প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

শ্ৰীনগৰত প্ৰধানমন্ত্ৰী; কিষাণগংগা জলবিদ্যুৎ প্ৰকল্প দেশবাসীলৈ উৎসৰ্গা

Posted On: 19 MAY 2018 6:00PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰীনগৰত অনুষ্ঠিত এক অনুষ্ঠানত কিষাণগংগা জলবিদ্যুৎ প্ৰকল্প দেশবাসীলৈ উৎসৰ্গা কৰে৷

তেওঁ শ্ৰীনগৰ ৰিং ৰোডৰ আধাৰশিলাও স্থাপন কৰে৷

উপস্থিত জনতাক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে বিগত চাৰি বছৰত বিভিন্ন অনুষ্ঠান উপলক্ষে জম্মু আৰু কাশ্মীৰ ভ্ৰমণ কৰাৰ কথা স্মৰণ কৰে৷

তেওঁ কয় যে ৰমজান মাহ হ’ল হজৰত মহম্মদৰ উপদেশ আৰু বাণী স্মৰণ কৰাৰ সময়৷

প্ৰধানমন্ত্ৰীয়ে কয় যে ৩৩০ মেগাৱাটযুক্ত কিষাণগংগা জলবিদ্যুৎ প্ৰকল্পই ৰাজ্যখনৰ বিদ্যুতৰ চাহিদা পূৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব৷

ৰাজ্যখনৰ তিনিওটা অঞ্চল ক্ৰমে কাশ্মীৰ, জম্মু আৰু লাডাখৰ সম বিকাশৰ ওপৰত প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে৷

*****

AKT/ HS/MS



(Release ID: 1534998) Visitor Counter : 48


Read this release in: English , Marathi , Tamil , Kannada