প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ছুইডেন ভাৰত যৌথ কাৰ্যকৰী পৰিকল্পনা (১৭ এপ্ৰিল ২০১৮)

Posted On: 17 APR 2018 9:38PM by PIB Guwahati

প্ৰধানমন্ত্ৰী লভেনৰ আমন্ত্ৰণ ক্ৰমে প্ৰধানমন্ত্ৰী মোদীয়ে ২০১৮ চনৰ এপ্ৰিল মাহৰ ১৬-১৭ তাৰিখে ষ্টকহমত এক চৰকাৰী ভ্ৰমণ কৰে৷ প্ৰধানমন্ত্ৰী মোদীয়ে আৰু প্ৰধানমন্ত্ৰী লভেনক ১৭ এপ্ৰিল তাৰিখে সাক্ষাৎ কৰে আৰু ২০১৬ চনত মুম্বাইত অনুষ্ঠিত হোৱা যৌথ বিবৃতিৰ কথা সোঁৱৰণ কৰি ইয়াৰ প্ৰণয়নৰ প্ৰগতিক প্ৰশংসা কৰে তথা যৌথ বিবৃতিত প্ৰদান কৰা ৰাজনৈতিক সহযোগিতাৰ প্ৰতিশ্ৰুতি পুনৰবাৰ নিশ্চিত কৰে৷

ভাৰত আৰু ছুইডেনে গণতন্ত্ৰৰ মূল্য, আইনৰ নিয়মাৱলী, মানৱ অধিকাৰৰ সন্মান, বহুবচনীকৰণ আৰু নিয়মভিত্তিক আন্তঃৰাষ্ট্ৰীয় আদেশ সম্পৰ্কত আলোচনা কৰে৷ দুয়োখন দেশৰ প্ৰধানমন্ত্ৰীয়ে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সমস্যা যেনে জলবায়ু পৰিৱৰ্তন, এজেণ্ডা ২০৩০, আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু সুৰক্ষা, মানৱ অধিকাৰ, সমলিংগতা, মানৱতাৰ সমস্যা, আন্তঃৰাষ্ট্ৰীয় বাণিজ্য সম্পৰ্কত সহযোগিতা প্ৰকাশৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে৷ প্ৰধানমন্ত্ৰী দুগৰাকীয়ে জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত লবলগীয়া বিশ্বজনীন প্ৰয়াসৰ কথা দোহাৰে আৰু পেৰিচ চুক্তি প্ৰণয়নৰ ওপৰত গুৰুত্ব প্ৰদান কৰে৷ দুয়োগৰাকী নেতাই যৌথ বিবৃতিটোত ৰাষ্ট্ৰীয় সুৰক্ষা পৰামৰ্শদাতাৰ পৰ্যায়ত সুৰক্ষা নিয়মাৱলী অব্যাহত ৰখাত সহমত পোষণ কৰে৷

দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰসংঘ তথা অন্যান্য বহুধাভিত্তিক মঞ্চৰ সৈতে সহযোগিতা প্ৰদানত সন্মতি প্ৰকাশ কৰে৷ এজেণ্ডা ২০৩০ সাফল্যমণ্ডিত কৰাৰ বাবে ৰাষ্ট্ৰসংঘৰ সচিব-প্ৰধানৰ প্ৰয়াসক প্ৰশংসা কৰে৷ তেওঁলোকে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সংশোধনৰ প্ৰয়োজনীয়তা সম্পৰ্কেও দোহাৰে যাতে ই একবিংশ শতিকাৰ সৈতে খাপ খোৱাকৈ অধিক প্ৰতিনিধিত্বমূলক, কাৰ্যকৰী তথা দায়িত্বশীল হয়৷ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ (২০২১-২২)ৰ অস্থায়ী সদস্য হিচাপে ভাৰতৰ প্ৰাৰ্থীত্বক সমৰ্থন জনোৱা তথা সম্প্ৰসাৰিত ৰাষ্ট্ৰসংঘ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ বাবে ছুইডেনে জনোৱা সমৰ্থনৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰধানমন্ত্ৰী লভেনক ধন্যবাদ জ্ঞাপন কৰে৷

দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে বিশ্বজনীন আমদানি নিয়ন্ত্ৰণ, অপ্ৰসাৰ আৰু নিৰস্ত্ৰীকৰণ উদ্দেশ্যক সৱলীকৰণ কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হয় আৰু এই ক্ষেত্ৰসমূহত সহযোগিতাৰে কাম কৰাৰ আশ্বাস প্ৰদান কৰে৷ প্ৰধানমন্ত্ৰী ভেনে আন্তঃৰাষ্ট্ৰীয় আমদানি নিয়ন্ত্ৰণ ব্যৱস্থা অষ্ট্ৰেলিয়া গ্ৰুপ (এজি), ৱাছেনাৰ এৰেঞ্জমেণ্ট (ডব্লিউএ), মিছাইল টেকনজী কণ্ট্ৰ ৰেজিম (এমটিচিআৰ) আৰু বেলিষ্টিক মিছাইল প্ৰলিফিৰেচনৰ বিৰুদ্ধে দা হক অৱ কণ্ডাক্ট (এইচচিঅচি) ভাৰতৰ শেহতীয়া আমদানি ব্যৱস্থাক আদৰণি জনায় আৰু নিউক্লিয়াৰ ছাপ্লায়াৰ গ্ৰুপ (এনএছজি) ভাৰতৰ সদস্যভুক্তিক সমৰ্থন প্ৰদান কৰে৷

দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে সন্ত্ৰাসবাদক মোকাবিলা কৰাৰ বাবে, সন্ত্ৰাসবাদীৰ নেটৱৰ্ক তথা বিত্তীয় সাহায্য ভংগ কৰাৰ বাবে আৰু হিংসাজনিত আক্ৰমণ ৰোধ কৰাৰ বাবে শক্তিশালী আন্তঃৰাষ্ট্ৰীয় সহযোগিতা তথা বৃহৎ ঐক্যৰ প্ৰয়োজনীয়তাৰ বিষয়ে আলোচনা কৰে৷ দিনে দিনে সন্ত্ৰাসবাদৰ পৰিভাষা পৰিৱৰ্তন হৈ থকা হেতুকে বিশ্বজনীন সন্ত্ৰাসবাদ আইনী পৰিকাঠামোৰ নিয়মীয়া উন্নীতকৰণৰ ওপৰত তেওঁলোকে গুৰুত্ব প্ৰদান কৰে আৰু আন্তঃৰাষ্ট্ৰীয় আইন অনুসৰি সন্ত্ৰাসবাদক ৰোধ কৰাৰ ক্ষেত্ৰত মত পোষণ কৰে৷ এই ক্ষেত্ৰত দুয়োখন দেশে আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদৰ বিস্তৃত সন্মিলন (চিচিআইটি) ড্ৰাফ্টৰ প্ৰাক্-কালীন সম্পূৰ্ণতাৰ কথাও দোহাৰে৷ দ্বিপাক্ষিক সম্বন্ধক উত্তৰণ কৰাৰ বাবে তেওঁলোকে ভাৰত-ছুইডেন কাৰ্যকৰী পৰিকল্পনা পালন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে৷ ইয়াৰ অধীনত ভাৰত আৰু ছুইডেনৰ প্ৰাসংগিক মন্ত্ৰালয়, এজেন্সী, কাৰ্যকৰ্তা আদিৰ সৈতে নিম্নোক্তসমূহৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছেঃ-

উদ্ভাৱন

  • আমাৰ দুয়োপক্ষৰ উন্নতি আৰু সমৃদ্ধিৰ প্ৰতিশ্ৰুতি তথা সামাজিক প্ৰত্যাহ্বানসমূহ যেনে জলবায়ু পৰিৱৰ্তন আৰু উদ্ভাৱনৰ জৰিয়তে বহনক্ষম উন্নয়নক শক্তিশালী কৰাৰ বাবে আৰু বহনক্ষম ভৱিষ্যতৰ বাবে উদ্ভাৱন অংশীদাৰৰ এক মাল্টি-ষ্টেকহল্ডাৰৰ প্ৰৱৰ্তন৷   
  • ছুইডিশ্ব পেটেণ্ট ৰেজিষ্ট্ৰেচন ফিচ আৰু ডিপাৰ্টমেণ্ট অৱ ইণ্ডাষ্ট্ৰীয়েল পলিচী আৰু প্ৰচন অৱ ইণ্ডিয়াৰ মাজত হোৱা বুজাবুজিৰ চুক্তিৰ অধীনত বৌদ্ধিক সম্পত্তিৰ অধিকাৰৰ ক্ষেত্ৰত প্ৰতিশ্ৰুতি পালন তথা সহযোগিতামূলক কাৰ্যসূচী প্ৰণয়ন৷

বাণিজ্য আৰু বিনিয়োগ

  • ইনভেষ্ট ইণ্ডিয়া জৰিয়তে ভাৰতত ছুইডেনৰ বিনিয়োগ আৰুবিজনেছ ছুইডেন জৰিয়তে ছুইডেনৰ ভাৰতৰ বিনিয়োগ আদিৰ জৰিয়তে দুয়োপক্ষৰ বাণিজ্য আৰু বিনিয়োগৰ সুবিধাৰ সম্প্ৰসাৰণ৷
  • স্মাৰ্ট চিটী, ডিজিটাইজেছন, দক্ষতা উন্নয়ন আৰু প্ৰতিৰক্ষা আদি বিষয়ত ভাৰত-ছুইডেনৰ ব্যৱসায়িক সহযোগিতাক সৱলীকৰণ কৰা তথা সম্বন্ধ, বিচাৰধাৰা, সহযোগিতা আৰু সংমোদনক আগুৱাই নিয়াৰ বাবে ইণ্ডিয়া-ছুইডেন বিজনেছ লীডাৰ্ছ ৰাউণ্ড টেবুল (আইএছবিএলআৰটি) কৰ্ম সম্প্ৰসাৰণ৷

স্মাৰ্ট চিটী আৰু পৰৱৰ্তী প্ৰজন্মৰ পৰিবহণ

  • স্মাৰ্ট চিটী, পৰিবহণভিত্তিক নগৰ উন্নয়ন, বায়ু প্ৰদূষণ নিয়ন্ত্ৰণ, জাৱৰ ব্যৱস্থাপনা, জাৱৰৰ পৰা শক্তি, জাৱৰৰ পৰা পানী নিষ্কাশন, জিলা শীতলীকৰণ আৰু বৃত্তীয় অৰ্থনীতি অদিৰ ক্ষেত্ৰত সামৰ্থ নিৰ্মাণৰ জৰিয়তে জ্ঞান আৰু সহযোগিতাৰ বিনিময়৷
  • পুনৰ নৱীকৰণ ইন্ধনৰ লগতে ইলেক্ট্ৰ’-বিলিটী ক্ষেত্ৰত জ্ঞান আৰু সহযোগিতাৰ বিনিময়৷
  • ৰেলৱেৰ বিভিন্ন পৰিক্ষেত্ৰ যেনে ৰেলৱে নিয়মাৱলী বিকাশ, সুৰক্ষা, ৰেলৱে প্ৰশিক্ষণ আৰু কাৰ্যকৰী পৰিচালনা আদিৰ ক্ষেত্ৰত জ্ঞান আৰু সহযোগিতাৰ বিনিময়৷

স্মাৰ্ট, বহনক্ষম আৰু পুনৰ নৱীকৰণযোগ্য শক্তি

  • গৱেষণা, সামৰ্থ নিৰ্মাণ, নিয়মাৱলীৰ সহযোগিতা আৰু ব্যৱসায় মডেলৰ সৈতে বজাৰ ডিজাইনৰ জৰিয়তে স্মাৰ্ট গ্ৰীড প্ৰযুক্তি যেনে স্মাৰ্ট মিটাৰিং, চাহিদা সঁহাৰি, শক্তিৰ গুণগত ব্যৱস্থা, স্বয়ংক্ৰিয় বিতৰণ, বৈদ্যুতিক বাহন/চাৰ্জিং আন্তঃগাঁথনি লগতে পুনৰ নবীকৰণৰ সংবদ্ধকৰণ আদি ক্ষেত্ৰত বিকাশ আৰু দুয়োপক্ষৰ সহযোগিতা৷
  • ভাৰত-ছুইডেন ইনভেচন এচ্চিলাৰেটৰৰ জৰিয়তে নতুন উদ্ভাৱলী শক্তি প্ৰযুক্তিত গৱেষণা, উদ্ভাৱন আৰু ব্যৱসায়িক সহযোগিতাৰ সম্প্ৰসাৰণ, পুনৰ নৱীকৰণ শক্তি আৰু শক্তি কাৰ্যদক্ষতা ব্যৱহাৰৰ প্ৰযুক্তিত গুৰু্ত্ব আৰোপ৷

মহিলা দক্ষতা উন্নয়ন আৰু সৱলীকৰণ

  • দক্ষতা বিকাশৰ জৰিয়তে মহিলা সৱলীকৰণৰ প্ৰতি যৌথ প্ৰয়াস আৰু ছুইডিশ্ব আৰু ভাৰতীয় অভিনেতাৰ দ্বাৰা মহিলাৰ উদ্যমিতাৰ সুযোগ বৃদ্ধিৰ সুবিধাৰ বাবে ‘‘ক্ৰাফ্টছমালা’’ শীৰ্ষক প্ৰকল্প যি পুণে, মহাৰাষ্ট্ৰত অনুষ্ঠিত হৈছে আৰু ইয়াৰ জৰিয়তে মহিলাক ৰ্কলিফ্ট চালক, পণ্যাগৃহৰ ব্যৱস্থাপক, এছেম্বলী অপাৰেটৰ আদি ক্ষেত্ৰত নিয়োজিত কৰাৰ বাবে দক্ষতা প্ৰশিক্ষণৰ ব্যৱস্থা৷

প্ৰতিৰক্ষা

  • প্ৰতিৰক্ষা ক্ষেত্ৰত সহযোগিতাৰ বাবে ক্লাছিফাইড তথ্যৰ বিনিময় আৰু পাৰস্পৰিক সুৰক্ষাৰ বাবে দ্বিপাক্ষিক চুক্তিৰ চূড়ান্তকৰণ৷
  • প্ৰতিৰক্ষা সহযোগিতাৰ বাবে ইণ্ডো-ছুইডিশ্ব আলোচনাৰ সম্প্ৰসাৰণ৷ ২০১৮-১৯ চনত দুয়োখন দেশত ভাৰত-ছুইডেন প্ৰতিৰক্ষা সন্মিলনৰ কাৰ্যসূচী আৰু প্ৰসাৰ, আইএছবিএলআৰটিৰ সৈতে ভাৰতত ডিফেন্স প্ৰডাকচন কৰিডৰত বিনিয়োগৰ সুবিধা৷
  • বৃহৎ ডিফেন্স এণ্ড এইৰস্পেচ অৰিজিনেল ইকুইপমেণ্ট মেনুফেকচাৰাৰ্ছ (ইএম) সৈতে ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহক উদ্যোগ সহযোগী তথা যোগান শৃংখলক উত্তৰণৰ বাবে উৎসাহ প্ৰদান৷

 

 

মহাকাশ আৰু বিজ্ঞান

  • মহাকাশ গৱেষণা, প্ৰযুক্তি, উদ্ভাৱন আৰু এপ্লিকেচনসমূহৰ ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতাৰ গুৰুত্ব৷ বুজাবুজিৰ চুক্তিৰ অধীনত ভূ-নিৰীক্ষণ, গ্ৰহ অন্বেষণ আৰু উপগ্ৰহ ভূমি ষ্টেচন কাৰ্যকলাপ আদি ক্ষেত্ৰত মহাকাশ সংস্থা আৰু অন্যান্য মহাকাশ সংস্থাক উৎসাহিত কৰা৷
  • ছুইডেন আৰু ভাৰতীয় সহযোগীৰ উদ্যোগত ইউৰোপীয়ান স্পেলেচন ৰ্চ (ইএছএছ) সৈতে সাম্ভাৱ্য সহযোগিতা প্ৰসাৰণ কৰা৷

স্বাস্থ্য আৰু জীৱন বিজ্ঞান

  • স্বাস্থ্য ক্ষেত্ৰ আৰু জনস্বাস্থ্যৰ বুজাবুজিৰ চুক্তিপত্ৰৰ অধীনত স্বাস্থ্য গৱেষণা, ফাৰ্মাকভিজিলেন্স আৰু এণ্টি-মাইক্ৰবায়েল প্ৰতিৰোধ আদিৰ দৰে স্বাস্থ্য ক্ষেত্ৰত অগ্ৰাধিকাৰযোগ্য সমস্যাসমূহ  চিনাক্ত কৰি সহযোগিতা বৃদ্ধি৷ 

অনুপালন

  • বৈজ্ঞানিক আৰু অৰ্থনৈতিক পৰিক্ৰমাৰ ইণ্ডো-ছুইডিশ্ব যৌথ আয়োগ, বৈদেশিক কাৰ্যালয় পৰামৰ্শদাতা আৰু অন্যান্য প্ৰাসংগিক দ্বিপাক্ষিক ৰা আৰু যৌথ কৰ্ম গোটে এই কাৰ্যকৰী পৰিকল্পনাৰ প্ৰণয়ন নিৰীক্ষণ কৰিব৷

***

AKT/HS/MANN


(Release ID: 1535872)
Read this release in: English , Marathi , Tamil