷ এইবাৰ আপোনালোকৰ যি পত্ৰ আৰু ফোন আমি লাভ কৰিছো সেয়া অধিক সংখ্যাত ৫০তম খণ্ডৰ সন্দৰ্ভতেই আহিছে৷ মাই গভত দিল্লীৰ অংশু কুমাপ, অমৰ কুমাৰ আৰু পাটনাৰ পৰা বিকাশ যাদৱ, ঠিক সেইদৰে নৰেন্দ্ৰ মোদীৰ এপত দিল্লীৰ মণিকা জৈন, পশ্চিম বংগৰ বৰ্ধমানৰ প্ৰসেনজিৎ চৰকাৰ আৰু নাগপুৰৰ সংগীতা শাস্ত্ৰী, এওঁলোক সকলোৱে প্ৰায় একেধৰণৰ প্ৰশ্নই সুধিছে৷ তেওঁলোকে কৈছে যে প্ৰায়েই জনতাই আপোনাক শেহতীয়া প্ৰযুক্তি, ছ’চিয়েল মিডিয়া আৰু ম’বাইল এপৰ জৰিয়তে যোগাযোগ কৰে, কিন্তু আপুনি জনতাৰ সৈতে জড়িত হোৱাৰ বাবে ৰেডিঅ’ কিয় বাচনি কৰিলে? আপোনালোকৰ এই জিজ্ঞাসা স্বাভাৱিক৷ কিয়নো আজিৰ যুগত যিসময়ত মানুহে ৰেডিঅ’ৰ কথা পাহৰি গৈছিল সেই সময়ত মোদীয়ে এই ৰেডিঅ’ লৈ কিয় আহিল? মই আপোনালোকক এটা ঘটনাৰ বিষয়ে ক’ব বিচাৰিছো৷ এয়া ১৯৯৮ চনৰ কথা৷ মই ভাৰতীয় জনতা পাৰ্টীৰ সংগঠনৰ কৰ্মী হিচাপে হিমাচল প্ৰদেশত কাম কৰিছিলো৷ মে’ মাহ আছিল আৰু মই সন্ধিয়াৰ সময়ত ভ্ৰমণ কৰি কোনো এক স্থানলৈ গৈ আছিলো৷ হিমাচলৰ পাহাৰত সন্ধিয়া শীত নামে৷ সেয়ে পথৰ কাষৰ এখন ধাবাত ৰৈ চাহৰ বাবে অৰ্ডাৰ দিলো৷ সেইখন এখন সৰু ধাবা আছিল, তাত এজন ব্যক্তিয়েই নিজেই চাহ বনাই নিজেই বিক্ৰী কৰিছিল৷ গৰম কাপোৰো বিশেষ পিন্ধা নাছিল আৰু পথৰ কাষত সৰু ঠেলা এখন লগাই তেওঁ থিয় দি আছিল৷ তেওঁৰ ওচৰত থকা আইনাৰ পাত্ৰৰ পৰা লাড়ু উলিয়াই ক’লে- চাহাব, চাহ খোৱাৰ পূৰ্বে এই লাড়ুটো খাওক৷ মুখখন মিঠা কৰক৷ মইও আচৰিত হ’লো, সুধিলো, ঘৰত বিয়া-বাৰুৰ কথা চলিছে নেকি? তেওঁ ক’লে, আৰে নহয় নহয় ককাই, আপুনি গম নাপায় নেকি? তেওঁ ইমান হৰ্ষোল্লসিত হৈ আছিল, উত্তেজিত হৈ আছিল, মই সুধিলো, কি হ’ল? তেওঁ ক’লে, আজি ভাৰতে বোমা ফুটুৱালে৷ মই ক’লো, ভাৰতে বোমা ফুটুৱালে? মই একো বুজা নাই! তেতিয়া তেওঁ ক’লে- চাহাব, ৰেডিঅ’ শুনক৷ ৰেডিঅ’ত তেতিয়া এই বিষয়ে চৰ্চা হৈ আছিল৷ তেওঁ ক’লে যে সেই সময়ৰ আমাৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে- সেয়া পৰমাণু পৰীক্ষণৰ দিন আছিল আৰু সংবাদ মাধ্যমৰ সন্মুখত তেওঁ ঘোষণা কৰিছিল আৰু এই ঘোষণা ৰেডিঅ’ত শুনি দোকানীজনে ফুৰ্তিত নাচি আছিল৷ মই আচৰিত হ’লো যে এই হাবিতলীয়া অঞ্চলত, বৰফৰ পাহাৰৰ মাহত এজন সাধাৰণ মানুহে যি এই চাহৰ ঠেলা লৈ নিজৰ কাম কৰি আছে আৰু দিনটো ৰেডিঅ’ শুনি আছে, আৰু সেই ৰেডিঅ’ৰ খবৰে তেওঁৰ মনত এনে প্ৰভাৱ পেলাইছিল, ইমানেই প্ৰভাৱ পেলাইছিল যে মোৰ মনত এক সাঁচ বহি গ’ল যে ৰেডিঅ’ জনসাধাৰণৰ সৈতে জড়িত হৈ আছে আৰু ৰেডিঅ’ৰ এক সাংঘাটিক শক্তিশালী প্ৰভাৱ আছে৷ যোগাযোগৰ প্ৰভাৱ আৰু তাৰ গভীৰতা, বোধহয় ৰেডিঅ’ৰ সমকক্ষ আন কোনো হ’ব নোৱাৰে আৰু সেই সময়ৰ পৰাই মোৰ মন ভৰি পৰিছিল আৰু তাৰ শক্তি মই অনুধাৱন কৰিব পাৰিছিলো৷ যেতিয়া মই প্ৰধানমন্ত্ৰী হ’লো তেতিয়া সকলোতকৈ শক্তিশালী মাধ্যমৰ প্ৰতি মোৰ চকু পৰাটো স্বাভাৱিক আছিল৷ আৰু যেতিয়া মই ২০১৪ চনৰ মে’ মাহত ‘প্ৰধান সেৱক’ৰ ৰূপত কাৰ্যভাৰ গ্ৰহণ কৰিলো তেতিয়া মোৰ মনত এক ইচ্ছাৰ উদ্ৰেক হ’ল যে দেশৰ একতা, আমাৰ ভব্য ইতিহাস, ইয়াৰ শৌৰ্য, ভাৰতৰ বিবিধতা, আমাৰ সাংস্কৃতিক বিবিধতা, আমাৰ সমাজৰ শিৰাই শিৰাই প্ৰবাহিত ভাল দিশসমূহ, জনতাৰ পুৰুষাৰ্থ, ত্যাগ, তপস্যা এই সকলো কথা, ভাৰতৰ এই কাহিনীসমূহে জনতাক স্পৰ্শ কৰাটো প্ৰয়োজন৷ দেশৰ দূৰ-সুদূৰ গাঁৱৰ পৰা আৰম্ভ কৰি মেট্ৰ’ চহৰলৈ, কৃষকৰ পৰা আৰম্ভ কৰি যুৱ পেছাদাৰীলৈ আৰু সেই সময়ৰ পৰাই এই ‘মন কী বাত’ৰ যাত্ৰা প্ৰাৰম্ভ হ’ল৷ প্ৰতি মাহতে লাখৰ সংখ্যাত পত্ৰসমূহ পঢ়ি, ফোন কোন শুনি, এপ আৰু মাই গভত কমেণ্টসমূহ পঢ়ি আৰু এই সকলোবোৰ এটা সূত্ৰত বান্ধি, পাতল-ধেমেলীয়া কথা পাতি পাতি ৫০তম খণ্ডৰ এই যাত্ৰা আমি সকলোৱে মিলি অতিক্ৰম কৰিলো৷ অলপতে আকাশবাণীয়ে ‘মন কী বাত’ৰ ওপৰত এক সৰ্বেক্ষণ চলাইছিল৷ মই তাৰে কিছুমান প্ৰতিক্ৰিয়া প্ৰত্যক্ষ কৰিছিলো যি অতিশয় মনোৰম৷ যিসকল লোকৰ মাজত এই সৰ্বেক্ষণ চলোৱা হৈছিল তাৰে প্ৰায় ৭০%ই নিয়মিতভাৱে ‘মন কী বাত’ শুনে৷ অধিক সংখ্যক লোকৰ মতে ‘মন কী বাত’ৰ সকলোতকৈ বৃহৎ অৱদান এয়াই যে ই সমাজত ধনাত্মক প্ৰভাৱ বৃদ্ধি কৰে৷ ‘মন কী বাত’ৰ মাধ্যমৰ জৰিয়তে জন আন্দোলনত শক্তি বৃদ্ধি হৈছে৷ ইণ্ডিয়া পজিটিভক লৈ ব্যাপক চৰ্চা হৈছে৷ এয়া আমাৰ দেশবাসীৰ মনত উদ্ৰেক হোৱা ধনাত্মক প্ৰভাৱৰ ফল, সকাৰাত্মক ভাৱনা এক চমক৷ জনতাই এয়াও কৈছে যে ‘মন কী বাত’ৰ দ্বাৰা স্বেচ্ছাই কিবা এটা কৰাৰ ইচ্ছা উদ্ৰেক হয়৷ এনেকুৱা এক পৰিৱৰ্তন হৈছে য’ত সমাজৰ সেৱাৰ বাবে জনতা আগবাঢ়ি ওলাই আহিছে৷ মই এয়া প্ৰত্যক্ষ কৰি সুখী হৈছো যে ‘মন কী বাত’ৰ ফলস্বৰূপে ৰেডিঅ’ আৰু অধিক জনপ্ৰিয় হৈ উঠিছে৷ কিন্তু এয়া কেৱল ৰেডিঅ’ই নহয় যাৰ দ্বাৰা জনতা এই কাৰ্যসূচীৰ সৈতে জড়িত হ’ব পাৰিছে৷ মানুহে টিভি, এফএম ৰেডিঅ’, ম’বাইল, ইণ্টাৰনেট, ফে’চবুক লাইভ আৰু পেৰিস্কোপৰ সৈতে নৰেন্দ্ৰ মোদী এপৰ জৰিয়তেও ‘মন কী বাত’ত নিজৰ অংশগ্ৰহণ সুনিশ্চিত কৰিছে৷ মই ‘মন কী বাত’ পৰিয়ালৰ আপোনালোক সমূহ সদস্যই ইয়াৰ ওপৰত প্ৰদৰ্শন কৰা বিশ্বাস আৰু ইয়াত অংশগ্ৰহণ বৃদ্ধি কৰাৰ বাবে অন্তঃকৰণে ধন্যবাদ জনাইছো৷
(ফোন কল-১)
‘‘আদৰণীয় প্ৰধানমন্ত্ৰী মহোদয়, নমস্কাৰ! মোৰ নাম শালিনী আৰু মই হায়দৰাবাদৰ পৰা কৈ আছো৷ ‘মন কী বাত’ কাৰ্যসূচী জনতাৰ মাজত অতিশয় জনপ্ৰিয়৷ পোনতে জনতাই ভাবিছিল যে এয়া এক ৰাজনৈতিক মঞ্চ হিচাপে পৰিচিত হ’ব আৰু সমালোচনাৰ কেন্দ্ৰবিন্দুও হৈ পৰিছিল৷ কিন্তু কাৰ্যসূচী সম্প্ৰচাৰ হোৱাৰ লগে লগে আমি প্ৰত্যক্ষ কৰিলো যে ইয়াত ৰাজনীতিৰ পৰিৱৰ্তে সামাজিক সমস্যা আৰু প্ৰত্যাহ্বানসমূহৰ বিষয়ে আলোচনা হ’বলৈ ধৰিলে আৰু এইদৰে মোৰ দৰে কোটি কোটি লোক ইয়াৰ সৈতে জড়িত হৈ পৰিল৷ লাহে লাহে সমালোচনাও সমাপ্ত হ’ল৷ মোৰ প্ৰশ্ন হ’ল যে আপুনি এই কাৰ্যসূচীক কিদৰে ৰাজনীতিৰ পৰা দূৰত ৰখাত সফল হ’ল? কেতিয়াবা আপোনাৰ মনলৈ এই চিন্তা নাহে নে যে এই মঞ্চক ৰাজনীতিৰ বাবে ব্যৱহাৰ কৰিব পাৰি অথবা এই মঞ্চৰ পৰা আপুনি চৰকাৰৰ সাফল্যসমূহ ঘোষণা কৰিব পাৰে? ধন্যবাদ৷’’ (ফোন কল সমাপ্ত)
আপোনাৰ ফোন-কলৰ বাবে বহুত বহুত ধন্যবাদ৷ আপোনাৰ আশংকা সঠিক৷ দৰাচলতে নেতাসকলে মাইক পোৱা আৰু লাখ-কোটিসংখ্যক শ্ৰোতা পোৱা, তেওঁলোকক আৰু কি লাগে? কিছুসংখ্যক যুৱ মিত্ৰই ‘মন কী বাত’ৰ বিষয় সম্পৰ্কে এক অধ্যয়ন কৰিলে৷ তেওঁলোকে সকলো খণ্ডৰ এক বিশ্লেষণ কৰিলে আৰু অধ্যয়ন কৰিলে যি কোনবোৰ শব্দ কিমানবাৰ কোৱা হৈছে? কোনবোৰ শব্দ বাৰে বাৰে কোৱা হৈছে? তেওঁলোকৰ এই বিশ্লেষণ অৰাজনৈতিক আছিল৷ যেতিয়া ‘মন কী বাত’ আৰম্ভ কৰিছিলো তেতিয়া মই সিদ্ধান্ত গ্ৰহণ কৰিছিলো ইয়াত ৰাজনীতি নাথাকিব, ইয়াত চৰকাৰক বাহ বাহ কৰা নহ’ব, ইয়াত কোনো মোদী নাথাকিব আৰু মোৰ এই সংকল্প পালন কৰাৰ সবাতোকৈ বৃহৎ সম্বল, সকলোতকৈ অধিক প্ৰেৰণা পালো আপোনালোক সকলোৰে পৰা৷ প্ৰতিটো ‘মন কী বাত’ৰ খণ্ডৰ পূৰ্বে অহা পত্ৰ, অনলাইন কমেণ্টছ, ফোন-কল, ইয়াত শ্ৰোতাসকলৰ আশা পৰিষ্ফুট হয়৷ মোদী আহিব আৰু গুচি যাব, কিন্তু দেশ অটল হৈ থাকিব, আমাৰ সংস্কৃতি অমৰ হৈ থাকিব৷ ১৩০ কোটি দেশবাসীৰ এই সৰু সৰু কাহিনীসমূহ সদায়েই জীৱিত হৈ থাকিব৷ এই দেশক নতুন প্ৰেৰণাৰ সৈতে নতুন উচ্চতালৈ লৈ যাব৷ মই কেতিয়াবা কেতিয়াবা পিছলৈ ঘূৰি চাওঁ আৰু তেতিয়া অধিক আচৰিত হৈ পৰো৷ কেতিয়াবা দেশৰ এটা প্ৰান্তৰ পৰা পত্ৰ লিখি জনায়- আমি সৰু সৰু দোকানী, অটো চালক, শাক-পাচলি বিক্ৰেতা, এনে লোকৰ সৈতে অধিক দৰদাম কৰা উচিত নহয়৷ মই পত্ৰ পঢ়ো, এনেকুৱা চিন্তা আৰু অন্য পত্ৰতো পৰিলক্ষিত হ’লে তাক একেলগতে বান্ধি লও৷ দুটা কথা মই নিজৰ অভিজ্ঞতাৰ সৈতে বিনিময় কৰিব বিচাৰিছো, আপোনালোকৰ সন্মুখত ব্যক্ত কৰিব বিচাৰিছো আৰু কি ঠিক, এই কথা কেতিয়া ঘূৰি-পকি ঘৰ-পৰিয়াললৈ যাব, ছ’চিয়েল মিডিয়া আৰু হোৱাটছ এপত ঘূৰিব আৰু এক পৰিৱৰ্তনৰ দিশলৈ আগবাঢ়িব৷আপোনালোকে প্ৰেৰণ কৰা স্বচ্ছতাৰ কাহিনীসমূহে, জনসাধাৰণৰ উদাহৰণসমূহে ঘৰসমূহত এক স্বচ্ছতাৰ এক ব্ৰেণ্ড এম্বেচাদৰ প্ৰস্তুত কৰিছে যিয়ে পৰিয়ালৰ মানুহকো বাধা দিয়ে আৰু কেতিয়াবা ফোন কলেৰে প্ৰধানমন্ত্ৰীকো আদেশ দিয়ে৷ কেতিয়াবা কোনো চৰকাৰৰ ইমান শক্তি হ’বনে যে ছেলফি উইথ ডটাৰৰ ধাৰণা হাৰিয়াণাৰ এখন সৰু গাঁৱৰ পৰা আৰম্ভ কৰি সমগ্ৰে দেশতেই নহয় বিদেশতো ই জনপ্ৰিয় হৈছে৷ সমাজৰ প্ৰতিটো বৰ্গ, চেলিব্ৰেটি সকলো জড়িত হৈ পৰিছে আৰু সমাজৰ চিন্তা-ধাৰা পৰিৱৰ্তনৰ এক নতুন আধুনিক ভাষাত যাক আজিৰ প্ৰজন্মই বুজি পায়৷ কেতিয়াবা কেতিয়াবা ‘মন কী বাত’ক লৈ ঠাট্টা-মস্কৰা কৰাও হয় কিন্তু মোৰ মনত সদায়েই ১৩০ কোটি দেশবাসী প্ৰবাহমান হৈ আছে৷ তেওঁলোকৰ মনেই মোৰ মন৷ ‘মন কী বাত’ চৰকাৰী কথা নহয়- এয়া সমাজৰ কথা৷ ‘মন কী বাত’ এক প্ৰত্যাশী ভাৰত, মহত্বকাংক্ষী ভাৰতৰ কথা৷ ভাৰতৰ মূল-প্ৰাণ ৰাজনীতি নহয়, ভাৰতৰ মূল-প্ৰাণ ৰাজশক্তিও নহয়৷ ভাৰতৰ মূল-প্ৰাণ হ’ল সমাজনীতি আৰু সমাজশক্তি৷ সামাজিক জীৱনত সহস্ৰাধিক পদক্ষেপ থাকে, তাৰ ভিতৰত এটা পদক্ষেপ ৰাজনীতিও৷ ৰাজনীতিয়েই সৰ্বস্ব হৈ পৰাটো ভাল ব্যৱস্থাৰ লক্ষণ নহয়৷ কেতিয়াবা কেতিয়াবা ৰাজনৈতিক ঘটনাসমূহ আৰু ৰাজনৈতিক লোক ইমানেই প্ৰভাৱশালী হৈ পৰে যে সমাজৰ অন্য প্ৰতিভা তথা অন্য পুৰুষাৰ্থ তল পৰি যায়৷ ভাৰতৰ দৰে দেশৰ উজ্বল ভৱিষ্যতৰ বাবে জনসাধাৰণৰ প্ৰতিভাৰ পুৰুষাৰ্থই যাতে উচিত স্থান পায়, এয়া আমাৰ সকলোৰে এক সামূহিক দায়িত্ব আৰু ‘মন কী বাত’ত এই দিশত এক নম্ৰ আৰু সাধাৰণভাৱে প্ৰয়াস কৰা হয়৷
(ফোন কল-২)
‘‘নমস্কাৰ প্ৰধানমন্ত্ৰী মহোদয়! মই মুম্বাইৰ পৰা প্ৰমিতা মুখাৰ্জীয়ে কৈ আছো৷ মহোদয়, ‘মন কী বাত’ৰ প্ৰতিটো খণ্ড গভীৰ অন্তৰ্দৃষ্টিৰে, তথ্যৰে, ধনাত্মক কাহিনীৰে, সাধাৰণ লোকৰ ভাল কামৰ কথাৰে ভৰি আছে৷ মই আপোনাক সুধিব বিচাৰিছো যে প্ৰতিটো কাৰ্যসূচীৰ পূৰ্বে আপুনি কিমান প্ৰস্তুতি কৰিবলগীয়া হয়?’’ (ফোন কল সমাপ্ত)
ফোন কলৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ! আপোনাৰ প্ৰশ্ন এক প্ৰকাৰে আন্তৰিকাৰে সোধা প্ৰশ্ন৷ মই এয়া মানো যে ‘মন কী বাত’ৰ ৫০তম খণ্ড সকলোতকৈ ডাঙৰ সিদ্ধি আৰু আপুনি প্ৰধানমন্ত্ৰীক নহয়, যেন নিকটাত্মীয় এজনক প্ৰশ্ন সুধিছে৷ এয়াই লোকতন্ত্ৰ৷ আপুনি যি প্ৰশ্ন সুধিছে তাৰ পোনপটীয়া উত্তৰ হ’ল- একো প্ৰস্তুতি নকৰো৷ দৰাচলতে ‘মন কী বাত’ মোৰ বাবে অতিশয় সাধাৰণ কাম৷ প্ৰতিবাৰে ‘মন কী বাত’ৰ পূৰ্বে জনসাধাৰণৰ পৰা অসংখ্য পত্ৰ আহে৷ মাই গভ আৰু নৰেন্দ্ৰ মোদী ম’বাইল এপত জনতাই নিজৰ চিন্তা-ধাৰা ব্যক্ত কৰে৷ এটা টোল ফ্ৰী নম্বৰো আছে- 1800117800৷ তালৈ ফোন কৰি জনতাই নিজৰ বাৰ্তা নিজৰ শব্দত ৰেকৰ্ডো কৰিব পাৰে৷ মোৰ প্ৰচেষ্টা এটাই যে ‘মন কী বাত’ৰ পূৰ্বেই অধিকতম ৰূপত পত্ৰ আৰু মন্তব্য মই নিজে পঢ়োঁ৷ মই বহুতো ফোন কলো শুনো৷ ‘মন কী বাত’ৰ খণ্ডৰ সময় যেতিয়াই কাষ চাপি আহে তেতিয়া ভ্ৰমণৰ সময়ত আপোনালোকৰ দ্বাৰা প্ৰেৰণ কৰা চিন্তা-ধাৰা আৰু ইনপুটসমূহ মই ধ্যান দি পঢ়োঁ৷
প্ৰতিটো পল দেশবাসী মোৰ মনত প্ৰবাহিত হৈ থাকে আৰু সেইবাবে যেতিয়াই কোনো পত্ৰ পঢ়োঁ তেতিয়া পত্ৰ লিখোঁতাজনৰ পৰিস্থিতি, তেওঁৰ ভাব মোৰ চিন্তাৰ অংশ হৈ পৰে৷ সেই পত্ৰখন তেতিয়া মোৰ বাবে কাগজৰ টুকুৰা হৈ নাথাকে আৰু এনেও মই প্ৰায় ৪০-৪৫ বৰ্ষ এক পৰিব্ৰাজকৰ ৰূপত জীৱন অতিবাহিত কৰিছো আৰু দেশৰ বহু জিলালৈ গৈছো আৰু দেশৰ দূৰ-দুৰণিৰ জিলাত মই বহু সময় অতিবাহিত কৰিছো৷ আৰু সেইবাবে যেতিয়াই মই পত্ৰখন পঢ়ো তেতিয়া মই সেই স্থান আৰু সন্দৰ্ভৰ দ্বাৰা সহজেই আপোনালোকৰ সৈতে সম্পৰ্ক স্থাপন কৰিব পাৰোঁ৷ ইয়াৰ পিছত মই কিছুমান তথ্যভিত্তিক কথা যেনে গাঁও, ব্যক্তিৰ নাম আদি টুকি লওঁ৷ সঁচাকৈয়ে ক’বলৈ গ’লে ‘মন কী বাত’ৰ ধ্বনিটো মোৰ, কিন্তু উদাহৰণ, আবেগ আৰু আত্মা মোৰ দেশবাসীৰ৷ মই ‘মন কী বাত’ত অংশগ্ৰহণ কৰা প্ৰত্যেক ব্যক্তিক ধন্যবাদ প্ৰদান কৰিব বিচাৰিছো৷ এনেকুৱা লক্ষাধিক লোক আছে যাৰ নাম মই আজি পৰ্যন্ত ‘মন কী বাত’ত ল’ব নোৱাৰিলো কিন্তু তেওঁলোকে নিৰাশ নহৈ নিজৰ পত্ৰ, নিজৰ মন্তব্য প্ৰেৰণ কৰে-আপোনালোকৰ বিচাৰ, আপোনালোকৰ ভাৱনাৰ মোৰ জীৱনত অধিক গুৰুত্ব আছে৷ মোৰ সম্পূৰ্ণ বিশ্বাস যে আপোনালোক সকলোৰে চিন্তাধাৰাসমূহ পূৰ্বতকৈও অধিক সংখ্যাত মই পাম আৰু ইয়াৰ দ্বাৰা ‘মন কী বাত’ অধিক ৰুচিশীল, প্ৰভাৱী আৰু উপযোগী হৈ উঠিব৷ এয়াও এক প্ৰয়াস কৰা হয় যে যিবোৰ পত্ৰ ‘মন কী বাত’ত অন্তৰ্ভুক্ত কৰা নহয়, সেই পত্ৰসমূহো ধ্যান দি পঢ়া হয়৷ মই আকাশবাণী, এফএম ৰেডিঅ’, দূৰদৰ্শন, অন্য টিভি চেনেল, ছ’চিয়েল মিডিয়াৰ মোৰ সহযোগীসকলকো ধন্যবাদ প্ৰদান কৰিব বিচাৰিছো৷ তেওঁলোকৰ পৰিশ্ৰমৰ ফলতেই ‘মন কী বাত’ অধিক সংখ্যক লোকৰ কাষ চাপিবলৈ সক্ষম হৈছে৷ আকাশবাণীৰ টীমে প্ৰতিটো খণ্ড বিভিন্ন ভাষাত সম্প্ৰচাৰ কৰাৰ বাবে প্ৰস্তুত কৰে৷ বহুলোকে আঞ্চলিক ভাষাত মোদীৰ সৈতে প্ৰায় একে ধ্বনিৰ লোকৰ পৰা একেই আণ্ডাজত ‘মন কী বাত’ শুনে৷ এইদৰে তেওঁলোক ৩০ মিনিটৰ বাবে নৰেন্দ্ৰ মোদী হৈ পৰে৷ মই তেওঁলোকৰ প্ৰতিভা আৰু দক্ষতাৰ বাবে অভিনন্দন জনাইছো, ধন্যবাদ প্ৰদান কৰিছো৷ মই আপোনালোক সকলোৰে পৰা আগ্ৰহ কৰিম যে আপোনালোকে যাতে এই কাৰ্যসূচী স্থানীয় ভাষাতো শুনে৷ মই সংবাদ মাধ্যমৰ সেইসকল ব্যক্তিকো হৃদয়েৰে ধন্যবাদ প্ৰদান কৰিব বিচাৰিছো যিয়ে নিজৰ চেনেলত ‘মন কী বাত’ৰ প্ৰতিটো খণ্ড নিয়মিত ৰূপত প্ৰচাৰ কৰে৷ কোনো ৰাজনৈতিক ব্যক্তিয়েই সংবাদ মাধ্যমৰ সৈতে সুখী কেতিয়াও নহয়, তেওঁলোকে ভাবে যে তেওঁলোকৰ প্ৰচাৰ কম হৈছে, আৰু যি প্ৰচাৰ পায় সেয়াও ঋণাত্মক হয়৷ কিন্তু ‘মন কী বাত’ত উত্থাপন কৰা বিষয়সমূহ সংবাদ মাধ্যমে আঁকোৱালি লৈছে৷ স্বচ্ছতা, পথ সুৰক্ষা, ড্ৰাগ মুক্ত ভাৰত, ছেলফি উইথ ডটাৰ আদিৰ দৰে বিষয়সমূহ সংবাদ মাধ্যমে উদ্ভাৱনী ৰূপ প্ৰদান কৰি এক অভিযানৰ ৰূপত আগুৱাই লৈ গৈছে৷ টিভি চেনেলে ইয়াক most watched radio programme হিচাপে ঘোষণা কৰিছে৷ মই সংবাদ মাধ্যমক হৃদয়েৰে অভিনন্দন জনাইছো৷ আপোনাৰ সহযোগিতা অবিহনে ‘মন কী বাত’ৰ এই যাত্ৰা আধৰুৱা হৈ থাকিলহেঁতেন৷
(ফোন কল-৩)
‘‘নমস্কাৰ মোদী মহোদয়! মই মছুৰী উত্তৰাখণ্ডৰ পৰা নিধি বহুগুণাই কৈ আছো৷ মই দুজন তৰুণৰ মাতৃ৷ মই প্ৰায়েই দেখিছো যে এই বয়সৰ ল’ৰা-ছোৱালীয়ে এইটো পচন্দ নকৰে যে তেওঁলোকক কোনোবাই কওক তেওঁলোকে কি কৰিব লাগে? সেয়া লাগিলে তেওঁলোকৰ শিক্ষকেই হওক অথবা পিতৃ-মাতৃয়েই হওক৷ কিন্তু যেতিয়া আপোনাৰ ‘মন কী বাত’ আৰম্ভ হয় তেতিয়া আপুনি ল’ৰা-ছোৱালীক কিবা ক’লে তেওঁলোকে হৃদয়েৰে বুজি পায় আৰু সেই কথাসমূহ পালনো কৰে- আপুনি এই ৰহস্য আমাৰ সৈতে বিনিময় কৰিব নেকি? যে যিদৰে আপুনি কথা কয় অথবা যিবোৰ বিষয় আপুনি উত্থাপন কৰে সেয়া ল’ৰা-ছোৱালীবোৰে ভালদৰে বুজি পায় আৰু পালন কৰে৷ ধন্যবাদ৷’’ (ফোন কল সমাপ্ত)
নিধি মহোদয়া, আপোনাৰ ফোন কলৰ বাবে বহুত বহুত ধন্যবাদ৷ দৰাচলতে মোৰ ওচৰত কোনো ৰহস্য নাই৷ যিবোৰ কথা মই কওঁ সেইবোৰ পৰিয়ালৰ ভিতৰতো কোৱা হয়৷ সৰল ভাষাত ক’বলৈ গ’লে মই নিজকে সেই তৰুণৰ ৰূপত তুলনা কৰোঁ, নিজকে সেই পৰিস্থিতিসমূহৰ সন্মুখীন কৰি তেওঁলোকৰ বিচাৰধাৰাৰ সৈতে এক সামঞ্জস্য ৰাখি, এক তৰংগ দৈৰ্ঘ সাদৃশ্যকৰণ কৰাৰ প্ৰয়াস কৰোঁ৷ আমাৰ নিজৰ জীৱনৰ যি পুৰণি টালি-টোপোলা আছে, যেতিয়া সেয়া মাজলৈ নাহে তেতিয়া কাৰোবাক বুজি পোৱাটো সহজ হৈ পৰে৷ কেতিয়াবা কেতিয়াবা আমাৰ পুৰ্বাগ্ৰহেই সংবাদৰ বাবে সকলোতকৈ ডাঙৰ সংকট হৈ পৰে৷ স্বীকাৰ-অস্বীকাৰ আৰু প্ৰতিক্ৰিয়াসমূহৰ পৰিৱৰ্তে কোনো এটা কথা বুজি পোৱাটো মোৰ প্ৰাথমিকতা৷ মোৰ অভিজ্ঞতা আছে যে এনেকুৱা বিষয়ত সন্মুখৰ ব্যক্তিজনেও আমাক নিশ্চিত কৰাৰ বাবে তৰ্ক অথবা বল প্ৰয়োগ কৰাৰ পৰিৱৰ্তে আমাৰ তৰংগ দৈৰ্ঘত সমায়িত হোৱাৰ প্ৰয়াস কৰে৷ সেইবাবে যোগাযোগৰ ব্যৱধান নোহোৱা হৈ পৰে আৰু সেই চিন্তাধাৰাৰ সৈতে আমি দুয়ো সহযাত্ৰী হৈ পৰোঁ৷ দুয়োজনেই গমেই নাপাও যে কেতিয়া আৰু কিদৰে নিজৰ চিন্তাধাৰা ত্যাগ কৰি আনজনক স্বীকাৰ কৰি লৈছো৷ আজিৰ যুৱসমাজে এনেকুৱা কাম নকৰে যিটোৰ ওপৰত তেওঁলোকৰ বিশ্বাস নাই আৰু যেতিয়া তেওঁলোকে কোনো এটা কথাক বিশ্বাস কৰি লয় তেতিয়া সকলো এৰি সেই কথাটোৰ পিছত লাগি ধৰে৷ প্ৰায়েই মানুহে পৰিয়ালত ডাঙৰ আৰু সৰুৰ মাজত যোগাযোগৰ ব্যৱধানৰ বিষয়ে চৰ্চা কৰে৷ দৰাচলতে অধিক সংখ্যক পৰিয়ালতেই কিশোৰ-কিশোৰীসকলৰ সৈতে বাৰ্তালাপ কৰাৰ পৰিসৰ অতিশয় সীমিত হয়৷ অধিক সময়েই অধ্যয়নৰ কথা অথবা অভ্যাসসমূহৰ কথা আৰু পিছত জীৱনশৈলীক লৈ ‘এনেকুৱা কৰ- এনেকুৱা নকৰ’ বিনা কোনো আশা নকৰাকৈ মুক্ত মনে কথা পতাটো ধীৰে ধীৰে পৰিয়ালতো কম হৈ পৰে আৰু এয়া চিন্তাৰ বিষয়৷
Except ৰ পৰিৱৰ্তে accept আৰু dismiss কৰাৰ পৰিৱৰ্তে discuss কৰাৰ সংবাদ প্ৰভাৱী হ’ব৷ ভিন্ন ভিন্ন কাৰ্যসূচী অথবা ছ’চিয়েল মিডিয়াৰ জৰিয়তে যুৱসমাজৰ সৈতে নিৰন্তৰ কথা পাতিবলৈ মই প্ৰয়াস কৰোঁ৷ তেওঁলোকে যি কৰি আছে অথবা যি ভাবি আছে- সেয়া শিখাৰ বাবে মই সদায়েই প্ৰয়াস কৰোঁ৷ তেওঁলোকৰ সৈতে সদায়েই চিন্তাধাৰাৰ ভাণ্ডাৰ থাকে৷ তেওঁলোক অত্যাধিক প্ৰাণৱন্ত, উদ্ভাৱনী আৰু লক্ষ্য নিৰ্ধাৰণযুক্ত বয়৷ ‘মন কী বাত’ৰ জৰিয়তে মই যুৱসমাজৰ প্ৰয়াসক, তেওঁলোকৰ কথাক অধিকতম ৰূপত পালন কৰাৰ প্ৰয়াস কৰোঁ৷ প্ৰায়েই অভিযোগ উত্থাপিত হয় যে যুৱসমাজে অধিক প্ৰশ্ন কৰে৷ মই কওঁ যে এয়াতো ভালৰেই কথা৷ এয়া ভাল কথা কাৰণ ইয়াৰ অৰ্থ এয়াই যে তেওঁলোকে সকলো কথা চালি-জাৰি চায়৷ কিছুমান লোকে কয় যে যুৱসমাজৰ ধৈৰ্য নাই৷ কিন্তু মই ভাবোঁ যে যুৱসমাজৰ সময় নষ্ট কৰাৰ বাবে সময় নাই৷ এইবাবেই আজিৰ যুৱসমাজে অধিকতম ৰূপত উদ্ভাৱন কৰিবলৈ সমৰ্থ হয়, কিয়নো তেওঁলোকে কামবোৰ শীঘ্ৰে সমাপন হোৱাটো বিচাৰে৷ আমি ভাবো যে আজিৰ যুৱসমাজ অধিক উচ্চাকাংক্ষী আৰু বহুত ডাঙৰ ডাঙৰ কথা ভাবে৷ ভাল কথা, ডাঙৰ সপোন দেখক আৰু বৃহৎ সফলতা লাভ কৰক- এয়াইতো নতুন ভাৰত৷ কিছুমান লোকে কয় যে যুৱসমাজে এটা সময়তে বহুত কাম কৰিব বিচাৰে৷ মই কওঁ, ইয়াত বেয়া কি? তেওঁলোক মাল্টিটাস্কিঙত পাৰ্গত, সেয়ে এনেকুৱা কৰে৷ যদি আমি ওচৰে-পাজৰে চাওঁ তেতিয়া দেখিম যে সামাজিক উদ্যমিতাই হওক, ষ্টাৰ্ট-আপেই হওক, ক্ৰীড়াই হওক অথবা অন্য কোনো ক্ষেত্ৰই হওক-সমাজলৈ পৰিৱৰ্তন যুৱসমাজেই আনে৷ এই যুৱসমাজেই প্ৰশ্ন সুধিবলৈ আৰু ডাঙৰ সপোন দেখাৰ সাহস কৰিছে৷ যদি আমি যুৱসমাজৰ চিন্তাধাৰা ধৰাতললৈ নমাই আনো, তেওঁলোকক অভিব্যক্ত কৰাৰ বাবে মুক্ত বাতাৱৰণ প্ৰদান কৰোঁ তেতিয়া দেশলৈ ধনাত্মক পৰিৱৰ্তন আহিব পাৰে৷ তেওঁলোকে এনেকুৱা কৰেও৷
মোৰ মৰমৰ দেশবাসীসকল, গুৰুগ্ৰামৰ পৰা বিনীতা মহোদয়াই মাই গভত লিখিছে যে ‘মন কী বাত’ত মই কাইলৈ অৰ্থাৎ ২৬ নৱেম্বৰৰ ‘সংবিধান দিৱস’ৰ বিষয়ে ক’ব লাগে৷ তেওঁৰ মতে এইটো এটা বিশেষ দিন কিয়নো আমি সংবিধান গ্ৰহণ কৰাৰ ৭০তম বৰ্ষত প্ৰৱেশ কৰিবলৈ ওলাইছো৷
বিনীতা মহোদয়, আপোনাৰ প্ৰস্তাৱৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ৷
হয়, কাইলৈ ‘সংবিধান দিৱস’৷ সেই মহান ব্যক্তিসকলক স্মৰণ কৰাৰ দিন যিসকলে আমাৰ সংবিধান ৰচনা কৰিলে৷ ২৬ নৱেম্বৰ ১৯৪৯ চনত আমাৰ সংবিধান গৃহীত হৈছিল৷ সংবিধানৰ খচৰা প্ৰস্তুত কৰাৰ এই ঐতিহাসিক কাৰ্যক সম্পূৰ্ণ কৰাৰ বাবে সংবিধান সভাক ২ বছৰ, ১১ মাহ আৰু ১৭ দিনৰ প্ৰয়োজন হৈছিল৷ কল্পনা কৰক, ৩ বছৰৰ ভিতৰতেই সেই মহান ব্যক্তিসকলে আমাক ইমান ব্যাপক আৰু বিস্তৃত সংবিধান প্ৰদান কৰিলে৷ তেওঁলোকে যি অসাধাৰণ গতিৰে সংবিধান প্ৰস্তুত কৰিলে আজিও এয়া সময় ব্যৱস্থাপনা আৰু উৎপাদনশীলতাৰ এক অত্যুত্তম উদাহৰণ৷ ইয়াৰ দ্বাৰা আমি নিজৰ দায়িত্বক ৰেকৰ্ড সময়ৰ ভিতৰত সম্পূৰ্ণ কৰাৰ বাবে প্ৰেৰণা পাঁও৷ সংবিধান সভা দেশৰ মহান ব্যক্তিসকলৰ প্ৰতিভাৰ সংগম আছিল, তেওঁলোকৰ প্ৰত্যেকেই দেশক এনেকুৱা এক সংবিধান প্ৰদান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ আছিল যাৰ দ্বাৰা ভাৰতৰ লোক সশক্ত হ’ব পাৰে, দৰিদ্ৰতকৈও দৰিদ্ৰতম ব্যক্তি সমৰ্থ হ’ব পাৰে৷
আমাৰ সংবিধানৰ এক উল্লেখযোগ্য কথা এয়াই যে অধিকাৰ আৰু কৰ্তব্য অৰ্থাৎ, ইয়াৰ বিষয়ে বিস্তাৰিতভাৱে বৰ্ণনা কৰা হৈছে৷ নাগৰিকৰ জীৱনত এই দুয়োটাৰ সামঞ্জস্যতাই দেশক আগুৱাই লৈ যাব৷ যদি আমি আনৰ অধিকাৰক সন্মান কৰিম তেতিয়া আমাৰ অধিকাৰৰ ৰক্ষা নিজেই হ’ব আৰু এইদৰেই যদি আমি সংবিধানত প্ৰদান কৰা নিজৰ কৰ্তব্যসমূহ পালন কৰোঁ তেতিয়া আমাৰ অধিকাৰৰ ৰক্ষাও স্বয়ং হ’ব৷ মোৰ এতিয়াও মনত আছে ২০১০ চনত যেতিয়া ভাৰতৰ গণতন্ত্ৰৰ ৬০ বছৰ পূৰ্ণ হৈছিল তেতিয়া আমি গুজৰাটত হাতীৰ ওপৰত সংবিধান ৰাখি শোভাযাত্ৰা উলিয়াইছিলো৷ যুৱসমাজৰ মাজত সংবিধানৰ বিষয়ে সজাগতা বৃদ্ধি কৰাৰ বাবে আৰু তেওঁলোকক সংবিধানৰ পদক্ষেপসমূহৰ সৈতে জড়িত কৰাৰ বাবে এয়া এক স্মৰণীয় প্ৰসংগ হিচাপে বিবেচিত হৈছিল৷ ২০২০ চন গণতন্ত্ৰৰ ৭০তম বৰ্ষ পূৰণ হ’ব আৰু ২০২২ চনত আমাৰ স্বাধীনতা ৭৫তম বৰ্ষ পূৰণ হ’ব৷
আহক, আমি সকলো আমাৰ সংবিধানৰ মূল্যবোধ আগুৱাই লৈ যাও আৰু নিজৰ নিজৰ শান্তি, উন্নতি আৰু সমৃদ্ধি সুনিশ্চিত কৰোঁ৷
মোৰ মৰমৰ দেশবাসীসকল, সংবিধান সভাৰ প্ৰসংগ উত্থাপন হোৱাৰ সময়ত আমি সেইসকল মহাপুৰুষৰ যোগদানৰ কথাও পাহৰিব নোৱাৰো যি সংবিধান সভাৰ কেন্দ্ৰত আছিল৷ এই মহাপুৰুষ আছিল পুজনীয় ডঃ বাবা চাহেব আম্বেদকাৰ৷ ৬ ডিচেম্বৰত তেওঁৰ মহা-পৰিনিৰ্বাণ দিবস৷ মই সকলো দেশবাসীৰ তৰফৰ পৰা বাবা চাহেবক সেৱা জনাইছো যিয়ে কোটি কোটি ভাৰতীয়ক জীৱনৰ অধিকাৰ প্ৰদান কৰিলে৷ লোকতন্ত্ৰ বাবা চাহেবৰ জীৱনৰ অংশস্বৰূপ আছিল আৰু তেওঁ কৈছিল যে ভাৰতৰ লোকতান্ত্ৰিক মূল্যবোধ বাহিৰৰ পৰা অহা নাই৷ গণতন্ত্ৰ কি আৰু সংসদীয় ব্যৱস্থা কি হয়- এয়া ভাৰত বাবে কোনো নতুন কথা নহয়৷ সংবিধান সভাত তেওঁলোকে এক অতিশয় ভাবুক আপীল কৰিছিল যে ইমান সংঘৰ্ষৰ পিছত পোৱা স্বতন্ত্ৰতাৰ ৰক্ষা আমি নিজৰ শেষ টোপাল তেজ থকালৈকে ৰক্ষা কৰিব লাগিব৷ তেওঁ এয়াও কৈছিল যে আমি ভাৰতীয়সকল ভিন্ন ভিন্ন পৃষ্ঠভূমিৰ হ’ব পাৰোঁ কিন্তু আমি সবাৰো ঊৰ্ধত দেশহিতক ৰাখিব লাগিব৷ ইণ্ডিয়া ফাৰ্ষ্ট- ডাঃ বাবা চাহেব আম্বেদকাৰৰ এয়াই মূলমন্ত্ৰ আছিল৷ পুনৰ তেওঁলৈ বিনম্ৰ শ্ৰদ্ধাঞ্জলি যাচিছোঁ৷
মোৰ মৰমৰ দেশবাসীসকল, দুদিন পূৰ্বে ২৩ নৱেম্বৰ তাৰিখে আমি সকলোৱে গুৰু নানক দেৱজীৰ জয়ন্তী পালন কৰিছো আৰু অহা বৰ্ষত অৰ্থাৎ ২০১৯ বৰ্ষত আমি তেওঁৰ ৫৫০তম প্ৰকাশ পৰ্ব পালন কৰিম৷ গুৰু নানক দেৱজীয়ে সৰ্বদা সমগ্ৰ মানৱতাৰ কল্যাণৰ বিষয়ে চিন্তা কৰিছিল৷ তেওঁ সমাজক সদায়েই সত্য, কৰ্ম, সেৱা, কৰুণা আৰু সৌহাৰ্দ্যৰ মাৰ্গ প্ৰদৰ্শিত কৰিছিল৷ দেশে অহা বৰ্ষত গুৰু নানক দেৱজীৰ ৫৫০তম জয়ন্তী ধুমধামেৰে পালন কৰিব৷ ইয়াৰ ৰং দেশতেই নহয়, সমগ্ৰ বিশ্বতে প্ৰসাৰিত হ’ব৷ ইয়াৰ সৈতে গুৰু নানক দেৱজীৰ সৈতে জড়িত পবিত্ৰস্থলৰ পথত এক ৰে’লো চলোৱা হ’ব৷ অলপতে যেতিয়া মই ইয়াৰ সৈতে জড়িত বৈঠকত ব্যস্ত আছিলো তেতিয়া সেই সময়তেই মোৰ চাহিব গুৰুদ্বাৰৰ কথা মনলৈ আহিল৷ ২০০১ চনত গুজৰাটত হোৱা বৃহৎ ভূমিম্পৰ ফলত সেই গুৰুদ্বাৰৰ বৃহৎ ক্ষতি হৈছিল কিন্তু স্থানীয় লোকসকলৰ সৈতে ৰাজ্য চৰকাৰে লগ হৈ যিদৰে ইয়াৰ পুনৰুদ্ধাৰ কৰিলে সেয়া আজিও এক উদাহৰণৰ বিষয়৷
ভাৰত চৰকাৰে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে৷ এই সিদ্ধান্ত অনুসৰি কৰতাৰপুৰ কৰিডৰ নিৰ্মাণৰ জৰিয়তে আমাৰ দেশৰ তীৰ্থযাত্ৰীসকলে সহজেই পাকিস্তানৰ কৰতাৰপুৰত গুৰু নানক দেৱজীৰ সেই পবিত্ৰস্থল দৰ্শন কৰিব পাৰিব৷
মোৰ মৰমৰ দেশবাসীসকল, ৫০তম খণ্ডৰ পিছত আমি পুনৰ বাৰ অহা ‘মন কী বাত’ত লগ পাম আৰু মোৰ বিশ্বাস যে আজি ‘মন কী বাত’ৰ এই কাৰ্যসূচীৰ অন্তৰালৰ উদ্দেশ্য প্ৰথমবাৰলৈ মই আপোনালোকৰ সন্মুখত দাঙি ধৰিবলৈ সুযোগ পালো কিয়নো আপোনালোকে এনেকুৱা ধৰণৰেই প্ৰশ্ন উত্থাপন কৰিলে আৰু আমাৰ এই যাত্ৰা অব্যাহত থাকিব৷ আপোনালোকে যিমানে সংবদ্ধ হ’ব সিমানেই আমাৰ যাত্ৰা গভীৰ হ’ব আৰু সকলোৱে সন্তোষিত হ’ব৷ কেতিয়াবা কেতিয়াবা জনতাৰ মনত প্ৰশ্ন উত্থাপিত হয় যে ‘মন কী বাত’ৰ দ্বাৰা মই পালো? মই আজি ক’ব বিচাৰিম যে ‘মন কী বাত’ৰ যি প্ৰতিক্ৰিয়া পোৱা যায় সেয়াই মোৰ মন স্পৰ্শ কৰে৷ বহুতে কয় যে যেতিয়া আমি পৰিয়ালৰ সৈতে লগ হৈ ‘মন কী বাত’ শুনো তেতিয়া এনে লাগে যেন আমাৰ পৰিয়ালৰ মুখ্য ব্যক্তিজনে আমাৰ মাজত বহি আমাৰ নিজৰেই কথা আমাৰ আগত কৈ আছে৷ যেতিয়া মই এই কথাষাৰ ব্যাপক ৰূপত শুনিলো তেতিয়া মই অতিশয় সুখী হ’লো যে মই আপোনালোকৰ, আপোনালোকৰ পৰাই মই, আপোনালোকৰ মাজত আছো, আপোনালোকেই মোক নিৰ্মাণ কৰিছে আৰু এক প্ৰকাৰে মই আপোনালোকৰ পৰিয়ালৰ সদস্যৰ ৰূপত ‘মন কী বাত’ৰ জৰিয়তে বাৰে বাৰে আহিম, আপোনালোকৰ সৈতে জড়িত হ’ম৷ আপোনালোকৰ সুখ-দুখ, মোৰ সুখ-দুখ৷ আপোনালোকৰ আকাংক্ষা, মোৰ আকাংক্ষা, আপোনালোকৰ মহত্বকাংক্ষা, মোৰ মহত্বকাংক্ষা৷
আহক, এই যাত্ৰাক আমি আৰু অধিক আগুৱাই লৈ যাওঁ৷
বহুত-বহুত ধন্যবাদ৷
********
AKT/KP/VK/MANN
(ৰিলিজ আই ডি : 1554272)
অতিথি কক্ষ : 196