প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীৰ মন কী বাতৰ অসমীয়া অনুবাদ (খণ্ড-৪১, ২৫ ফেব্ৰুৱাৰী ২০১৮)

Posted On: 25 FEB 2018 11:40AM by PIB Guwahati

মোৰ মৰমৰ দেশবাসীসকল, নমস্কাৰ৷

আজি আৰম্ভণিতে ‘মন কী বাত’ এটা ফোন কলৰ পৰাই আৰম্ভ কৰোঁ৷

(ফোন)

আপোনাৰ ফোন কলৰ বাবে বহুত বহুত ধন্যবাদ৷ বিজ্ঞানক লৈ বহু প্ৰশ্ন মোৰ যুৱ বন্ধুসকলে মোক সোধে, কিবা নহয় কিবা লিখি থাকে৷ আমি দেখিছোঁ যে সাগৰৰ ৰং নীলা দেখি কিন্তু আমি নিজৰ দৈনিক জীৱনৰ অনুভৱৰ পৰা গম পাওঁ যে পানীৰ কোনো ৰং নাথাকে৷ কেতিয়াবা আমি ভাবিছোঁ নে যে নদীয়েই হওক বা সাগৰেই হওক, পানী ৰঙীণ কিয় হয়? এই প্ৰশ্ন ১৯২০ ৰ দশক এক যুৱকৰ মনলৈ আহিছিল৷ এই প্ৰশ্নই আধুনিক ভাৰতৰ এক মহান বৈজ্ঞানিকৰ জন্ম দিছিল৷ যেতিয়া আমি বিজ্ঞানৰ কথা কওঁ তেতিয়া সকলোতকৈ প্ৰথমে ভাৰত ৰত্ন চাৰ চি ভি ৰমণৰ নাম আমাৰ সন্মুখলৈ আহে৷ তেওঁক Light Scattering অৰ্থাৎ প্ৰকীৰ্ণনৰ উৎকৃষ্ট কাৰ্যৰ বাবে নোবেল বঁটা প্ৰদান কৰা হৈছিল৷ তেওঁৰ এই অন্বেষণ ‘Raman effect’ নামেৰে জনাজাত হয়৷ আমি প্ৰত্যেক বৰ্ষৰ ২৮ ফেব্ৰুৱাৰীত ‘ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস’ উদযাপন কৰোঁ কাৰণ কোৱা হয় যে সেই দিনটোতেই তেওঁ Light Scatteringৰ অন্বেষণ কৰিছিল৷ যাৰ বাবে তেওঁক নোবেল বঁটা প্ৰদান কৰা হৈছিল৷ এই দেশে বিজ্ঞান ক্ষেত্ৰত বহুতো মহান বৈজ্ঞানিকক জন্ম দিছে৷ এফালে মহান গণিতজ্ঞ বোধায়ন, ভাস্কৰ, ব্ৰহ্মগুপ্ত আৰু আৰ্যভট্টৰ পৰম্পৰা আছে যদি আনফালে চিকিৎসা ক্ষেত্ৰত সুশ্ৰুত আৰু চৰক আমাৰ গৌৰৱ হয়৷ চাৰ জগদীশ চন্দ্ৰ বসু আৰু হৰগোৱিন্দ খোৰানাৰ পৰা আৰম্ভ কৰি সত্যেন্দ্ৰ নাথ বসুৰ দৰে বৈজ্ঞানিকসকল ভাৰতৰ গৌৰৱ হয়৷ সত্যেন্দ্ৰ নাথ বসুৰ নামততো বিখ্যাত মৌল ‘Boson’ৰ নামাকৰণ কৰা হৈছিল৷ অলপতে মোৰ মুম্বাইৰ এক কাৰ্যক্ৰমত অংশগ্ৰহণ হোৱাৰ সৌভাগ্য হ’ল- Wadhwani Institute for Artificial Intelligenceৰ মুকলি অনুষ্ঠানৰ৷ বিজ্ঞানৰ ক্ষেত্ৰত যি চমৎকাৰ হৈ আছে, সেইসমূহৰ বিষয়ে জানিবলৈ এয়া বৰ বঢ়িয়া সুযোগ আছিল৷ কৃত্ৰিম বুদ্ধিমতাৰ মাধ্যমত ৰবট, বট আৰু বিশেষ কাৰ্য কৰা যন্ত্ৰ নিৰ্মাণত সহায়ক হয়৷ আজিকালি যন্ত্ৰসমূহে স্ব-শিক্ষণ পদ্ধতিৰে নিজৰ বুদ্ধিমতাক আৰু অধিক উত্তৰণ কৰে৷ এই প্ৰযুক্তিৰ উপযোগিতা দাৰিদ্ৰ, বঞ্চিত অথবা আৱশ্যক অনুভৱ কৰা লোকসকলৰ জীৱন উন্নতৰ কৰাত সহায় হ’ব পাৰে৷ কৃত্ৰিম বুদ্ধিমতা সেই কাৰ্যক্ৰমত মই বৈজ্ঞানিক সম্প্ৰদায়ক আহ্বান কৰিলোঁ যে দিব্যাংগ ভাতৃ তথা ভগ্নীসকলৰ জীৱন সুগম কৰাৰ বাবে কিদৰে কৃত্ৰিম বুদ্ধিমতা সহায়ক হ’ব পাৰে৷ কৃত্ৰিম বুদ্ধিমতাৰ সহায়ত আমি প্ৰাকৃতিক দুৰ্যোগসমূহৰ অধিক উন্নত ভাৱে অনুমান কৰিব পাৰোঁ নেকি? খেতিয়কসকলে শস্যসমূহৰ উৎপাদনৰ ক্ষেত্ৰত কিবা সহায় পাব পাৰে নেকি? কৃত্ৰিম বুদ্ধিমতাই স্বাস্থ্য সেৱা প্ৰাপ্তিক সহজ কৰি তুলিবলৈ তথা আধুনিক ধৰণে ৰোগৰ চিকিৎসা কৰাবলৈ সহায় কৰিব পাৰে নেকি?

কেইদিনমান পূৰ্বে ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ সৈতে মই গুজৰাটৰ আহমেদাবাদত ‘I Create’ ৰ উদঘাটনৰ বাবে একেলগে যোৱাৰ সৌভাগ্য লাভ কৰিছিলোঁ৷ তাত এজন যুৱকে এনেকুৱা এটা digital instrument উত্তৰণ কৰিছিল য’ত কোনোবাই কথা ক’ব নোৱাৰি তাত লিখিলে সেয়া শব্দলৈ পৰিৱৰ্তিত হৈ যায় আৰু আপুনি কাৰোবাৰ সৈতে কথা পতা ধৰণে ইয়াৰ জৰিয়তে কথা পাতিব পাৰে৷ মই বুজি পাইছোঁ যে কৃত্ৰিম বুদ্ধিমতাৰ ব্যৱহাৰ এনেকুৱা বহুতো ব্যৱস্থাত কৰিব পাৰি৷

বিজ্ঞান আৰু প্ৰযুক্তিৰ মূল্য নিৰপেক্ষ হয়৷ ইয়াৰ নিজা মূল্য নাথাকে৷ আমি বিচৰা ধৰণেই যিকোনো যন্ত্ৰই কাম কৰিব৷ কিন্তু এয়া আমাৰ ওপৰত নিৰ্ভৰ কৰে যে আমি যন্ত্ৰটোৰ দ্বাৰা কি কাম কৰিম৷ ইয়াত মানৱীয় উদ্দেশ্য মহত্বপূৰ্ণ হয়৷ বিজ্ঞান কেৱল মানৱৰ কল্যাণৰ বাবে কৰা প্ৰয়োগেই হ’ল মানৱ জীৱনৰ সৰ্বোচ্চ উচ্চতম পৰ্যায়ক স্পৰ্শ কৰাৰ প্ৰয়োগ৷

লাইট বাল্বৰ আৱিষ্কাৰ কৰা থমাছ আলভা এডিছনে বহুবাৰ অসফল হৈছিল৷ এবাৰ তেওঁক এই বিষয়ে সোধাত তেওঁ এইদৰে ক’লে, ‘‘মই লাইট বাল্ব নিৰ্মাণ কৰিব নোৱাৰাৰ দহ হাজাৰটা প্ৰক্ৰিয়া সন্ধান কৰিছোঁ৷’’ অৰ্থাৎ এডিছনে নিজৰ অসফলতাকো নিজৰ শক্তি কৰি লৈছিল৷ সৌভাগ্যক্ৰমে মই আজি মহৰ্ষি অৰবিন্দৰ কৰ্মভূমি ‘Auroville’ ত উপস্থি আছোঁ৷ এক ক্ৰান্তিকাৰী ৰূপত তেওঁ ব্ৰিটিছ শাসনক প্ৰত্যাহ্বান জনাইছিল, তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ কৰিছিল, তেওঁলোকৰ শাসনৰ ওপৰত প্ৰশ্ন কৰিছিল৷ এইদৰেই তেওঁ এক মহান ঋষিৰ ৰূপত, জীৱনৰ প্ৰতিটো পৰ্যায়ৰে প্ৰশ্ন কৰিছিল৷ ইয়াৰ উত্তৰ সন্ধান কৰি মানৱতাক তেওঁ পথ দেখুৱালে৷ সত্য উদঘাটনৰ বাবে বাৰে বাৰে প্ৰশ্ন কৰাৰ ভাৱনা মহত্বপূৰ্ণ হয়৷ বৈজ্ঞানিক সন্ধানৰ প্ৰেক্ষাপটত প্ৰকৃত প্ৰেৰণাতো এয়াই৷ তেতিয়ালৈ শান্তিৰে বহিব নালাগে যেতিয়ালৈ কিয়, কি আৰু কেনেকৈৰ দৰে প্ৰশ্নসমূহৰ উত্তৰ পোৱা নাযায়৷ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উপলক্ষে আমাৰ বৈজ্ঞানিকসকল, বিজ্ঞানৰ সৈতে জড়িত সকলো লোককে অভিনন্দন জ্ঞাপন কৰিছোঁ৷ আমাৰ যুৱ প্ৰজন্ম সত্য আৰু জ্ঞানৰ অন্বেষণৰ বাবে প্ৰেৰিত হওক, বিজ্ঞানৰ সহায়ৰ জৰিয়তে সমাজৰ সেৱা কৰিবলৈ প্ৰেৰিত হওক, ইয়াৰ বাবে মই বহু শুভকামনা জনাইছোঁ৷

বন্ধুসকল, বিপদৰ সময়ত সুৰক্ষা, দুৰ্যোগ আদি বিষয় সন্দৰ্ভত মোলৈ বহু বাৰ্তা আহে, জনসাধাৰণে কিবা নহয় কিবা লিখিয়েই থাকে৷ পুণেৰ পৰা শ্ৰীমান ৰবীন্দ্ৰ সিঙে নৰেন্দ্ৰ মোদী ম’বাইল এপত নিজৰ মন্তব্যত occupational safety সন্দৰ্ভত লিখিছে৷ তেওঁ লিখিছে যে আমাৰ দেশৰ উদ্যোগ তথা নিৰ্মাণস্থলীত সুৰক্ষাৰ পৰিমাণ ইমান সঠিক নহয়৷ অহা ৪ মাৰ্চত ভাৰত ৰাষ্ট্ৰীয় সুৰক্ষা দিৱস, সেয়ে প্ৰধানমন্ত্ৰীয়ে নিজৰ  ‘মন কী বাত’ৰ কাৰ্যক্ৰমত সুৰক্ষা সম্বন্ধে কিছু কথা কওক যাতে জনসাধাৰণে সুৰক্ষা সম্বন্ধে সজাগ হয়৷ যেতিয়া আমি ৰাজহুৱা সুৰক্ষাৰ কথা কওঁ তেতিয়া দুটা কথা অতিশয় গুৰুত্বপূৰ্ণ হয়, pro-activeness আৰু preparedness৷ সুৰক্ষা দুই প্ৰকাৰৰ হয়, এটা যি বিপদৰ সময়ত প্ৰযোজনীয়, দুৰ্যোগৰ সময়ত সুৰক্ষা আৰু দ্বিতীয়টো যি দৈনন্দিন জীৱনত প্ৰয়োজন হয়, প্ৰতিদিনৰ সুৰক্ষা৷ যদি আমি দৈনিক জীৱনত সুৰক্ষা সম্বন্ধে সজান নহও, তাক প্ৰাপ্ত কৰিব পৰা নাই, তেন্তে বিপদৰ সময়ত ইয়াক প্ৰাপ্ত কৰাটো অসম্ভৱ হৈ পৰে৷ আমি বহুবাৰ পথত লিখি থোৱা জাননীসমূহ পঢ়োঁ৷ তাত লিখা থাকে-

-‘‘সতৰ্কতা হেৰুৱালে দুৰ্ঘটনা ঘটে’’,

-‘‘এটা ভুলে কৰে লোকচান, সুখ আৰু হাঁহি কাঢ়ি লৈ যায়’’,

-‘‘ইমান সোনকালে পৃথিৱী নেৰিব, সুৰক্ষাৰ সৈতে এতিয়া সম্বন্ধ গঢ়ক’’

-‘‘সুৰক্ষাৰ সৈতে নকৰিব একো ধেমালি, নহ’লে জীৱন হ’ব সস্তীয়া’’

ইয়াৰ পিছত এই বাক্যসমূহৰ প্ৰয়োগ আমাৰ জীৱনত কেতিয়াও নহয়৷ প্ৰাকৃতিক দুৰ্যোগসমূহৰ বাবে অধিকতৰ দুৰ্ঘটনাসমূহেই আমাৰ কিবা কাৰণত কৰা ভুলৰ পৰিণাম হয়৷ যদি আমি সতৰ্ক হওঁ, আৱশ্যকীয় নিয়মসমূহ পালন কৰোঁ, তেন্তে নিজৰ জীৱন ৰক্ষা কৰাৰ লগতে ডাঙৰ দুৰ্ঘটনাৰ পৰাও সমাজক ৰক্ষা কৰিব পাৰোঁ৷ কেতিয়াবা আমি দেখোঁ যে কৰ্মস্থানত সুৰক্ষা সম্পৰ্কে বহু সূত্ৰ লিখা হৈছে কিন্তু সেয়া পালন কৰা দেখা নাযায়৷ মই বিচাৰোঁ যে মহানগৰপালিকা, নগৰপালিকা, যিসকলৰ ওচৰত অগ্নি নিৰ্বাপক ব্যৱস্থা আছে তেওঁলোকে সপ্তাহত অথবা মাহত এবাৰ বিভিন্ন বিদ্যালয়সমূহলৈ গৈ শিক্ষাৰ্থীসকলৰ সন্মুখত ম’ক ড্ৰিল কৰিব লাগে৷ ইয়াৰ দ্বাৰা দুটা লাভ হ’ব- অগ্নিনিৰ্বাপক বাহিনীয়েও সতৰ্ক হৈ থকাৰ অভ্যাস কৰিব আৰু নতুন প্ৰজন্মই ইয়াৰ শিক্ষা প্ৰাপ্ত কৰিব৷ ইয়াৰ বাবে কোনো অতিৰিক্ত খৰচো নহয় আৰু এইদৰে ই শিক্ষাৰ এটা পৰ্যায়লৈ ৰূপান্তৰিত হয়, মই সদায়েই ইয়াৰ বাবে আগ্ৰহ প্ৰকাশ কৰোঁ৷ যিমান দূৰ পৰ্যন্ত বিপদৰ কথা কোৱা হয়, দুৰ্যোগৰ কথা কোৱা হয়, ভাৰত ভৌগোলিক আৰু জলবায়ুৰ দৃষ্টিকোণৰ পৰা বিবিধতাৰে পূৰ্ণ এখন দেশ হয়৷ এই দেশে বহুতো প্ৰাকৃতিক আৰু মানৱ সৃষ্ট দুৰ্যোগ যেনে ৰাসায়নিক তথা ঔদ্যোগিক দুৰ্ঘটনাৰ সন্মুখীন হ’বলগীয়া হৈছে৷ আজি National Disaster Management Authority অৰ্থাৎ NDMA য়ে দেশত দুৰ্যোগ ব্যৱস্থাপনাত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে৷ ভূমিকম্পই হওক, বানপানীয়েই হওক, ধুমুহাই হওক, ভূমিস্খলনৰ দৰে বিভিন্ন দুৰ্যোগত, উদ্ধাৰ কাৰ্যৰ বাবে এনডিএমএয়ে তৎকালীনভাৱে উপস্থিত হয়৷ তেওঁলোকে নিৰ্দেশনাও জাৰী কৰে, লগতে লগতে সামৰ্থ নিৰ্মাণৰ বাবে নিৰৱচ্ছিন্ন প্ৰশিক্ষণৰ কামো কৰি থাকে৷ বানপানী, ধুমুহাৰ দ্বাৰা হোৱা ক্ষতিৰ বাবে জিলাত স্বেচ্ছাসেৱকসকলৰ প্ৰশিক্ষণৰ বাবেও ‘দুৰ্যোগ বন্ধু’ নামৰ আঁচনি আৰম্ভ কৰা হৈছে৷ প্ৰশিক্ষণ তথা সজাগতা মহত্বপূৰ্ণ দায়িত্ব হয়৷ আজিৰ পৰা দুই-তিনি বছৰ পূৰ্বে লুৰ উষ্ণ প্ৰৱাহৰ বাবে প্ৰতিবৰ্ষতে সহস্ৰাধিক লোকে নিজৰ জীৱন হেৰুৱাইছিল৷ ইয়াৰ পিছত এনডিএমএয়ে উষ্ণ প্ৰৱাহৰ ব্যৱস্থাপনাৰ বাবে কৰ্মশালাৰ আয়োজিত কৰিছে, জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ বাবে অভিযান আৰম্ভ কৰিছে৷ বতৰ বিভাগে সঠিক পুৰ্বানুমান কৰিছে৷ সকলোৰে অংশগ্ৰহণৰ দ্বাৰা এটা ভাল পৰিণাম প্ৰাপ্ত হৈছে৷ ২০১৭ত লু ৰ দ্বাৰা মৃত্যু হোৱা পৰিঘটনা অপ্ৰত্যাশিতভাৱে হ্ৰাস হৈ প্ৰায় ২২০ লৈ আহি গৈছে৷ ইয়াৰ দ্বাৰা এইটো গম পোৱা গৈছে যে যদি আমি সুৰক্ষাক প্ৰাধান্য দিওঁ, তেন্তে সুৰক্ষা প্ৰাপ্ত কৰিব পাৰোঁ৷ সমাজত এইদৰে কাম কৰা অসংখ্য লোক হওক, সামাজিক সংগঠন হওক, সজাগ নাগৰিক হওক- মই তেওঁলোক সকলোকে প্ৰশংসা কৰিব বিচাৰোঁ যি যিকোনো দুৰ্যোগত মিনিটৰ ভিতৰতে ৰক্ষাৰ বাবে সংবদ্ধ হৈ পৰে৷ আৰু এনেকুৱা স্বল্পখ্যাত নায়কৰ সংখ্যা কম নহয়৷ আমাৰ Fire and Rescue Services, National Disaster Response Forces, সশস্ত্ৰ সেনা, Paramilitary Forces,  এওঁলোকেও সংকটৰ সময়ত উপস্থিত হোৱা বীৰ বাহাদুৰসকলে নিজৰ জীৱন বিপন্ন কৰিও লোকৰ সহায় কৰে৷ NCC, Scoutsৰ দৰে সংগঠনেও আজিকালি এই কামসমূহ কৰি আছে, প্ৰশিক্ষণো লৈ আছে৷ বিগত দিনসমূহত আমি এটা প্ৰয়াস আৰম্ভ কৰিছিলোঁ যে যিদৰে বিশ্বত যৌথ মিলিটাৰী অভ্যাস হয়, ঠিক সেইদৰে সমগ্ৰ বিশ্বতে দুৰ্যোগ ব্যৱস্থাপনাৰ বাবেও যৌথ প্ৰয়াস হ’ব লাগে৷ ভাৰতে ইয়াৰ নেতৃত্ব লৈছে- BIMSTEC, বাংলাদেশ, ভাৰত, ম্যানমাৰ, শ্ৰীলংকা, থাইলেণ্ড, ভুটান আৰু নেপাল, এই দেশসমূহৰ এক যৌথ দুৰ্যোগ ব্যৱস্থাপনাৰ অভ্যাস কৰোৱা হৈছে, ই নিজেই এক বৃহৎ মানৱীয় প্ৰয়োগ আছিল৷ আমি এক ক্ষতিশংকা সচেতন সমাজ হ’ব লাগিব৷ নিজৰ সংস্কৃতিত আমি মূল্যৰ ৰক্ষা, সুৰক্ষাৰ মূল্যৰ বিষয়েতো প্ৰায়েই কথা কওঁ, কিন্তু আমি সুৰক্ষাৰ মূল্যও বুজি পাব লাগিব৷ আমি তাক নিজৰ জীৱনৰ অংশ কৰিব লাগিব৷ আমাৰ নিজৰ জীৱনত দেখিছোঁ যে আমি হাজাৰ বাৰ উৰাজাহাজেৰে যাত্ৰা কৰোঁ আৰু উৰাজাহাজৰ ভিতৰত বিমান পৰিচাৰিকাই সুৰক্ষা সম্পৰ্কে সূচনা প্ৰদান কৰে৷ আমি বহুতে ইয়াক এশবাৰ পৰ্যন্ত শুনিছোঁ কিন্তু আজি যদি আমাক উৰাজাহাজৰ মাজত থিয় কৰাই সোধে, কোনটো কি বস্তু হয়? লাইফ জেকেট ক’ত থাকে? কিদৰে ইয়াক ব্যৱহাৰ কৰিব লাগে? মই জোৰ দি ক’ব পাৰোঁ যে আমাৰ মাজৰ পৰা কোনেও সেয়া ক’ব নোৱাৰিব? ইয়াৰ অৰ্থ হ’ল যে সচেতন কৰাৰ কিবা ব্যৱস্থা আছিল নে? প্ৰত্যক্ষভাৱে সেইফালে চোৱাৰ সম্ভাৱনা আছিল? আছিল৷ কিন্তু আমি নকৰিলোঁ৷ কিয়? কাৰণ আমি স্বভাৱতেই সচেতন নহয় আৰু সেইবাবে আমাৰ কাণ, উৰাজাহাজত বহাৰ পিছত এই কথাসমূহতো শুনে কিন্তু ‘এয়া সূচনা মোৰ বাবে’ এনেকুৱা আমাৰ কাৰোৰে নালাগে৷ ঠিক সেয়াই জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে আমাৰ অনুভৱ হয়৷ আমি এয়া ভাবিব নালাগে যে সুৰক্ষা অইন কাৰোবাৰ বাবেহে, যদি আমি নিজৰ সুৰক্ষাৰ বিষয়ে সজাগ হওঁ তেন্তে তাত সমাজৰ সুৰক্ষাৰ ভাবো তাতে অন্তৰ্নিহিত হৈ থাকে৷

মোৰ মৰমৰ দেশবাসীসকল, এইবাৰ বাজেটত ‘স্বচ্ছ ভাৰত’ৰ অন্তৰ্গত গাওঁসমূহৰ বাবে বায়’গেছৰ মাধ্যমত waste to wealth আৰু  waste to energy নিৰ্মাণ কৰাৰ ক্ষেত্ৰত জোৰ দিয়া হৈছে৷ ইয়াৰ বাবে যোজনা আৰম্ভ কৰা হৈছে আৰু ইয়াৰ নাম দিয়া হৈছে GOBAR-Dhan’ - Galvanizing Organic Bio-Agro Resources৷ এই ‘গোবৰ ধন’ যোজনাৰ উদ্দেশ্য হ’ল গাঁৱত স্বচ্ছতা নিৰ্মাণ কৰা আৰু পশুৰ গোবৰ তথা খেতিৰ অৱশিষ্ট পদাৰ্থসমূহ পচন কৰি বায়’গেছলৈ ৰূপান্তৰ কৰা, তাৰ পৰা ধন আৰু শক্তি উৎপন্ন কৰা৷ ভাৰতত পশুৰ আবাদী সমগ্ৰ বিশ্বৰ ভিতৰতে অধিক৷ ভাৰতত পশুৰ আবাদী প্ৰায় ৩০ কোটি আৰু উৎপাদিত গোবৰ প্ৰতিদিনে প্ৰায় ৩০ লাখ টন৷ কিছুমান ইউৰোপীয় দেশ আৰু চীনৰ পশুৰ গোবৰ তথা অন্য জৈৱিক অৱশিষ্টৰ প্ৰয়োগ শক্তিৰ উৎপাদনৰ বাবে কৰা হয় কিন্তু ভাৰতত ইয়াৰ পূৰ্ণ প্ৰয়োগ কৰা নহয়৷ ‘স্বচ্ছ ভাৰত অভিযান গ্ৰামীণ’ৰ অন্তৰ্গত এতিয়া এই দিশত আমি আগবাঢ়ি আছোঁ৷

পশুৰ গোবৰ, খেতিৰ পৰা নিষ্কাশিত জাবৰ, পাকঘৰ পৰা ওলোৱা জাবৰ, এই সকলোৰে পৰা বায়’গেছ আধাৰিত শক্তি উৎপাদনৰ বাবে ব্যৱহাৰ কৰাৰ লক্ষ্য নিৰ্ধাৰিত কৰা হৈছে৷ ‘গোবৰ ধন যোজনা’ৰ অন্তৰ্গত গ্ৰামীণ ভাৰতত কৃষক, ভগ্নী, ভাতৃসকলক উৎসাহিত কৰা হ’ব যে গোবৰ আৰু জাবৰ কেৱল বৰ্জ্য হিচাপে নহয়, উপাৰ্জনৰ স্ৰোত হিচাপেও লক্ষ্য কৰক৷ ‘গোবৰ ধন যোজনা’ৰ দ্বাৰা গ্ৰামীণ ক্ষেত্ৰসমূহ উপকৃত হ’ব৷ গাঁওসমূহক স্বচ্ছ কৰি ৰাখিবলৈ সহায় প্ৰাপ্ত হ’ব৷ পশু-আৰোগ্য উন্নত হ’ব আৰু উৎপাদন বৃদ্ধি হ’ব৷ বায়’গেছৰ দ্বাৰা খাদ্য ৰন্ধা তথা পোহৰৰ বাবে শক্তিৰ ক্ষেত্ৰত আত্মনিৰ্ভৰতা বৃদ্ধি হ’ব৷ কৃষক আৰু পশুপালকসকলৰ আমদানি বৃদ্ধি হ’ব৷ বৰ্জ্য সংগ্ৰহ, পৰিবহণ, বায়’গেছৰ বিক্ৰী আদিৰ বাবে চাকৰিৰ সুবিধা বৃদ্ধি হ’ব৷ ‘গোবৰ ধন যোজনা’ৰ সু-ব্যৱস্থাৰ বাবে অনলাইন ট্ৰেডিং প্লেটফৰ্মো নিৰ্মাণ কৰা হ’ব যি কৃষকসকলক ক্ৰেতাৰ সৈতে সংযোগ কৰোৱা হ’ব যাতে কৃষকসকলে গোবৰ আৰু খেতিৰ অৱশিষ্টসমূহৰ উচিত দাম প্ৰাপ্ত কৰিব পাৰে৷ মই উদ্যমীসকলক, বিশেষকৈ গ্ৰামীণ ভাৰতত বসবাস কৰা ভগ্নীসকলক আগবাঢ়ি আহিবলৈ আহ্বান জনাইছোঁ৷ আত্ম সহায়ক গোট নিৰ্মাণ কৰি, সহকাৰী সমিতি নিৰ্মাণ কৰি এই সুবিধাসমূহৰ সম্পূৰ্ণ লাভ উঠাওক৷ মই আপোনালোকক clean energy and green jobs ৰ এই আন্দোলনৰ সমভাগী হ’বলৈ আমন্ত্ৰিত কৰিছোঁ৷ নিজৰ গাঁৱৰ জাবৰসমূহক সম্পত্তিলৈ পৰিবৰ্তন কৰি তথা গোবৰৰ পৰা গোবৰ ধন প্ৰস্তুত কৰাৰ দিশত আগবাঢ়ক৷

মোৰ মৰমৰ দেশবাসীসকল, আজি পৰ্যন্ত আমি সংগীত উৎসৱ, খাদ্য উৎসৱ, চলচ্চিত্ৰ উৎসৱ আদি বিভিন্ন প্ৰকাৰৰ উৎসৱ কথা শুনি আহিছোঁ৷ কিন্তু ছট্টিশগড়ৰ ৰায়পুৰত প্ৰথমবাৰলৈ ‘কছৰা মহোৎসৱ’ আয়োজন কৰা হৈছে৷ ৰায়পুৰ নগম নিগমৰ দ্বাৰা আয়োজিত এই মহোৎসৱৰ অন্তৰালত যি উদ্দেশ্য আছিল সেয়া হ’ল স্বচ্ছতা সন্দৰ্ভত সজাগতা প্ৰদান কৰা, চহৰৰ জাবৰসমূহৰ সৃজনীমূলক ব্যৱহাৰ তথা বৰ্জ্যসমূহক পুনৰ ব্যৱহাৰ কৰাৰ বিভিন্ন প্ৰকাৰ সন্দৰ্ভত সজাগতা প্ৰদান কৰা৷ এই মহোৎসৱৰ সময়ত বিভিন্ন প্ৰকাৰৰ কাৰ্যক্ৰমণিকাত ছাত্ৰৰ পৰা আৰম্ভ কৰি জ্যেষ্ঠজনেও অংশগ্ৰহণ কৰিলে৷ জাবৰসমূহৰ ব্যৱহাৰ কৰি বিভিন্ন প্ৰকাৰৰ কলাকৃতি নিৰ্মাণ কৰা হ’ল৷ জাবৰ ব্যৱস্থাপনাৰ সকলো আঁচনি সম্পৰ্কে জনসাধাৰণক শিক্ষিত কৰাৰ বাবে কৰ্মশালাৰ আয়োজন কৰা হ’ল৷ স্বচ্ছতাৰ থীমৰ ওপৰত সংগীত প্ৰদৰ্শন হ’ল৷ কলা কৰ্ম নিৰ্মাণ হ’ল৷ ৰায়পুৰৰ পৰা প্ৰেৰণা পাই অন্য জিলাসমূহতো বিভিন্ন প্ৰকাৰৰ ‘কছৰা মহোৎসৱ’ অনুষ্ঠিত হ’ল৷ প্ৰত্যেকে নিজৰ নিজৰ তৰফৰ পৰা স্বচ্ছতা সন্দৰ্ভত সৃজনীমূলক উপায়সমূহ বিনিময় কৰিলে, চৰ্চা কৰিলে, কবিতা পাঠ কৰিলে৷ স্বচ্ছতাক লৈ উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হ’ল৷ বিশেষকৈ বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে যি ধৰণে অংশগ্ৰহণ কৰিলে সেয়া অতুলনীয় আছিল৷ জাবৰ ব্যৱস্থাপনা আৰু স্বচ্ছতাৰ মহত্ব যি অভিনৱ ধৰণে এই মহোৎসৱত প্ৰদৰ্শিত হ’ল, ইয়াৰ বাবে ৰায়পুৰ নগৰ নিগম, সমগ্ৰ ছট্টিশগড়ৰ জনতা আৰু তাৰ চৰকাৰ তথা প্ৰশাসনক মই অভিনন্দন জনাইছোঁ৷

প্ৰত্যেক বৰ্ষতে ৮ মাৰ্চৰ দিনা ‘আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস’ অনুষ্ঠিত কৰা হয়৷ দেশ আৰু বিশ্বত বহুধৰণৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়৷ আজিকালি ‘নাৰী শক্তি পুৰস্কাৰ’ৰ জৰিয়তে বিভিন্ন ক্ষেত্ৰত অনুকৰণীয় কাৰ্য সমাপন কৰা মহিলাসকলক পুৰস্কৃতও কৰা হয়৷ আজি দেশত মহিলা বিকাশৰ পৰা আগবাঢ়ি মহিলা-নেতৃত্ব উত্তৰণৰ দিশে আগবাঢ়ি আছে৷ আজি আমি মহিলা বিকাশৰ পৰা আগবাঢ়ি মহিলাৰ নেতৃত্বৰ বিকাশ সম্পৰ্কে কথা কৈ আছোঁ৷ এই উপলক্ষে মোৰ স্বামী বিবেকানন্দৰ এয়াৰ বচন মনলৈ আহিছে৷ তেওঁ কৈছিল যে-‘the idea of perfect womanhood is perfect independence’৷ ডেৰশ বছৰ পূৰ্বে কোৱা স্বামীজীৰ এই উক্তি ভাৰতীয় সংস্কৃতিত নাৰী শক্তিৰ বিষয়ে কৰা চিন্তাক প্ৰতিফলিত কৰে৷ আজি সামাজিক, আৰ্থিক জীৱনৰ বিভিন্ন ক্ষেত্ৰত মহিলাসকলৰ সমান সমান অংশীদাৰী সুনিশ্চিত কৰা আমাৰ সকলোৰে কৰ্তব্য, এয়া আমাৰ সকলোৰে দায়িত্ব৷ আমি সেই পৰম্পৰাৰ অংশ য’ত পুৰুষৰ পৰিচয় নাৰীৰ দ্বাৰা হয়৷ যশোদা নন্দন, কৌশলা নন্দন, গান্ধাৰী-পুত্ৰ, এয়াই পৰিচয় আছিল পুত্ৰসকলৰ৷ আজি আমাৰ নাৰী শক্তিয়ে নিজৰ কাৰ্যৰ দ্বাৰা আত্মবল আৰু আত্মবিশ্বাসৰ পৰিচয় দিছে৷ নিজকে আত্মনিৰ্ভৰশীল কৰিছে৷ তেওঁলোকে নিজক আগবঢ়াই লৈ যোৱাৰ উপৰিও দেশ আৰু সমাজকো আগবঢ়াই নি এক নতুন লক্ষ্যত উপনীত কৰাৰ বাবে কাম কৰিছে৷ আমাৰ ‘নিউ ইণ্ডিয়া’ৰ সপোনতো এয়াই যে নাৰী সশক্ত হওক, সবল হওক, দেশৰ সমগ্ৰ বিকাশৰ সমানে অংশীদাৰ হওক৷ কিছুদিন পূৰ্বে কোনো এক মহাশয়ে মোক এটা সুন্দৰ পৰামৰ্শ প্ৰদান কৰিলে৷ তেওঁ প্ৰস্তাৱ দিলে যে ৮ মাৰ্চ, ‘মহিলা দিৱস’ৰ পালন কৰাৰ বাবে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হয়৷ গাঁও আৰু চহৰত যিসকলে ১০০ বৰ্ষ পূৰ্ণ কৰিছে তেওঁলোকৰ সন্মানাৰ্থে কিবা কাৰ্যসূচী আয়োজন কৰিব পাৰি নেকি? আৰু তাত দীৰ্ঘ জীৱনৰ কথা আলোচনা কৰিব পাৰি নেকি? মোৰ এই প্ৰস্তাৱটো ভাল লাগিল, সেয়ে আপোনালোকলৈও প্ৰদান কৰিলোঁ৷ নাৰী শক্তিয়ে কি কৰিব পাৰে এই সন্দৰ্ভত আপুনি বহু উদাহৰণ পাব৷ যদি আপুনি কাষৰে-পাজৰে লক্ষ্য কৰে তেনেহ’লে এনেকুৱা কিবা নহয় কিবা প্ৰেৰণাদায়ক পৰিঘটনা দেখা পাবই৷ অলপতে ঝাৰখণ্ডৰ পৰা মই এটা বাৰ্তা পালো৷ ‘স্বচ্ছ ভাৰত অভিযান’ৰ অন্তৰ্গত ঝাৰখণ্ডত প্ৰায় ১৫ লাখ মহিলাই-এই সংখ্যা কম নহয়, ১৫ লাখ মহিলাই সংগঠিত হৈ এটা মাহত স্বচ্ছতা অভিযান পালন কৰিলে৷ ২৬ জানুৱাৰী ২০১৮ৰ পৰা আৰম্ভ হোৱা এই অভিযানৰ অন্তৰ্গত মাত্ৰ ২০ দিনত এই মহিলাসকলে ৭০ হাজাৰ শৌচালয় নিৰ্মাণ কৰি এক নতুন অভিলেখ ৰচনা কৰিলে৷ ইয়াত প্ৰায় ১ লাখ সখী মণ্ডলো অন্তৰ্ভুক্ত আছে৷ ১৪ লাখ মহিলা, ২ হাজাৰ মহিলা পঞ্চায়ত প্ৰতিনিধি, ২৯ হাজাৰ জল-সহী, ১০ হাজাৰ মহিলা সচ্ছগ্ৰহী তথা ৫০ হাজাৰ মহিলা ৰাজমিস্ত্ৰী৷ আপুনি কল্পনা কৰিব পাৰে যে এয়া কিমান ডাঙৰ এটা পৰিঘটনা! ঝাৰখণ্ডৰ এই মহিলাসকলে দেখুৱালে যে নাৰী শক্তি, স্বচ্ছ ভাৰত অভিযান এনেকুৱা এক শক্তি য’ত সাধাৰণ জীৱনত স্বচ্ছতা অভিযানক, স্বচ্ছতা সংস্কাৰক কাৰ্যকৰী ধৰণে জনসাধাৰণৰ স্বভাৱলৈ পৰিণত কৰিব পাৰি৷

ভাতৃ আৰু ভগ্নীসকল, দুদিন পূৰ্বে এক সংবাদত মই দেখিলো যে এলিফেণ্টা দ্বীপৰ তিনিখন গাঁৱত স্বাধীনতাৰ ৭০ বছৰৰ পিছত বিজুলী উপলব্ধ হ’ল আৰু ইয়াকে লৈ গাঁওখনত হৰ্ষোল্লাসৰ সৃষ্টি হ’ল৷ আপোনালোকে ভালদৰে জানে যে এলিফেণ্টা দ্বীপ মুম্বাইৰ সমুদ্ৰৰ পৰা ১০ কিলোমিটাৰ দূৰৈত অৱস্থিত৷ ই পৰ্যটনৰ বাবে আকৰ্ষণীয় স্থল৷ এলিফেণ্টাৰ গুহা ইউনেস্ক’ই বিশ্ব ঐতিহ্য ঘোষণা কৰিছে৷ তালৈ প্ৰতিদিনে দেশ-বিদেশৰ পৰা যথেষ্ট সংখ্যক পৰ্যটক যায়৷ ই এক গুৰুত্বপূৰ্ণ পৰ্যটনস্থলী৷ মই এই কথা গম পাই স্তম্ভিত হ’লো যে মুম্বাইৰ ইমান কাষত পৰ্যটনৰ এনেকুৱা ডাঙৰ কেন্দ্ৰ থকা স্বত্বেও স্বাধীনতাৰ ইমান বৰ্ষৰ বিছতো বিজুলী নাছিল৷ ৭০ বছৰলৈ এলিফেণ্টা দ্বীপৰ তিনিখন গাঁও ৰাজবন্দৰ, মোৰবন্দৰ আৰু সেঁতবন্দৰ, তাৰ বাসিন্দাসকলৰ জীৱন যি অন্ধকাৰত ডুবি আছিল, এতিয়া সেই অন্ধকাৰ আঁতৰি গৈছে, তেওঁলোকৰ জীৱনলৈ প্ৰকাশ আহিছে৷ মই তাৰে প্ৰশাসন তথা জনতাক অভিনন্দন জ্ঞাপন কৰিছোঁ৷ মই সুখী যে এতিয়া এলিফেণ্টা গাঁও তথা এলিফেণ্টাৰ গুহাসমূহ বিজুলীৰ পোহৰৰ দ্বাৰা উদ্ভাসিত হৈ উঠিব৷ এয়া কেৱল বিজুলীয়েই নহয়, বিকাশৰ দৌৰৰ এক নতুন আৰম্ভণি৷ দেশবাসীৰ জীৱন প্ৰকাশিত হওক, তেওঁলোকৰ জীৱনত সুখ আহক, ইয়াতকৈ সন্তোষৰ কথা কি হ’ব পাৰে৷

মোৰ মৰমৰ ভাতৃ-ভগ্নীসকল, অলপতে আমি শিৱৰাত্ৰী মহোৎসৱ পালন কৰিলো৷ এতিয়া মাৰ্চৰ মাহত লহপহীয়া শস্যৰ দ্বাৰা খেতিপথাৰ সজ্বিত হ’ব, ঘেঁহু তথা মন পুলকিত কৰা আমৰ শোভা- এয়াইতো এই মাহটোৰ বিশেষত্ব৷ কিন্তু এই মাহৰ ফাকুৱাৰ উৎসৱ আমাৰ সকলোৰে অত্যন্ত প্ৰিয়৷ দুই মাৰ্চত সমগ্ৰ দেশ হোলীৰ উৎসৱ হৰ্ষোল্লাসেৰে পালন কৰিব৷ হোলীত ৰঙৰ যিমান মহত্ব সিমানেই ‘হোলিকা দহন’ৰো মহত্ব আছে কাৰণ এই দিনটোতেই বেয়া শক্তিসমূহক অগ্নিত দহন কৰা হয়৷ হোলী সকলো বিদ্বেষ পাহৰি একলগ হৈ, পৰস্পৰে পৰস্পৰৰ সুখ-আনন্দৰ সহভাগী হোৱাৰ দিন আৰু ই প্ৰেম, ঐক্য তথা ভাতৃত্ববোধৰ বাৰ্তা কঢ়িয়াই আনে৷ আপোনালোক সকলোকে হোলীৰ ৰংগোৎসৱৰ বহুত শুভকামনা, ৰঙীণ শুভকামনা যাছিলোঁ৷ এই পৰ্ব আমাৰ দেশবাসীৰ জীৱনৰ ৰং-বিৰঙী সুখীৰে পৰিপূৰ্ণ হৈ থাকক-এয়াই শুভকামনা৷ মোৰ মৰমৰ দেশবাসীসকল, বহুত বহুত ধন্যবাদ, নমস্কাৰ৷

***

AKT/HS/MANN



(Release ID: 1527110) Visitor Counter : 201


Read this release in: English , Tamil