প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীক সাক্ষাৎ ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ নৱনিৰ্বাচিত সভাপতিৰ

Posted On: 10 AUG 2018 7:58PM by PIB Guwahati

ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ নৱনিৰ্বাচিত সভাপতি মাৰিয়া ফাৰ্ণাণ্ডা ইস্পিন’ছা গাৰ্চেছে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে৷

ৰাষ্ট্ৰসংঘৰ ৭৩সংখ্যক সাধাৰণ পৰিষদৰ সভাপতি নিৰ্বাচিত হোৱাৰ বাবে ইস্পিন’ছাক প্ৰধানমন্ত্ৰীয়ে  অভিনন্দন জ্ঞাপন কৰে৷ সাধাৰণ পৰিষদৰ সমাগত সত্ৰৰ বাবে অগ্ৰাধিকাৰপ্ৰাপ্ত বিষয়সমূহৰ সন্দৰ্ভত তেওঁ প্ৰধানমন্ত্ৰী মোদীৰ সৈতে মত-বিনিময় কৰে৷ নতুন দায়িত্ব পালনৰ ক্ষেত্ৰত  ইস্পিন’ছাই ভাৰতৰ সম্পূৰ্ণ গঠনমূলক সহায়-সহযোগিতা লাভ কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে নিশ্চয়তা দিয়ে৷

সন্ত্ৰাসবাদ, ৰাষ্ট্ৰসংঘৰ সংস্কাৰ আৰু জলবায়ু পৰিৱৰ্তন আদিকে গুৰুত্বপূৰ্ণ গোলকীয় প্ৰত্যাহ্বান সন্দৰ্ভত ৰাষ্ট্ৰসংঘই শক্তিশালী পদক্ষেপ লোৱাৰ প্ৰয়োজনীয়তাক লৈও তেওঁলোকে আলোচনা কৰে৷

***

AKT/SH/MS



(Release ID: 1542788) Visitor Counter : 79