কৃষি মন্ত্ৰালয়
চৰকাৰৰ ভেটি প্ৰতিষ্ঠা হয় – “পাৰদৰ্শিতাৰ ৰাজনীতি, প্ৰশাসনৰ ৰাজনীতি”ত : কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱট
কেন্দ্ৰ চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তি উপলক্ষে সংবাদ মেল সম্বোধন
পোষ্ট কৰা হৈছে:
28 MAY 2018 6:30PM by PIB Guwahati
কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ দপ্তৰৰ (ৰাজ্যিক) মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শেখাৱটে আজি কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সবল নেতৃত্বত কেন্দ্ৰ চৰকাৰ আজি পাৰদৰ্শিতাৰ ৰাজনীতি আৰু সু-প্ৰশাসনৰ ৰাজনীতিৰ প্ৰতি প্ৰতিজ্ঞাবদ্ধ তথা এই নীতিৰ ওপৰত বিশ্বাসী।
আজি গুৱাহাটীত কেন্দ্ৰ চৰকাৰৰ শাসনত চাৰিবছৰ পূৰ্ণ হোৱা উপলক্ষে আয়োজিত এক সংবাদমেল সম্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কেন্দ্ৰ চৰকাৰৰ বিগত ৪৮ মাহৰ কাৰ্যকালৰ বিভিন্ন সফলতাৰ বিষয়ে বিশদভাৱে বৰ্ণণা দিয়ে, মূদ্ৰা যোজনাৰ পৰা আৰম্ভ কৰি স্বচ্ছ ভাৰত অভিযানলৈ উন্নয়নৰ সকলোবোৰ খণ্ডকে সামৰি মন্ত্ৰীগৰাকীয়ে আগবঢ়ায় এক নাতিদীৰ্ঘ বাখ্যা। তেওঁ কয় যে ভাৰত সম্প্ৰতি বিশ্বৰ চতুৰ্থ বৃহত্ অৰ্থনীতিৰ দেশ আৰু এইক্ষেত্ৰত ভাৰতে ২০১৪ চনত থকা ১০ ম স্থানৰ পৰা মাত্ৰ চাৰিটা বৰ্ষতে অৰ্থাত্ ২০১৮ চনত ৪ৰ্থ স্থানলৈ উন্নীত হ’বলৈ সক্ষম হৈছে।
মন্ত্ৰীগৰাকীয়ে কয় যে দেশৰ সাধাৰণ জনসাধাৰণৰ সৰ্বতোদিশে সামগ্ৰিক উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে অতি আগ্ৰাসীভাৱে কাম কৰি আছে, আৰু চৰকাৰে বিগত ৪৮ টা মাহত অতি কমেও ৪৮ টা দিশতে এনে সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে, যিটো স্বাভাৱিকতে এক অভিলেখস্বৰূপ। চৰকাৰৰ মুখ্য লক্ষ্যই হৈছে প্ৰদৰ্শনৰ ৰাজনীতি, প্ৰশাসনৰ ৰাজনীতি, যিয়ে চৰকাৰখনক দেশৰ সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিছে।
মন্ত্ৰীগৰাকীয়ে লগতে কয় যে এই চৰকাৰখন শাসনলৈ অহাৰ পিছৰে পৰা সম্প্ৰতি সৰ্বত্ৰ আলোচনাৰ বিষয় হৈ পৰিছে ‘বিকাশ’। এতিয়া সকলোতেই আলোচনাৰ বিষয়বোৰত আহি পৰিছে বৃহত্ তফাত্, আলোচনাৰ বিষয় দুৰ্নীতিৰ পৰা সলনি হৈ, হৈ পৰিছে উন্নয়ণ। বৰ্তমানৰ চৰকাৰখনৰ সাফল্যৰ দিশসমূহৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে লগতে কয় যে বিগত চাৰি বছৰত ১০ কোটিৰো অধিক বেংক একাউণ্ট খোলা হৈছে, যিটো সমগ্ৰ বেংক খণ্ডৰ বাবেই এক বৈপ্লৱিক পৰিৱৰ্তন বুলিব পাৰি, আৰু এই বৃহত্ পৰিৱৰ্তনে সলনি কৰি পেলাইছে দেশৰ সাধাৰণ আৰু দৰিদ্ৰ শ্ৰেণীৰ লোকৰ জীৱন। দেশৰ জনসাধাৰণৰ দ্বাৰা এই একাউণ্টসমূহত ইতিমধ্যেই জমা হৈছে প্ৰায় ৮৩,০০০ কোটি টকা। দেশৰ ইতিহাসতে প্ৰথমবাৰৰ বাবে সৰ্বাধিক পৰিমাণৰ ৰন্ধন গেছৰ সংযোগ প্ৰদান কৰা হৈছে আৰু দেশৰ প্ৰায় ৩.৫ কোটি মহিলাই বিগত চাৰি বছৰত লাভ কৰিছে পাকঘৰৰ ধোঁৱামুক্ত জীৱন।
ইফালে মন্ত্ৰীগৰাকীৰ নিজৰ দপ্তৰত আহৰণ কৰা বিভিন্ন সফলতাৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰী শ্ৰী শেখাৱটে কয় যে অনাগত ২০২২ চনৰ ভিতৰত দেশৰ সকলো কৃষকৰ আয় দুগুণ কৰি তোলাৰ বাবে চৰকাৰ দায়বদ্ধ আৰু তাৰ বাবে ইতিমধ্যেই এক স্থিৰ পৰিকল্পনা যুগুত কৰি ৰখা হৈছে আৰু সেয়া সমগ্ৰ দেশতে ৰূপায়ন কৰা হ’ব। তদুপৰি দেশৰ কৃষকসকলক e-NAM ৰ সৈতে সংযোজিত কৰি তোলাৰ বাবেও চৰকাৰে গুৰুত্ব সহকাৰে কাম কৰি আছে, যাতে সকলো কৃষককে মধ্যভোগীৰ হাতোৰাৰ পৰা মুক্ত কৰি তেওঁলোকৰ উত্পাদিত সামগ্ৰী বিক্ৰী কৰিব পাৰে।
তেওঁ লগতে কয় যে কেন্দ্ৰ চৰকাৰে কৃষি ক্ষেত্ৰত উত্তৰ-পূৱৰ ৰাজ্যসমূহৰ উন্নয়ন আৰু উত্তৰণৰ বাবে যথেষ্ট গুৰুত্ব আৰোপ কৰিছে, কিয়নো কৃষিখণ্ডত এই অঞ্চলটোৰ আছে পৰ্যাপ্ত সম্ভাৱনীয়তা, আৰু কৃষি ক্ষেত্ৰত যিকোনো অঞ্চলতে সূক্ষ্ম পৰ্যায়ত কাম চলি আছে।
আজিৰ এই সংবাদমেলত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী শেখাৱটৰ লগতে অসমৰ শক্তি দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী তপন কুমাৰ গগৈও উপস্থিত থাকে।
উল্লেখ্য যে সংবাদমেলত অংশগ্ৰহণৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী শেখাৱটে গুৱাহাটীৰ বিভিন্ন এফ এম ৰেডিঅ’ ষ্টেশ্যনৰ ৰেডিঅ’ জকীসকলৰ সৈতে এক মত-বিনিময় অনুষ্ঠানতো অংশগ্ৰহণ কৰে আৰু চলিত চৰকাৰৰ বিগত চাৰিটা বৰ্ষত লাভ কৰা বিভিন্ন সফলতাৰ বিষয়ে মত-বিনিময় কৰে।
এদিনীয়া ভ্ৰমণসূচী লৈ গুৱাহাটীত উপস্থিত হোৱা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই ভ্ৰমণকালছোৱাতে অসম চৰকাৰৰ কৃষি বিভাগৰ দ্বাৰা আয়োজিত কৃষি-উদ্যান শস্য সম্বন্ধীয় এক পৰ্যালোচনা সভাতো অংশগ্ৰহণ কৰে আৰু কৃষকৰ আয় দুগুণলৈ বৃদ্ধি কৰা আৰু ই-নামৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ পোষকতা কৰে। উল্লেখ্য যে এই সভাতে ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰা, নাগালেণ্ডৰ কৃষিমন্ত্ৰী জি কেইটোআয়ে আৰু অসম, নাগালেণ্ড, ছিকিম, অৰুণাচল প্ৰদেশ আৰু মেঘালয় চৰকাৰৰ ভালেমান উচ্চপদস্থ বিষয়াই অংশগ্ৰহণ কৰে।
*****
KSD/SKM/HD/BM
(ৰিলিজ আই ডি : 1535244)
অতিথি কক্ষ : 110