প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

জম্মুত প্ৰধানমন্ত্ৰী; শ্বেৰ-ই-কাশ্মীৰ কৃষি বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ, আন্তঃগাথনিমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন

Posted On: 19 MAY 2018 9:00PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জম্মুৰ শ্বেৰ-ই-কাশ্মীৰ কৃষি বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ দীক্ষান্ত সমাৰোহত উপস্থিত থাকে৷ আন এটি অনুষ্ঠানত তেওঁ পাকালডুল শক্তি প্ৰকল্প আৰু জম্মু ৰিং ৰোডৰ আধাৰশিলা স্থাপন কৰে। তেওঁ শ্ৰী মাতা বৈষ্ণো দেৱী শক্তি ব’ৰ্ডৰ টাৰাকোটি মাৰ্গ আৰু মেটেৰিয়েল ৰোপৱে’ উদ্বোধন কৰে৷

দীক্ষান্ত সমাৰোহত প্ৰধানমন্ত্ৰীয়ে কয় যে তথ্য-প্ৰযুক্তিয়ে আমাৰ জীৱনৰ প্ৰতিটো ক্ষেত্ৰলৈ পৰিৱৰ্তন কঢ়িয়াই আনিছে আৰু দেশৰ যুৱ প্ৰজন্মই এই উন্নয়নত গতি প্ৰদান কৰিছে৷

তেওঁ কয় যে কৃষকৰ উপকাৰৰ বাবে কৃষি ক্ষেত্ৰতো প্ৰযুক্তি উদ্ভাৱনেৰে এক নতুন সংস্কৃতি গঢ় দিয়াৰ প্ৰয়োজন আছে৷ কেন্দ্ৰীয় চৰকাৰৰ নীতি আৰু পদক্ষেপসমূহৰ লক্ষ্য হ’ল কৃষকৰ আয় বৃদ্ধি কৰা৷

বৈজ্ঞানিক দৃষ্টিভংগী আৰু প্ৰযুক্তিগত উদ্ভাৱনেৰে ছাত্ৰ-ছাত্ৰীসকলে কৃষি খণ্ডক এক লাভজনক বৃত্তিলৈ পৰিণত কৰিব পাৰিব বুলি প্ৰধানমন্ত্ৰীয়ে বিশ্বাস ব্যক্ত কৰে৷

পাকালডুল প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে দেশৰ সকলো অনুন্নত অঞ্চলক উন্নয়নৰ লক্ষ্যৰে দায়বদ্ধতাৰে কাম কৰি আছে৷

প্ৰধানমন্ত্ৰীয়ে পুনৰ উল্লেখ কৰে যে টাৰাকোটে মাৰ্গে মাতা বৈষ্ণো দেৱী শক্তিপীঠলৈ এক বিকল্প পথ সৃষ্টি কৰিব, যাৰ সহায়ত তীৰ্থযাত্ৰীসকল উপকৃত হ’ব৷ আধ্যাত্মিক পৰ্যটকসকল জম্মু আৰু কাশ্মীৰৰ উপাজৰ্নৰ এক গুৰুত্বপূৰ্ণ উৎস বুলিও তেওঁ কয়৷

****

AKT/HS/MS



(Release ID: 1535004) Visitor Counter : 41


Read this release in: English , Marathi , Tamil , Kannada