প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ভাৰতীয় বৈদেশিক সেৱাৰ প্ৰশিক্ষণৰত বিষয়াৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ

Posted On: 14 MAY 2018 5:27PM by PIB Guwahati

ভাৰতীয় বৈদেশিক সেৱা প্ৰতিষ্ঠানত সম্প্ৰতি প্ৰশিক্ষণ গ্ৰহণ কৰি থকা ৩৯গৰাকী বিষয়াই আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে৷  

বিষয়াসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ চহকী ইতিহাস, সংস্কৃতি আৰু পৰম্পৰাৰ প্ৰেক্ষাপটত বিদেশত তেওঁলোকে ভাৰতক প্ৰতিনিধিত্ব কৰা উচিত৷ ভাৰতীয় বৈদেশিক সেৱাৰ বিষয়াসকল কেৱল বৰ্তমানৰ ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰপ্ৰাপ্ত বিষয়সমূহক লৈয়ে নহয়, ৰাষ্ট্ৰৰ বিকাশৰ বাবে ভৱিষ্যতৰ প্ৰয়োজনীয়তাৰ প্ৰতিও সজাগ থাকিব লাগে৷ প্ৰধানমন্ত্ৰীয়ে বিষয়াসকলক অধিক প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰ কৰিবলৈ আৰু ৰাজ্য চৰকাৰ তথা প্ৰৱাসী ভাৰতীয়সকলৰ সৈতে সম্পূৰ্ণৰূপে সংযুক্ত হৈ থকাক আহ্বান জনায়৷ কিয়নো বৈদেশিক সম্পৰ্ক স্থাপনত প্ৰৱাসী ভাৰতীয়সকলৰ এক গুৰুত্বপূৰ্ণ ভূমিকা থাকে৷

বৈদেশিক সেৱা প্ৰতিষ্ঠানত সম্প্ৰতি প্ৰশিক্ষণ গ্ৰহণ কৰি থকা ভূটানৰ দুগৰাকী কূটনীতিবিদো এই দলটোৰ সৈতে আছিল৷

*****

AKT/AP/SBP/MS



(Release ID: 1532216) Visitor Counter : 69