প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
অনজাৰত এলএনজি টাৰ্মিনেল আৰ পাইপলাইন প্ৰকল্প উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
30 SEP 2018 5:19PM by PIB Guwahati
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি গুজৰাটৰ অনজাৰত মুন্দ্রা এনএনজি টার্মিনেল, অনজাৰ-মুন্দ্রা পাইপ লাইন প্রকল্প আৰু পালানপুৰ-পালি-বাৰ্মেৰ পাইপলাইন প্রকল্পৰ উদ্বোধন কৰে।
প্রধানমন্ত্রীয়ে কয় যে তেওঁ কচ্ছৰবাসীৰ পৰা যি মৰম-স্নেহ পাইছে, তাৰ তুলনা নাই। কচ্ছ অঞ্চলত বিগত ২০ বছৰত হোৱা উন্নয়নমূলক কামৰ প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে।
তেওঁ কয় যে আজিৰ কাৰ্যসূচীৰ ভিতৰত তৰলীকৃত গেছ টার্মিনেলৰ শুভাৰম্ভণি উল্লেখযোগ্য। “একেলগে তিনিটা এই ধৰণৰ টার্মিনেল উদ্বোধন কৰিবলৈ পাই মই নিজকে সৌভাগ্যবান বুলি গণ্য কৰিছো।”
প্ৰধানমন্ত্ৰীয়ে মোদীয়ে কয় যে গুজৰাটত যেতিয়া প্রথম টার্মিনেল গঢ়ি উঠিছিল, ৰাজ্যখনৰ লোকসকল আচৰিত হৈছিল। তেওঁ লগতে কয় যে বৰ্তমান ৰাজ্যখনত এলএনজিৰ চতুর্থটো টার্মিনেল নিৰ্মাণৰ যো-জা চলি আছে।
গুজৰাট ভাৰতৰ এলএনজি হাব হোৱাৰ দিশে গতি কৰিছে বুলি সদৰি কৰি প্রধানমন্ত্রীয়ে কয় যে এই প্ৰচেষ্টাই প্রতিগৰাকী গুজৰাটবাসীক গর্বিত কৰিব। যি কোনো দেশৰ সর্বাংগীন উন্নয়নৰ বাবে এক শক্তিশালী বিদ্যুৎ ক্ষেত্রৰ প্রয়োজনীয়তাৰ কথা উল্লেখ কৰি প্রধানমন্ত্রীয়ে কয় যে “আমি যদি দুখীয়া লোকসকলৰ বাবে বিদ্যুতৰ ব্যৱস্থা কৰিব নোৱাৰো, তেতিয়া হ’লে আমি দৰিদ্রতাও দূৰীকৰণ কৰিব নোৱাৰো।”
প্রধানমন্ত্রীয়ে কয় যে সাধাৰণ জনতাৰ আশা-আকাংক্ষা ক্রমশঃ বৃদ্ধি পাইছে আৰু তেওঁলোকে সাধাৰণ চিৰাচৰিত আন্তঃগাঁথনিৰ সমান্তৰালভাৱে আই-ৱেইজ, গেছ গ্রিড, ৱাটাৰ গ্রিড আৰু অপটিকেল ফাইবাৰ নেটৱর্কৰ দৰে ব্যৱস্থা বিচাৰে।
পর্যটন ক্ষেত্রত বিপুল সম্ভাৱনাৰ প্ৰসংগ উল্লেখ কৰি প্রধানমন্ত্রীয়ে কয় যে সমগ্র বিশ্বই ভাৰতলৈ অহাৰ বাবে আগ্রহী। কচ্ছতো মই দেখিছো যে শ্বেতশুভ্র কচ্ছৰ ৰণে কিদৰে সমগ্র বিশ্বৰ দৃষ্টি আকর্ষণ কৰিছে। অসামৰিক বিমান পৰিবহন ক্ষেত্রক আৰু সুলভ কৰি তোলাৰ লগতে যোগাযোগ ব্যৱস্থাৰ উন্নতিত কেন্দ্রীয় চৰকাৰে যিসমূহ পদক্ষেপ গ্ৰহণ কৰিছে, সেই সন্দৰ্ভতো প্রধানমন্ত্রীয়ে উল্লেখ কৰে।
প্ৰধানমন্ত্ৰীয়ে সকলো গাঁৱত বিদ্যুৎ সংযোগ সুনিশ্চিত কৰিবলৈ গ্ৰহণ কৰা প্রচেষ্টাসমূহৰ কথা উল্লেখ কৰি কয় যে দেশৰ প্রতিটো পৰিয়ালত বিদ্যুৎ সংযোগ দিয়াৰ লক্ষ্যৰে কাম কৰি থকা হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয়, “দেশৰ সাধাৰণ জনতাৰ জীৱনযাত্রাত আমি গুণগতমানৰ পৰিৱর্তন আনিব বিচাৰো”।
.***
AKT/SH/DB
(ৰিলিজ আই ডি : 1548284)
অতিথি কক্ষ : 123