কেবিনেট

কেবিনেটৰ ভাৰত আৰু ব্ৰুনেই দাৰুচ্ছালামৰ মাজত কৰ সম্বন্ধীয় তথ্য বিনিময় আৰু সহায়ৰ বাবে কৰা চুক্তিত অনুমোদন

Posted On: 16 MAY 2018 3:38PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে ভাৰত আৰু ব্ৰুনেই দাৰুচ্ছলামৰ মাজত কৰ সম্বন্ধীয় তথ্য বিনিময় আৰু সাহায্যৰ বাবে কৰা চুক্তিত অনুমোদন জনাইছে৷

বিৱৰণঃ

১. এই চুক্তিৰ জৰিয়তে ভাৰত আৰু ব্ৰুনেই দাৰুচ্ছলামকৰ মাজত সক্ষম কৰ্তৃপক্ষ তথা কৰৰ সন্দৰ্ভত দুয়োখন দেশৰ ঘৰুৱা আইন প্ৰণয়ন কৰাৰ বাবে তথ্য বিনিময়ক জৰিয়তে সাহায্য প্ৰদানক সক্ষমতা প্ৰদান কৰিব৷

২. চুক্তিৰ অন্তৰ্গত প্ৰাপ্ত তথ্যৰ গোপনীয়তা অৱলম্বন হ’ব৷ তথ্য কেৱল সেই ব্যক্তি অথবা কৰ্তৃপক্ষকহে (ন্যায়ালয় আৰু প্ৰশাসনিক সংস্থা)প্ৰদান কৰা হ’ব যি নিৰ্ধাৰণ, আইন প্ৰণয়ন, মোকৰ্দমা চলোৱা অথবা চুক্তিৰ অন্তৰ্গত কৰ সম্বন্ধীয় আপীল নিৰ্ধাৰণ আদিৰ সৈতে জড়িত৷ তথ্য যিকোনো ব্যক্তি অথবা কোম্পানী অথবা কৰ্তৃপক্ষ অথা ক্ষেত্ৰধিকাৰলৈ তথ্য প্ৰেৰণ কৰা দেশৰ পূৰ্ব লিখিত সহমতিৰ সৈতে প্ৰদান কৰা হ’ব৷

৩. এই চুক্তিত কৰ সম্বন্ধীয় বিভিন্ন শ্ৰেণীৰ বাবে ভাৰত আৰু ব্ৰুণেইৰ মাজত স্বয়ংক্ৰিয় তথ্য বিনিময়ৰ সুবিধাও প্ৰদান কৰা হ’ব৷

৪. চুক্তি দুয়োখন দেশৰ দ্বাৰা দাবী কৰা ৰাজহ আদায়ৰ সাহায্য সক্ৰিয় কৰে৷

৫. চুক্তিত যিকোনো ধৰণৰ মতভেদ দূৰ কৰাৰ বাবে অথবা চুক্তিৰ অন্তৰ্গত প্ৰক্ৰিয়াসমূহত সহমতি প্ৰকাশ কৰাৰ বাবে পাৰস্পৰিক সহমতিৰ ব্যৱস্থা আছে৷

৬. চুক্তি দুয়োখন দেশৰ সম্বন্ধীয় আইনৰ দ্বাৰা আৱশ্যক বুলি ভবা প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱা অধিসূচনাৰ তাৰিখৰ পৰা প্ৰণয়ন হ’ব৷

এই চুক্তি কৰৰ উদ্দেশ্য পূৰণৰ বাবে ভাৰত আৰু ব্ৰুনেইৰ মাজত তথ্য বিনিময়ক সক্ৰিয়তা প্ৰদান কৰিব যাৰ দ্বাৰা কৰক অৱহেলা কৰা প্ৰবৃত্তি কিছু পৰিমাণে নিয়ন্ত্ৰিত হ’ব৷ চুক্তি দুয়োখন দেশৰ দ্বাৰা দাবী কৰা ৰাজহ আদায়ত সাহায্য প্ৰাপ্তি হ’ব৷

এই চুক্তিত কোনো বিত্তীয় জটিলতা নাই৷ চুক্তিৰ ধাৰা ৯ অনুসৰি আমেৰিকান ডলাৰ ৫০০ত কৈ অধিক আসাধাৰণ ব্যয়ৰ ক্ষেত্ৰত ইয়াৰ বহন ভাৰত চৰকাৰে কৰিব৷ কৰৰ তথ্য বিনিময়ৰ অন্য চুক্তিসমূহতো ভাৰতৰ বাবে এই ব্যৱস্থা আছে৷

পৃষ্ঠভূমিঃ

আয়কৰ অধিনিয়ম ১৯৬১ৰ অনুচ্ছেদ ৯০ৰ অন্তৰ্গত কেন্দ্ৰ চৰকাৰ কৰ ফাঁকি নিবাৰণৰ বাবে আয়কৰ অধিনিয়ম ১৯৬১ক অন্তৰ্গত প্ৰণয়ন কৰা আয়কৰ অৱহেলা আদিক বাধা দিবলৈ কোনো বাহিৰৰ দেশ অথবা নিৰ্দিষ্ট ভূ-অংশৰ সৈতে চুক্তি কৰাৰ বাবে অনুমোদিত হয়৷ কৰ সম্বন্ধীয় তথ্য বিনিময় চুক্তিৰ বাবে ব্ৰুনেইত ২০১৭ চনৰ ১১ জানুৱাৰীত আলোচনা হয়৷ ইয়াৰ পিছত ভাৰত আৰু ব্ৰুনেই দাৰুচ্ছালামৰ চৰকাৰৰ মাজত চুক্তি সন্দৰ্ভত সহমত প্ৰকাশ কৰা হয়৷

 

*****

AKT/VBA/SH/MANN



(Release ID: 1536908) Visitor Counter : 66