প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়ৰ পাছতে পুটিনলৈ অভিনন্দনসূচক ফোন প্ৰধানমন্ত্ৰীৰ

Posted On: 19 MAR 2018 7:22PM by PIB Guwahati

ৰাছিয়াত কালি অনুষ্ঠিত ৰাষ্ট্ৰপতি নিৰ্বাচনত পুনৰ ৰাষ্ট্ৰপতি হিচাপে জয়ৰ পাছতে প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনক ফোনযোগে অভিনন্দন জ্ঞাপন কৰে। পুটিনৰ সফলতাৰ প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে তেওঁৰ নেতৃত্বত ভাৰত আৰু ৰাছিয়াই বিশেষ আৰু অধিক সুবিধাজনক কৌশলগত সহযোগিতাৰেঅধিক শক্তিশালী ৰূপত বিকাশৰ ধাৰাবাহিকতা বৰ্তাই ৰাখিব পাৰিব বুলি আশা প্ৰকাশ কৰে। তেওঁ লগতে কয় যে চলিত বৰ্ষৰ শেষভাগত বাৰ্ষিক সন্মিলনত ৰাষ্ট্ৰপতি পুটিনক ভাৰতত আদৰণী জনাবলৈ আগ্ৰহ প্ৰকাশ কৰে

ৰাষ্ট্ৰপতি পুটিনে ফোন কলৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জনায়। তেওঁ ভাৰত-ৰাছিয়াৰ মাজৰ সম্পৰ্কক প্ৰতিটো স্তৰতে শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি প্ৰদানৰ লগতে ভাৰত আৰু ইয়াৰ লোকসকলৰ প্ৰগতিৰ ধাৰা অব্যাহত থকাটো বিচাৰে

*****

AKT/ VJ/DB



(Release ID: 1525368) Visitor Counter : 91


Read this release in: English , Tamil , Kannada