কেবিনেট
কেবিনেটৰ ভাৰত আৰু উজবেকিস্তানৰ মাজত নাৰ্কোটিকছ, ড্ৰাগছ, ছায়ক’ট্ৰ’পিক মৌল আদিক প্ৰতিৰোধ কৰিবলৈ সম্পন্ন হোৱা পাৰস্পৰিক বুজাবুজিত অনুমোদন প্ৰদান
Posted On:
26 SEP 2018 4:21PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে ভাৰত আৰু উজবেকিস্তানৰ মাজত নাৰ্কোটিকছ, ড্ৰাগছ, ছায়ক’ট্ৰ’পিক মৌল আদিক প্ৰতিৰোধ কৰিবলৈ সম্পন্ন হোৱা পাৰস্পৰিক বুজাবুজিত অনুমোদন প্ৰদান কৰিছে৷
লাভসমূহঃ
এই বুজাবুজিৰ চুক্তিপত্ৰৰ দ্বাৰা নাৰ্কোটিক ড্ৰাগছ আৰু ছায়ক’ট্ৰ’পিক মৌল তথা ড্ৰাগ সৰবৰাহক ৰোধ কৰাত নিয়ামক প্ৰণয়ন হ’ব৷ চিনাক্ত কৰা ক্ষেত্ৰসমূহত উদ্ভৱ হোৱা সমস্যাসমূহ প্ৰতিৰোধ কৰিবলৈ ই এক উত্তম পৰিকাঠামো হিচাপে বিবেচিত হ’ব৷ এই বুজাবুজিৰ চুক্তিপত্ৰই দুয়োখন চৰকাৰৰ মাজত কাৰ্যকৰী সহযোগিতা সম্ভৱ কৰি তুলিব৷ তাৰোপৰি এই চুক্তিৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় নাৰ্কটিকছৰ সৰবৰাহ ৰোধ কৰাত সহায়ক হ’ব৷
****
NW/AKT/SH/MANN
(Release ID: 1547909)
Visitor Counter : 63