প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰী ব্ৰিটেইন ভ্ৰমণৰ সময়ত ব্ৰিটেইন-ভাৰতৰ যৌথ বিবৃতি (এপ্ৰিল ১৮, ২০১৮)

Posted On: 18 APR 2018 6:49PM by PIB Guwahati

১. প্ৰধানমন্ত্ৰী থেৰেচা মে’ৰ আমন্ত্ৰণক্ৰমে ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৮ এপ্ৰিল ২০১৮ তাৰিখে চৰকাৰী অতিথি হিচাপে ব্ৰিটেইন ভ্ৰমণ কৰে৷ দুয়োগৰাকী নেতাই বিভিন্ন বিষয়ত গঠনাত্মক আলোচনাত মিলিত হোৱাৰ লগতে আঞ্চলিক তথা আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহত সমাধান কৰাৰ বাবে কৌশলগত সহযোগিতাৰ বিষয়েও আলোচনা কৰে৷ প্ৰধানমন্ত্ৰী মোদীয়ে ১৯-২০ এপ্ৰিল ২০১৮ তাৰিখে লণ্ডনত কমনৱেলথ হেডছ অৱ গভৰ্ণমেণ্ট মিটিঙতো অংশগ্ৰহণ কৰিব৷

২. ব্ৰিটেইন আৰু ভাৰতে বিনিময়যোগ্য মূল্য, সাধাৰণ আইন আৰু প্ৰতিষ্ঠান তথা বিশ্বৰ সবাতোকৈ পুৰণি আৰু বৃহৎ গণতন্ত্ৰ হিচাপে কূটনীতিগত সহযোগিতা বৃদ্ধিৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে৷ আমি কমনৱেলথৰ বিশ্বস্ত সদস্য৷ আমি এক নিয়ম আধাৰিত আন্তঃৰাষ্ট্ৰীয় প্ৰণালীৰ বাবে এক বৈশ্বিক দৃষ্টিকোণ আৰু প্ৰতিবদ্ধতা বিনিময় কৰোঁ যি কোনো বল প্ৰয়োগৰ দ্বাৰা দুৰ্বল কৰা একত্ৰ ক্ৰিয়াসমূহৰ পূৰ্ণ বিৰোধ কৰে৷ আমি আমাৰ ৰাষ্ট্ৰদুখনৰ মাজত অগণন ব্যক্তি তথা পেছাদাৰীত্বৰ এক জীৱন্ত সাঁকো গঠন কৰোঁ৷

৩. ব্ৰিটেইন আৰু ভাৰতে অন্য কমনৱেলথ সদস্য, কমনৱেলথ সচিব আৰু অন্যান্য বৈশ্বিক প্ৰত্যাহ্বানসমূহ বিৰুদ্ধে একত্ৰ সংস্থাসমূহৰ সৈতে সহযোগিতাপূৰ্ণভাৱে কাম কৰিব৷ আমি ৰাষ্ট্ৰমণ্ডলক পুনৰ্জীৱিত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ, বিশেষ ৰূপত সৰু আৰু দুৰ্বল ৰাজ্য তথা আমাৰ ৰাষ্ট্ৰমণ্ডলৰ আবাদীৰ ৬০%ই অংশীদাৰ যুৱপ্ৰজন্মৰ বাবে প্ৰাসংগিকতা সুনিশ্চিত কৰোঁ৷ এই প্ৰত্যাহ্বানসমূহৰ বিষয়ে আলোচনা কৰাৰ বাবে কমনৱেলথ হেড্ছ অৱ গৱৰ্ণমেণ্ট মিটিং এক গুৰুত্বপূৰ্ণ অৱকাশ য’ত সকলোৱে একত্ৰ হৈ সন্মিলনৰ মূল থীম ‘‘Towards a Common Future’’ক সাফল্যমণ্ডিত কৰা হ’ব৷ বিশেষকৈ, ব্ৰিটেইন আৰু ভাৰতে লগ হৈ পদক্ষেপ গ্ৰহণৰ দ্বাৰা সকলোৰে বাবে অধিক বহনক্ষম, উন্নত, সুৰক্ষিত তথা সুন্দৰ ভৱিষ্যত সৃষ্টি কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হ’ব৷

  • বিশ্ব পৰিৱেশ দিৱস ২০১৮ৰ উদ্যোক্তাৰ ৰূপত কমনৱেলথ আৰু ভাৰতৰ ভূমিকা প্লাষ্টিক প্ৰদূষণক মোকাবিলা কৰাৰ বাবে সংবদ্ধ বৈশ্বিক পদক্ষেপৰ উত্তৰণ কৰা৷
  • কমনৱেলথৰ সদস্য-ৰাজ্যসমূহক চাইবাৰ সুৰক্ষা সামৰ্থ বৃদ্ধিত সহায় কৰাৰ বাবে ব্যৱহাৰিক সমৰ্থন প্ৰদান কৰা৷
  • প্ৰযুক্তিগত সমৰ্থন প্ৰদান কৰি কমনৱেলথ সদস্য ৰাজ্যসমূহক বিশ্ব বাণিজ্য সংস্থাৰ চুক্তি প্ৰণয়নত সহায় কৰা আৰু কমনৱেলথ ক্ষুদ্ৰ ৰাজ্যসমূহৰ কাৰ্যালয় বৃদ্ধিত সমৰ্থন প্ৰদান কৰা৷

প্ৰযুক্তিগত সহযোগিতা

৪. ব্ৰিটেইন-ভাৰত প্ৰযুক্তি সহযোগিতা আমাৰ যৌথ দৰ্শন, আমাৰ উন্নতি, আজিৰ তথা ভৱিষ্যত প্ৰজন্মৰ বাবে মুখ্য আধাৰস্বৰূপ৷ আমি জ্ঞান বিনিময় কৰিম, গৱেষণাৰ বাবে সংবদ্ধ হ’ম, উদ্ভাৱন আৰু আমাৰ বিশ্বমানৰ উদ্ভাৱন ক্লাষ্টাৰত সহযোগিতা বৃদ্ধি কৰিম৷ আমি আমাৰ প্ৰযুক্তি উচ্চ মানৰ চাকৰিৰ সৃষ্টি, উৎপাদনশীলতা বৃদ্ধি, বাণিজ্য আৰু বিনিয়োগৰ সম্প্ৰসাৰণ তথা বিনিময় কৰা প্ৰত্যাহ্বানসমূহৰ সৱলীকৰণৰ বাবে মোতায়েন কৰিম৷

৫. দুয়োপক্ষৰ পৰা বৈশ্বিক প্ৰত্যাহ্বানসমূহক মোকাবিলা কৰিব পৰাকৈ ফিউচাৰ টেকত সহযোগিতা প্ৰদান কৰা হ’ব; কৃত্ৰিম বুদ্ধিমত্তাৰ সম্ভাৱনীয়তাৰ অনুধাৱন; ডিজিটেল অৰ্থনীতি; স্বাস্থ্য প্ৰযুক্তি; আৰু স্বচ্ছ উত্তৰণ, স্মাৰ্ট নগৰীকৰণ আৰু ভৱিষ্যতৰ গতিশীলতা-এইসকলোবোৰ  আমাৰ যুৱ প্ৰজন্মৰ ভৱিষ্যতৰ দক্ষতা আৰু সামৰ্থ উত্তৰণৰ ক্ষেত্ৰত লাগু হ’ব৷

৬. ব্ৰিটেইন চৰকাৰে দ্বিপাক্ষিক প্ৰযুক্তি সহযোগিতাৰ অংশ হিচাপে ভাৰতত ব্ৰিটেইন-ভাৰত প্ৰযুক্তি কেন্দ্ৰ স্থাপন কৰিবলৈ লোৱা পদক্ষেপক আদৰণি জনাইছে৷ এই প্ৰযুক্তি কেন্দ্ৰই হাই-টেক কোম্পানীসমূহক একত্ৰিত কৰি বিনিয়োগ সৃষ্টি আৰু ৰপ্তানিৰ সুবিধা প্ৰদান কৰি ভাৰতৰ প্ৰত্যাশী জিলা কাৰ্যসূচীৰ অধীনত শ্ৰেষ্ঠতম প্ৰযুক্তি আৰু ভৱিষ্যতৰ গতিশীলতাক অন্তৰ্ভুক্ত কৰি উন্নত নীতি সংব্ধতা, উন্নত নিৰ্মাণ আৰু স্বাস্থ্য শুশ্ৰূষা এআই বিনিময় কৰা হ’ব৷ আমি ব্ৰিটেইন আঞ্চলিক আৰু ভাৰতীয় ৰাজ্যিক ভিত্তিত প্ৰযুক্তি ক্লাষ্টাৰৰ নতুন শ্ৰেণীৰ সহযোগিতা স্থাপন কৰি গৱেষণা আৰু উন্নয়নত যৌথ উদ্ভাৱনৰ বাবে কাম কৰিম৷ দুয়োখন চৰকাৰৰ সমৰ্থনত আমি ভাৰত-ব্ৰিটেইন টেক চিইঅ’ মৈত্ৰীৰ কথাও ঘোষণা কৰিছোঁ; দক্ষতা আৰু নতুন প্ৰযুক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰি Tech UK/NASSCOM MoUত স্বাক্ষৰো কৰিছোঁ য’ত উদ্যোগভিত্তিক শিক্ষামান্যতা আঁচনিসমূহো অন্তৰ্ভুক্ত হ’ব; আৰু ভাৰতত প্ৰযুক্তি তথা উদ্যমিতাক উৎসাহ প্ৰদান কৰাৰ বাবে নতুন UK FintechRocketship বঁটাৰো প্ৰৱৰ্তন কৰিছোঁ৷

৭. বিজ্ঞান, গৱেষণা আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত বৈশ্বিক প্ৰত্যাহ্বানসমূহক মোকাবিলা কৰিব পৰাকৈ দুয়োটা পক্ষই তেওঁলোকৰ শ্ৰেষ্ঠতম ব্ৰিটিছ আৰু ভাৰতীয় প্ৰতিভা মোতায়েন কৰিছে৷ ব্ৰিটেইন হ’ল ভাৰতৰ দ্বিতীয় বৃহত্তম আন্তঃৰাষ্ট্ৰীয় গৱেষণা আৰু উদ্ভাৱন সহযোগী৷ ব্ৰিটেইন-ভাৰত নিউটন-ভাবা কাৰ্যসূচীয়ে ২০২১ চনৰ ভিতৰত ৪০০ মিলিয়ন পাউণ্ডৰ যৌথ গৱেষণা আৰু উদ্ভাৱন সম্পন্ন কৰিব৷ আমি ব্ৰিটেইন আৰু ভাৰতত স্বাস্থ্যসন্মত জীৱন শৈলীৰ উদযাপনৰ বাবে স্বাস্থ্য খণ্ড, এআইৰ প্ৰৱৰ্তন আৰু ডিজিটেল স্বাস্থ্য প্ৰযুক্তিক গুৰুত্ব দি আমাৰ সহযোগিতা অধিক দৃঢ় কৰিম৷

বাণিজ্য, বিনিয়োগ আৰু বিত্ত

৮.  ব্ৰিটেইনৰ দ্বাৰা নিজৰ বাবে এক স্বতন্ত্ৰ ব্যৱসায় নীতি তথা পৰস্পৰে বিনিয়োগকাৰীৰ সুবিধা প্ৰদান কৰাৰ দায়িত্ব লোৱাৰ বাবে দুয়োগৰাকী নেতা পৰস্পৰৰ বাণিজ্যৰ বাবে নতুন ব্যৱস্থা বিকশিত কৰাৰ অৰ্থে ভাৰত আৰু ব্ৰিটেইনৰ সহযোগিতা পূৰ্ণ ক্ষমতাৰ মাধ্যমেৰে ব্যাৱসায়িক অংশীদাৰীত্বক এটা নতুন ৰূপ দিয়াৰ বাবে সহমত হৈছে৷ ব্ৰিটেইন ভাৰত সংযুক্ত ব্যৱসায় সমীক্ষা বৈঠকৰ প্ৰস্তাৱৰ আধাৰত আমি ব্যৱসায়ৰ বাধা কম কৰাৰ বাবে ক্ষেত্ৰীয় ভিত্তিক ৰোডমেপ প্ৰস্তুত কৰাৰ সৈতে পৰস্পৰে ব্যৱসায়ক সুগম কৰাৰ অৰ্থে ইউৰোপীয় সংঘৰ পৰা ব্ৰিটেইন পৃথক হোৱাৰ পিছত দ্বিপাক্ষিক সম্বন্ধক প্ৰগাঢ় কৰাৰ বাবে লগ হৈ কাম কৰিব৷ ইউৰোপীয় সংঘৰ পৰা ব্ৰিটেইন পৃথক হোৱাৰ পিছত আমি এয়া সুনিশ্চিত কৰিম যে ব্ৰিটেইন-ভাৰত বুজাবুজি লাগু কৰাৰ প্ৰয়াস ভৱিষ্যতেও যাতে অবিৰত থাকে৷

৯. দুয়োজন নেতাই নিয়ম আধাৰিত বহুপক্ষীয় ব্যৱসায় ব্যৱস্থাৰ ভূমিকাত পুনৰ আস্থা প্ৰকাশ কৰিছে আৰু বহনক্ষম বিকাশ আৰু উন্নয়নৰ বাবে মুক্ত, নিষ্পক্ষ আৰু মুক্ত বাণিজ্যৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে৷ তেওঁলোকে বিশ্ব বাণিজ্য সংগঠনৰ সকলো সদস্য দেশৰ সৈতে লগ হৈ কাম কৰাৰ সৈতে বাণিজ্যত সংবদ্ধ কাৰ্যসমূহৰ আলোচনা ভৱিষ্যতেও অবিৰত ৰখাৰ প্ৰতিশ্ৰুতি দোহাৰে, যাৰ দ্বাৰা বৈশ্বিক নিয়ম আধাৰিত ব্যৱস্থাৰ প্ৰতি সহযোগিতা প্ৰতিশ্ৰুতিৰ সৈতে এই সম্পৰ্কে বিশ্ব বাণিজ্য সংগঠনৰ ভূমিকাক সৱলীকৰণ কৰিব পৰা যাব৷

১০. বিগত বৰ্ষসমূহত ব্ৰিটেইন ভাৰতত জি-২০ৰ সকলোতকৈ বৃহৎ বিনিয়োগকাৰী দেশ হিচাপে প্ৰসিদ্ধ হৈছে, আনহাতে ভাৰত ব্ৰিটেইনত বিনিয়োগ পৰিযোজনা প্ৰণয়ন কৰাৰ সন্দৰ্ভত চতুৰ্থ বৃহৎ দেশ হিচাপে প্ৰসিদ্ধ হৈছে৷ ভৱিষ্যতে সহযোগৰ সম্ভাৱনাৰ সমীক্ষা তথা নিজৰ প্ৰাথমিকতাকৰ পৰিচয় উন্নত কৰাৰ বাবে আমি বিনিয়োগৰ বিষয়ে নতুন ধৰণে আলোচনা আৰম্ভ কৰিম৷

১১. ভাৰতে ব্ৰিটেইনত ভাৰতীয় বিনিয়োগৰ বাবে এক পাৰস্পৰিক ফাৰ্ষ্ট ট্ৰেক তন্ত্ৰ স্থাপিত কৰি ভাৰতীয় ব্যৱস্থাক অতিৰিক্ত সমৰ্থন প্ৰদান কৰাৰ বাবে ব্ৰিটেইনৰ প্ৰস্তাৱক আদৰণি জনাইছে৷ প্ৰযুক্তিগত সহযোগৰ কাৰ্যক্ৰমে নিয়ামক পৰিৱেশক উন্নত কৰাত সহায় কৰিব৷ ভাৰত আৰু ব্ৰিটেইনৰ সহযোগিতা উন্নতিৰ বাবে দুয়ো পক্ষ ব্ৰিটেইন আৰু ভাৰত চিইঅ’ মঞ্চ সহিতে বাণিজ্যিক হিতাধিকাৰীসকলৰ পদক্ষেপসমূহক সমৰ্থন কৰিব৷

১২. দুয়ো পক্ষই বৈশ্বিক স্তৰত বিত্ত আৰু বিনিয়োগৰ সন্দৰ্ভত লণ্ডন চহৰৰ অগ্ৰণী ভূমিকাক স্বাগতম জনাইছে৷ লণ্ডন ষ্ট’ক এক্সেঞ্জত প্ৰণয়ন কৰা টকা-আধাৰিত ‘মচলা ব্ৰেণ্ড’ৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত ৭৫ শতাংশ মূল্যৰ এক তৃতীয়াংশ গ্ৰীণ বণ্ড হয়৷

১৩. গ্ৰীণ গ্ৰোথ ইকুইটী (জিজিইএফ)ভাৰত আৰু ব্ৰিটেইন চৰকাৰৰ এক সংবদ্ধ পক্ষদেপ যাৰ দ্বাৰা ভাৰতৰ ফ্লেগশ্বিপ কাৰ্যক্ৰম ৰাষ্ট্ৰীয় নিৱেশ আৰু আন্তঃগাঁথনি পুঁজিৰ ভিত্তিত স্থাপিত কৰা হৈছে৷ ইয়াৰ দ্বাৰা ভাৰতক ক্ষীপ্ৰ গতিত নৱীকৰণ শক্তি ক্ষেত্ৰৰ বাবে বিত্তীয় সহায় উপলব্ধ কৰোৱা হ’ব৷ এই পুঁজিত দুয়োখন দেশ ১২০-১২০ মিলিয়ন পুঁজিৰ অংশদান কৰিব৷ সংস্থাগত বিনিয়োগৰ জৰিয়তে জিজিইএফত ৫০০ মিলিয়ন পুঁজিত কৈ অধিক ধন সংবদ্ধ কৰাৰ সম্ভাৱনা আছে৷ জিজিইএফ ২০২২ পৰ্যন্ত ভাৰতক ১৭৫ গিগাবাইট সেউজ শক্তি ক্ষমতাৰ লক্ষ্য প্ৰাপ্ত কৰাত সহায় কৰাৰ লগতে সেউজ পৰিবহণ তথা জল আৰু অনাময় প্ৰৱন্ধনৰ ক্ষেত্ৰত বিনিয়োগো বৃদ্ধি কৰিব৷ আমি শক্তি আৰু আধাৰভূত আন্তঃগাঁথনি নীতিৰ ক্ষেত্ৰত ভৱিষ্যতে সহযোগিতাৰ আশা প্ৰকাশ কৰোঁ৷ স্মাৰ্ট চহৰীকৰণৰ বাবে আমি সহযোগিতাৰে কাম কৰিম৷

১৪. আমি প্ৰস্তাৱিত নতুন নিয়ামক সহযোগিতা বুজাবুজি সহিতে-আমাৰ দুয়োখন দেশৰ মাজত ফিনটেক আলোচনা আৰম্ভণিক স্বাগতম জনাইছোঁ৷ আমাৰ মাজত বিত্তীয় সেৱাৰ সহযোগিতাক প্ৰযুক্তিগত সহায়ৰ দ্বাৰা বৃদ্ধি কৰা হ’ব যাতে দেৱলীয়া, পেঞ্চন আৰু বীমা ক্ষেত্ৰৰ বজাৰ বিকশিত কৰিব পাৰি৷ এই ক্ষেত্ৰত যেতিয়া তেওঁলোকে এই বৰ্ষৰ অন্তত আৰ্থিক আৰু বিত্তীয় বাৰ্তাৰ দশম পৰিক্ৰমাৰ বাবে মিলিত হ’ব তেতিয়া সহযোগিতাৰ ৰূপৰেখা দুয়োখন দেশৰ বিত্ত মন্ত্ৰীৰ দ্বাৰা নিৰ্ধাৰিত কৰা হ’ব৷

১৫. আজিৰ বৈশ্বিকীকৰণ দৌৰত ভাৰত আৰু ব্ৰিটেইনে সম্পৰ্কৰ গুৰুত্বক স্বীকাৰ কৰে৷ দুয়োখন দেশ পৰস্পৰৰ সম্পৰ্কৰ এই প্ৰয়াস, সুশাসন, আইন ব্যৱস্থা, মুক্ত পৰিৱেশ আৰু পাৰদৰ্শিতাৰ মূল সিদ্ধান্তৰ ওপৰত আধাৰিত হ’ব লাগে৷ ইয়াত সামাজিক আৰু পৰিৱেশৰ গুণগতৰ সৈতে বিত্তীয় জবাবদেহী আৰু ঋণৰ উপলব্ধতৰ অনুপালন হ’ব লাগে৷ ইয়াক এই ধৰণে আকোঁৱালি ল’ব লাগে যাতে সেয়া আন্তঃৰাষ্ট্ৰীয় দায়িত্ব, গুণগততা আৰু সৰ্বোত্তম ব্যৱহাৰৰ জৰিয়তে বাস্তৱিক লাভ প্ৰদান কৰিব পাৰে৷

দায়িত্বশীল বৈশ্বিক নেতৃত্ব

১৬.  দুয়োজন নেতাই জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে নেতৃত্ব গ্ৰহণ কৰাৰ বাবে নিজৰ প্ৰতিশ্ৰুতি দোহাৰে৷ দুয়ো পক্ষই স্বীকাৰ কৰে যে জলবায়ু পৰিৱৰ্তনৰ সমাধান আৰু শক্তিৰ সুৰক্ষা, লাভ আৰু বহনক্ষম যোগানক বিকশিত কৰাটো গুৰুত্বপূৰ্ণ প্ৰাথমিক সহযোগিতা হয়৷ দুয়োটা পক্ষই ঔদ্যোগিকী উদ্ভাৱন, সহযোগিতাৰ জ্ঞান, ক্ষমতা নিৰ্মাণ, বাণিজ্য আৰু বিনিয়োগ তথা পৰিযোজনা প্ৰতিষ্ঠানৰ মাধ্যমৰ দ্বাৰা স্বচ্ছ শক্তি পৰিযোজনাৰ বিকাশ আৰু তাৰ ব্যৱহাৰ কম কৰাত সহযোগিতা কৰাৰ বাবে সহমত প্ৰকাশ কৰিছে৷

১৭. ব্ৰিটেইনে আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰী (আইএছএ)ৰ স্থাপনত ভাৰতৰ সক্ৰিয় পদক্ষেপক আদৰণি জনাইছে৷ ইয়াত সৌৰ মৈত্ৰীত ব্ৰিটেইনক অন্তৰ্ভুক্ত কৰাৰ গুৰুত্বক ৰেখাংকিত কৰা হৈছে৷

১৮. সম্পন্ন গণতান্ত্ৰিক ৰূপত আমি সেই সকলৰ সৈতে মিলি কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰিছোঁ যি নিয়ম আধাৰিত আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাক সমৰ্থন প্ৰদান কৰে আৰু আন্তঃৰাষ্ট্ৰীয় মানদণ্ড, বৈশ্বিক শান্তি আৰু স্থিৰতাত সহমত প্ৰকাশ কৰিছোঁ৷ ব্ৰিটেইন আৰু ভাৰত অনিশ্চয়তাৰে ভৰা বিশ্বত এক ভাল শক্তি৷ বৈশ্বিক প্ৰত্যাহ্বানৰ সৈতে যুঁজিবলৈ আমি নিজৰ অনুভৱ আৰু জ্ঞানৰ প্ৰকাশ কৰোঁ৷ ভাৰতৰ জৈৱিক প্ৰদ্যোগিকী বিভাগ (ডিবিটি) আৰু ব্ৰিটেইনৰ কৰ্কট গৱেষণাই পৰস্পৰত ১০ মিলিয়ন পাউণ্ডৰ জৰিয়তে দ্বিপাক্ষিক অনুসন্ধান আৰম্ভ কৰাৰ প্ৰস্তাৱ ৰাখিছে যি কম খৰচী কৰ্কট ৰোগৰ চিকিৎসাত কেন্দ্ৰীভূত হ’ব৷

১৯. ২০৩০ পৰ্যন্ত দাৰিদ্ৰতা নিৰ্মূল তথা বিকাশক গতি প্ৰদান কৰাৰ বাবে দুয়োখন দেশে নিজৰ সহযোগিতাৰ প্ৰয়াসক শক্তিশালী কৰিব৷ আমি এয়া সুনিশ্চিত কৰিম যে বিত্তীয় সাহায্যৰ উপলব্ধতা, নতুন বজাৰ, বাণিজ্য, বিনিয়োগ, সম্পৰ্ক আৰু আৰ্থিক একত্ৰীকৰণৰ সুবিধা অধিকতম ৰূপত দেশৰ সমাজৰ সকলোতকৈ দাৰিদ্ৰ তথা বঞ্চিত সকলোকে পাওক আৰু এক উন্নত তথা সুৰক্ষিত ভৱিষ্যতৰ নিৰ্মাণ হওক৷

প্ৰতিৰক্ষা আৰু চাইবাৰ সুৰক্ষা

২০. সুৰক্ষা আৰু প্ৰতিৰক্ষাক নিজৰ নতুন সম্বন্ধৰ আধাৰ হিচাপে প্ৰস্তুত কৰাৰ বাবে আমি ২০১৫ত এটা নতুন ৰক্ষা আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ সংকল্প গ্ৰহণ কৰিছোঁ৷ আমি যি প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আছোঁ সেয়া নিৰন্তৰ পৰিৱৰ্তন হৈ আছে৷ এই ক্ষেত্ৰত ইয়াৰ সৈতে মোকাবিলা কৰাৰ বাবে আমি নিৰন্তৰ নতুন ব্যৱস্থা গ্ৰহণ কৰিব লাগিব৷ আমি এনেকুৱা প্ৰদ্যোগিকী প্ৰস্তুত কৰিব লাগিব যি এই বিপদসমূহৰ সন্মুখীন হ’ব পাৰে৷ আমাৰ সুৰক্ষা প্ৰণালী আৰু সৈন্য বল এই সম্পৰ্কে প্ৰদ্যোগিকী, ক্ষমতা আৰু উপকৰণক সহযোগিতা প্ৰদান কৰে৷

২১. এক সুৰক্ষিত, মুক্ত, সমাবেশী আৰু সমৃদ্ধ ভাৰত প্ৰশান্ত ক্ষেত্ৰ কেৱল ভাৰতৰেই নহয়, আনকি ব্ৰিটেইন আৰু সম্পূৰ্ণ আন্তঃৰাষ্ট্ৰীয় সমুদায়ৰ হিতৰ বাবেও হয়৷ ভাৰত আৰু ব্ৰিটেইন এই ক্ষেত্ৰত সামুদ্ৰিক নৌবহনক যথেষ্ট সুৰক্ষিত কৰাৰ বাবে সহযোগিতাৰে কাম কৰিব৷

২২. আমি চাইবাৰ স্পেছত সুৰক্ষা আৰু আন্তঃৰাষ্ট্ৰীয় সুৰক্ষা আৰু স্থায়ীত্বত বিকশিত কৰাৰ বাবে পাৰস্পৰিক সহযোগিতাক দৃঢ় কৰাৰ বাবে সহমত প্ৰকাশ কৰিছোঁ৷

সন্ত্ৰাসবাদীৰ সৈতে মোকাবিলা

২৩. দুয়োজন নেতাই ভাৰত আৰু ব্ৰিটেইনত সন্ত্ৰাসবাদীৰ গতিবিধিসহিতে সকলো ধৰণৰ কাৰ্যকলাপ বন্ধ কৰাৰ বাবে প্ৰতিশ্ৰুতি দোহাৰে৷ তেওঁলোকে স্বীকাৰ কৰিছে যে সন্ত্ৰাসবাদক কোনোটো ৰূপতে ন্যায়সংগত বুলিব নোৱাৰি৷ ইয়াক কোনো ধৰ্ম, সম্প্ৰাদায় অথবা ৰাষ্ট্ৰীয়তাৰ সৈতে সংবদ্ধ কৰিব নালাগে৷

২৪. দুয়োজন নেতাই সন্ত্ৰাসবাদী আৰু উগ্ৰবাদী সংগঠনসকলে সাধাৰণ লোকক নিজৰ সৈতে সাঙুৰা পৰিস্থিতিত অৱকাশ নিদিয়াৰ সপক্ষে সহমত পোষণ কৰে৷ ইয়াৰ বাবে সকলো দেশৰ সৈতে সংবদ্ধ হৈ কাম কৰিব লাগিব যাতে সন্ত্ৰাসবাদী সংগঠনসমূহে লাভ কৰি থকা বিত্তীয় সাহায্য বন্ধ কৰি তেওঁলোকৰ নেটৱৰ্কসমূহ বন্ধ কৰিব পাৰি৷

২৫. দুয়োজন নেতাই লস্কৰ-ই-তৈবা, জইশ-ই-মহম্মদ, হিজবুল মুজাদিহীন, হক্কানী নেটৱৰ্ক, আল কাইডা, আইছিছ তথা তেওঁলোকৰ সৈতে জড়িত অন্য সংগঠনসমূহৰ বিৰুদ্ধে নিৰ্ণায়ক সিদ্ধান্ত লোৱাৰ বাবে পাৰস্পৰিক সহযোগিতাক দৃঢ় কৰি তোলাৰ বাবে সহমতি প্ৰকাশ কৰে৷

২৬. ব্ৰিটেইনৰ ছালিছবাৰীত হোৱা স্নায়ু গেছ আক্ৰমণৰ বিৰুদ্ধে ভাৰত আৰু ব্ৰিটেইনে ৰাসায়নিক অস্ত্ৰৰ প্ৰসাৰৰ বিৰোধিতা আৰু নিৰস্ত্ৰীকৰণৰ প্ৰতি নিজৰ সহযোগিতাৰ হিতসমূহক শক্তিশালী কৰা প্ৰতিশ্ৰুতি প্ৰদান কৰে৷ তেওঁলোকে ছিৰিয়াত ৰাসায়নিক অস্ত্ৰৰ বহুল প্ৰয়োগৰ সংবাদত নিজৰ উদ্বেগ প্ৰকাশ কৰে আৰু যিকোনো পৰিস্থিতিতে কাৰোবাৰ বিৰুদ্ধে ৰাসায়নিক অস্ত্ৰ প্ৰয়োগ কৰাৰ বিৰোধিতা কৰে৷ তেওঁলোকে ৰাসায়নিক অস্ত্ৰ নিষেধ সন্ধিৰ ব্যৱস্থাক কাৰ্যকৰী ধৰণে প্ৰণয়ন কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে৷

শিক্ষা আৰু জনসাধাৰণৰ মাজত সম্পৰ্ক



২৭. আমি এনে বিষয় আৰু ক্ষেত্ৰত ইয়াৰ প্ৰতিভাৱান লোকসকলৰ ব্ৰিটেইনত অধ্যয়ন আৰু চাকৰি কৰাৰ অৱকাশ প্ৰদান কৰাৰ স্বাগতম জনাইছোঁ যাৰ দ্বাৰা কৌশল বিকাশত সহায়ক হৈ দুয়োখন দেশৰ সমৃদ্ধিত সহযোগিতা প্ৰকাশ কৰিব পাৰে৷

২৮. দুয়োজন নেতাই ভাৰত ব্ৰিটেইন সাংস্কৃতিক বৰ্ষ ২০১৭ৰ সফল সমাপনত সন্তোষ প্ৰকাশ কৰে৷ সমগ্ৰ বৰ্ষজুৰি পালন হোৱা এই কাৰ্যসূচীত দুয়োখন দেশৰ শিল্পীসকলে পৰস্পৰৰ সাংস্কৃতিক আৰু কলাত্মক ক্ষমতাসমূহ প্ৰদৰ্শিত কৰে৷ ভাৰত আৰু ব্ৰিটেইনৰ প্ৰগাঢ় সাংস্কৃতিক সম্বন্ধৰ এয়া এক উদাহৰণ আছিল৷

২৯. দুয়োজন নেতাই ভাৰতত ব্ৰিটিছ কাউন্সিলৰ স্থাপনাৰ ৭০ বৰ্ষপূৰ্তিক আদৰণি জনায় আৰু ব্ৰিটিছ কাউন্সিলৰ দ্বাৰা যুৱপ্ৰজন্মৰ বাবে প্ৰণয়ন কৰা কৌশল বিকাশ কাৰ্যক্ৰম তথা সাংস্কৃতিক আদান-প্ৰদান কাৰ্যৰ প্ৰশংসা কৰে৷

৩০. ব্ৰিটিছ কাউন্সিল ভাৰত আৰু ব্ৰিটেইন জনসাধাৰণৰ মাজত পাৰস্পৰিক সম্পৰ্কৰ এক জীৱন্ত সেঁতু আৰু ইয়াক উৎসাহ প্ৰদান কৰিব লাগে বুলি সহমত পোষণ কৰে৷

সমাপ্তি

৩১. আমি ইয়াক কূটনৈতিক সহযোগিতালৈ ৰূপান্তৰ কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ, যাৰ বিস্তাৰ সমূহ বিশ্বৰ সৈতে সম্পূৰ্ণ শতাব্দী পৰ্যন্ত হওক, য’ত অনাগত সময়ত আমাৰ বিশেষ সম্বন্ধ অধিক বিকশিত হ’ব পাৰে৷ আমি আমাৰ ব্যৱসায়িক, সাংস্কৃতিক আৰু বৌদ্ধিক নেতাসকলক এই গতিবিধিসমূহৰ সুযোগ গ্ৰহণ কৰিবলৈ উৎসাহ প্ৰদান কৰিছোঁ যি ভাৰত আৰু ব্ৰিটেইনৰ পাৰিবাৰিক স্তৰৰ পৰা আৰম্ভ কৰি বিত্তীয় ব্যৱস্থা তথা বাণিজ্যৰ পৰা আৰম্ভ কৰি বলীউডলৈ তথা ক্ৰীড়াৰ পৰা আৰম্ভ কৰি বিজ্ঞানলৈ পৰস্পৰক জড়িত কৰে, যাতে লক্ষাধিক সংখ্যাত ব্ৰিটিছ আৰু ভাৰতীয় নাগৰিক পৰস্পৰৰ দেশলৈ যাত্ৰা কৰে, বাণিজ্য কৰে আৰু কিছু কথা শিকিব পাৰে৷

৩২. প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰধানমন্ত্ৰী থেৰেছা মে’ আৰু ব্ৰিটেইন চৰকাৰক উৎসাহৰ সৈতে তেওঁক আৰু তেওঁৰ প্ৰতিনিধিমণ্ডলক আদৰণি জনোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে আৰু কয় যে ভাৰতত তেওঁলোকক স্বাগতম জনাবলৈ তৎপৰ হৈ আছে৷  

***

AKT/SH/VK/MANN



(Release ID: 1530777) Visitor Counter : 116


Read this release in: English , Marathi , Hindi , Tamil