প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

কাইলৈ বাৰাণসীত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’ক আদৰণি জনাব প্ৰধানমন্ত্ৰীয়ে

Posted On: 11 MAR 2018 6:15PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ পুৱা বাৰাণসীত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰক আদৰণি জনাব৷ দুয়োগৰাকী নেতাই ইয়াৰ পাছতে মিৰ্জাপুৰ অভিমুখে ৰাওনা হ, ত তেওঁলোকে এটি সৌৰ শক্তি প্ৰকল্প উদ্বোধন কৰিব৷

বাৰাণসীত তেওঁলোকে দীনদয়াল হস্তকলা সংকুল পৰিদৰ্শন কৰিব৷ নেতা দুগৰাকীয়ে শিল্পী আৰু কলা কুশলীসকলৰ সৈতে মতবিনিময় কৰিব আৰু তেওঁলোকৰ বিভিন্ন কলা প্ৰদৰ্শন উপভোগ কৰিব৷

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি মেক্ৰৱে ইয়াৰ পাছত বাৰাণসীৰ বিখ্যাত আছী ঘাটৰ পৰা গংগা নদীত নৌকা বিহাৰ কৰিব৷

প্ৰধানমন্ত্ৰী মোদীয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতিগৰাকীৰ সন্মানাৰ্থে এক মধ্যাহ্নভোজৰো আয়োজন কৰিছে৷

সন্ধিয়া প্ৰধানমন্ত্ৰীয়ে বাৰাণসীৰ মাদুৱাদি ৰেলৱেষ্টেচন আৰু পাটনাৰ মাজত চলিবলগীয়া এখন ৰেলৰ ফ্লেগ অফ কৰিব৷ তেওঁ বিভিন্ন উন্নয়নমূলক প্ৰকল্প মুকলি কৰিব আৰু বাৰাণসীৰ ডিএলডব্লিউ গ্ৰাউণ্ডত এখন ৰাজহুৱা সভা সম্বোধন কৰিব৷

                                                                          ****

AKT/HS/MS



(Release ID: 1526034) Visitor Counter : 54