প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

১৬ মাৰ্চত মণিপুৰ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

Posted On: 15 MAR 2018 4:26PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৬ মাৰ্চত মণিপুৰ ভ্ৰমণ কৰিব৷

ইম্ফলস্থিত মণিপুৰ বিশ্ববিদ্যালয়ত অনুষ্ঠিত বলগীয়া ভাৰতীয় বিজ্ঞান কংগ্ৰেছৰ ১০৫সংখ্যক অধিৱেশনৰ উদ্বোধনী ভাষণ সম্বোধন কৰিব৷ এই মৰ্যদাপূৰ্ণ অনুষ্ঠান আয়োজন কৰা ইম্ফল উত্তৰ-পূৰ্বাঞ্চলৰ দ্বিতীয়খন চহৰ৷

লুৱাংছাংবামত লুৱাংপকপা মাল্টি স্পৰ্টছ কমপ্লেক্সত প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় ক্ৰীড়া বিশ্ববিদ্যালয়, ১০০০ অংগণৱাড়ী কেন্দ্ৰ, শিক্ষক, চিকিৎসক আৰু নাৰ্ছৰ বাবে ১৯টা আৱাসিক কমপ্লেক্সৰ লগতে আন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব৷ তদুপৰি তেওঁ লুৱাংপকপা মাল্টি স্পৰ্টছ কমপ্লেক্স, ৰাণী গাইডিনলিউ পাৰ্ক আৰু আন উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিব৷ জনসাধাৰণক উদ্দেশ্যিও প্ৰধানমন্ত্ৰীয়ে ভাষণ আগবঢ়াব৷

*****

AKT/SH/SBP/MS



(Release ID: 1524720) Visitor Counter : 66