প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

উজবেকিস্তানৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণ কালত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতি

পোষ্ট কৰা হৈছে: 01 OCT 2018 3:23PM by PIB Guwahati

মাননীয় ৰাষ্ট্ৰপতি তথা মোৰ বন্ধু মিৰ্জিয়োয়েব

উজবেকিস্তানৰ পৰা অহা সন্মানীয় অতিথিবৃন্দৰ লগতে বন্ধুসকল,

ভাৰতীয় প্রতিনিধিদলৰ সদস্যবৃন্দ,

নমস্কাৰ।

ৰাষ্ট্রপতি মহোদয়,

এয়া আপোনাৰ প্রথমটো চৰকাৰী ভাৰত ভ্ৰমণমই অতিশয় আনন্দিত হৈছো যে আপুনি নিজৰ পৰিয়ালৰ সদস্য আৰু এক উচ্চ পর্যায়ৰ প্রতিনিধি দল লগত আনিছে। আপোনাৰ পৰিয়ালৰ সদস্যৰ লগতে প্রতিনিধিদলৰ সদস্যসকলক আদৰণি জনাবলৈ পাই মই অত্যন্ত আনন্দিত হৈছোউজবেকিস্তান আৰু ভাৰতৰ মাজত ঘনিষ্ঠ সম্পর্কৰ সাক্ষী আমাৰ পাৰস্পৰিক ইতিহাস আৰু সংস্কৃতি। ‘মেহমান’, ‘দোস্ত’ আৰু ‘আজিজ’ৰ দৰে অসংখ্য শব্দ উভয় দেশত একেই অর্থ বহন কৰে আৰু ই সমানভাবেই প্রযোজ্য হয়য়া কেৱল ভাষাৰ মিল নহয়, হৃদয় আৰু ভাৱনাৰ মিল। মই গর্বিত আৰু আনন্দিত যে আমাৰ উভয় দেশৰ সম্পর্কৰ বুনিয়াদ ইমান শক্তিশালী ভেঁটি লৈ গঢ় উঠিছে। ৰাষ্ট্রপতি মহোদয়, ২০১৫ চনত যেতিয়া মই উজবেকিস্তান ভ্ৰমণ গৈছিলো, তেতিয়া আপোনাৰ সৈতে মোৰ প্ৰথম পৰিচয় হৈছিল। আপোনাৰ ভাৰতৰ প্রতি থকা সদ্ভাৱনা আৰু বন্ধুত্বপূৰ্ণ ভাৱনা দেখি মোৰ মনত আপোনাৰ ব্যক্তিত্বই প্রভাৱ পেলাইছিল। এইবাৰ আমি চতুর্থবাৰলৈ সাক্ষাৎ হৈছোকিন্তু মোৰ মনত আপুনি ইতিমধ্যে এজন ঘনিষ্ঠ বন্ধুৰ স্থান দখল কৰিছে। আপুনি মোৰ ‘আজিজ দোস্ত’! আপোনাৰ লগত অহা উচ্চ পৰ্যায়ৰ প্রতিনিধিদলক ওচৰত পাই মই অতিশয় আনন্দিত হৈছোআপোনাৰ আদেশ আৰু প্রদর্শিত পথত বিগত দিনসমূহত ভাৰতত তেওঁলোকে অনেকৰ সৈতে ভাৰতীয় প্রতিনিধিদলৰ গুৰুত্বপূর্ণ দেখা-সাক্ষাৎ হৈছে। আজি আমাৰ মাজত গুৰুত্বপূর্ণ আৰু সার্থক আলোচনা হৈছে। ভাৰত আৰু উজবেকিস্তানৰ ঐতিহাসিক সম্পর্কক আৰু অধিক সুদৃঢ় কৰি তুলিবলৈ আমাৰ কৌশলগত অংশীদাৰিত্বক অধিক শক্তিশালী কৰাৰ বাবে আমি কেতবোৰ সুদূৰপ্রসাৰী পদক্ষেপ গ্ৰহণ কৰিছোআঞ্চলিক গুৰুত্ব বিষয়ক আলোচনা, য’ত আমাৰ নিৰাপত্তা, শান্তি, সমৃদ্ধি আৰু পাৰস্পৰিক সহযোগিতাক লৈ সার্থক আলোচনা হৈছে। এই বিষয়বোৰক আমি ছাংহাই সহযোগিতা সংস্থাকে ধৰি বিভিন্ন আন্তঃৰাষ্ট্ৰীয় মঞ্চত উত্থাপন কৰি আমাৰ সহযোগিতাক শক্তিশালী কৰি তোলাৰ সিদ্ধান্ত লৈছোআজিৰ এই সাক্ষাতত আমি এই বিষয়ত সহমতত উপনীচ হৈছো যে উভয় দেশৰ মাজত প্রাচীন আৰু প্রগাঢ় সম্পর্কক উভয় দেশৰ জনগণৰ আশা-আকাংক্ষা অনুসৰি অধিক বিস্তাৰিত কৰাৰ সময় আহিছে।

ৰাষ্ট্ৰপতি মহোদয়,

আপোনাৰ একাধিক সাহসী আৰু গুৰুত্বপূর্ণ পদক্ষেপ তথা সংস্কাৰৰ ফলত উজবেকিস্তানে পুৰণি ব্যৱস্থাক বাদ দি আধুনিকতাৰ পথত দ্রুতগতিতে আগুৱাই গৈছে। এয়া আপোনাৰ নেতৃত্ব আৰু দূৰদৃষ্টিৰ ফলমই ইয়াক স্বাগতম জনাইছোআপোনাক বহুত বহুত অভিনন্দন জনোৱাৰ লগতে ভৱিষ্যতে আৰু সফলতা অৰ্জন কৰাৰ বাবে শুভেচ্ছা জনাইছো

ৰাষ্ট্ৰপতি মহোদয়,

উজবেকিস্তানৰ অগ্রাধিকাৰ অনুসৰি ভাৰতে প্রস্তাৱিত ক্ষেত্রসমূহত সহযোগিতাৰ হাত আগবঢ়াই দিবলৈ প্রতিশ্ৰুতিবদ্ধ। আমি বর্তমান সহযোগিতাৰ ক্ষেত্র বৃদ্ধিৰ বাবে আমি আজি বিশেষভাবে আলোচনা কৰিছোব্যৱসায় আৰু বিনিয়োগেৰ সম্পর্ক বৃদ্ধিৰ ক্ষেত্রত আমি সহমত পোষণ কৰিছো২০২০ চনৰ ভিতৰত দ্বিপাক্ষিক বাণিজ্য ১ বিলিয়ন ডলাৰলৈ উন্নীত কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে। আমি অগ্রাধিকাৰসম্পন্ন বাণিজ্য চুক্তিৰ ক্ষেত্রত আলাপ-আলোচনা আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছোউজবেকিস্তানৰ প্রস্তাৱত ভাৰতে উজবেকিস্তানৰ সামাজিক ক্ষেত্রত সেৱা আগবঢ়োৱাত সহায় কৰিবসুলভ মূল্যত গৃহ নির্মাণ আৰু এইধৰণৰ আৰু সামাজিক পৰিকাঠামো নির্মাণ প্রকল্পৰ বাবে ২০০ মিলিয়ন ডলাৰৰ লাইন অফ ক্রেডিট প্রদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। তদুপৰি, ৮০০ মিলিয়ন ডলাৰৰ লাইন অফ ক্রেডিট তথা এক্সিম বেংকৰ জৰিয়তে ‘ক্ৰেতাৰ ঋণ’ৰ অন্তর্গত আমি উজবেকিস্তানৰ প্রস্তাৱসমূহক আদৰণি জনামমহাকাশ বিজ্ঞান, মানৱসম্পদ উন্নয়ন আৰু তথ্য প্রযুক্তিৰ ক্ষেত্রত উজবেকিস্তানৰ উন্নয়নৰ স্বার্থত ভাৰতৰ অভিজ্ঞতাক কামত লগোৱাৰ প্রস্তাৱ আমি উত্থাপন কৰিছোভাৰত আৰু উজবেকিস্তানৰ ৰাজ্যসমূহৰ মাজত ক্রমবর্ধমান সহযোগিতাক আমি আদৰণী জনাইছোআজি আগ্রা আৰু সমর্কন্দেৰ মাজত দ্বিপাক্ষিক চুক্তি আৰু গুজৰাট আৰু আন্দিজনৰ মাজত চুক্তি স্বাক্ষৰিত হৈছে। ভাৰত আৰু উজবেকিস্তানৰ মাজত যোগাযোগ বৃদ্ধিৰ বিভিন্ন উপায় সন্দৰ্ভতো আমি আলোচনা কৰিছো। বাণিজ্য আৰু যোগাযোগ ব্যৱস্থা বৃদ্ধিৰ এয়া এক গুৰুত্বপূর্ণ পদক্ষেপ। ভাৰতে ২০১৮ৰ ফেব্রুৱাৰীত আছগাবেট চুক্তিৰ সদস্যভূক্তি হৈছে। এই ক্ষেত্রত সমর্থনৰ বাবে আমি উজবেকিস্তানৰ প্রতি কৃতজ্ঞতা জনাইছোআমি আনন্দিত যে উজবেকিস্তান আন্তর্জাতিক উত্তৰ-দক্ষিণ পৰিবহণ কৰিডৰত অন্তৰ্ভূক্ত হোৱাৰ ক্ষেত্রত সহমতত উপনীত হৈছে।

ৰাষ্ট্ৰপতি মহোদয়,

আপোনাৰ জ্যেষ্ঠ পৰামর্শদাতা আৰু মন্ত্রীয়ে কাইল গান্ধী অনাময় সমাৰোহৰ সামৰণী সমাৰোহত অংশগ্ৰহণ কৰিবমহাত্মা গান্ধীৰ সত্য, অহিংসা আৰু শান্তিৰ বার্তাৰ প্রতি আপোনালোকৰ মনত যি সন্মান আছে, সেইবোৰে ভাৰতীয়ৰ অন্তৰ চুই গৈছে। তাছকন্দৰ সৈতে ভাৰতৰ প্ৰাক্তন প্রধানমন্ত্রী শ্রী লালবাহাদুৰ শাস্ত্রীৰ স্মৃতি জড়িত হৈয় আছে। শাস্ত্রীজীৰ স্মাৰক আৰু লালবাহাদুৰ শাস্ত্রী স্কুলৰ পুনৰুজ্জীৱিতকৰণৰ বাবে মই আপোনাকে ধন্যবাদ জনাইছোএই দুই মহান নেতাৰ জন্মদিনৰ প্রাক্‌ক্ষণত আপোনালোক ভাৰতত উপস্থিত থকাটো মোৰ বাবে অতিশয় গুৰুত্বপূর্ণ।

ৰাষ্ট্ৰপতি মহোদয়ষ,

আমাৰ প্রতিৰক্ষা সম্পর্ক অধিক শক্তিশালী হোৱাটো ই অত্যন্ত আনন্দৰ বিষয়আজিৰ আলোচনা কালত আমি সেনাৰ যুটীয়া অনুশীলনৰ অভ্যাস আৰু সৈন্য শিক্ষা আৰু প্রশিক্ষণসহ অন্যান্য প্রয়োজনীয় ক্ষেত্রত নিৰাপত্তা সহযোগিতা বৃদ্ধিক লৈ আলোচনা হৈছে। ৰাষ্ট্রপতি মহোদয়, আপোনাৰ বক্তব্যত আৰু প্রতিনিধিবৰ্গৰ বক্তব্যত পুনৰবাৰ স্পষ্ট হৈছে যে ভাৰত আৰু উজবেকিস্তান এক নিৰাপদ আৰু সমৃদ্ধ পাৰিপার্শিক পৰিবেশ বিচাৰেআঞ্চলিক শান্তি আৰু সুস্থিৰতাৰ স্বার্থত মই উজবেকিস্তানেৰ প্রচেষ্টাসমূহকে সমর্থন জনোৱাৰ লগতে প্রশংসা কৰিছো এই ক্ষেত্রত ভাৰত, উজবেকিস্তানৰ সৈতে যথাসম্ভৱ সহযোগিতা কৰিবস্থিৰ, গণতান্ত্রিক আৰু সমৃদ্ধ উজবেকিস্তান আমাৰ সমগ্র ক্ষেত্রৰ উন্নয়নকে ত্বৰান্বিত কৰিবমই অতিশয় আনন্দিত যে এনে পৰিপ্ৰেক্ষিতত উভয় দেশৰ মাজত নিয়মীয়াকৈ সম্পর্ক বজায় ৰখাৰ সিদ্ধান্ত লোৱা হৈছেসাংস্কৃতিক আৰু ইজনে-সিজনৰ সম্পর্কই আমাৰ পাৰস্পৰিক সম্পর্কৰ মূল ভিত্তি। ই-ভিছা, পর্যটন, প্ৰতিষ্ঠানগত বিনিময় আৰু বিমান যোগাযোগৰ দৰে বিষয়সমূহক লৈ আজি আমি আলোচনা কৰিলো

ৰাষ্ট্ৰপতি মহোদয়,

আজি আমি এক নতুন যুগৰ দিশে অগ্ৰসৰ হৈছো যাতে আমাৰ দ্বিপাক্ষিক সম্পর্কই নতুন উচ্চতা স্পর্শ কৰে আৰু আমাদৰ কৌশলগত অংশীদাৰিত্বক অধিক শক্তিশালী কৰিবমই পুনৰবাৰ আপোনাক আৰু আপোনাৰ প্রতিনিধিবৰ্গক স্বাগতম জনাইছোভাৰতত আপোনাৰ আনন্দময় আৰু সুফলদায়ক ভ্ৰমণৰ কামনা কৰিলো

বহুত বহুত ধন্যবাদ।

***

AKT/SH/VK/DB


(ৰিলিজ আই ডি : 1549801) অতিথি কক্ষ : 63
ত এই ৰিলিজটো পঢ়ক: English , Marathi