প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ উজ্জ্বালা যোজনাৰ উপভোক্তাৰ

Posted On: 13 FEB 2018 6:03PM by PIB Guwahati

প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ ১০০ৰো অধিক উপভোক্তাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আজি তেওঁৰ বাসগৃহত সাক্ষাৎ কৰে৷

উল্লেখযোগ্য যে, দেশৰ বিভিন্ন ৰাজ্যৰ মহিলা উপভোক্তাসকলে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ৰাষ্ট্ৰপতি ভৱনত আজি পুৱাৰ ভাগত আয়োজন কৰা এলপিজি পঞ্চায়তত অংশ লোৱাৰ বাবে নতুন দিল্লীলৈ আহিছে৷

শ্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে হোৱা অনানুষ্ঠানিক বাৰ্তালাপত উপভোক্তাসকলে বৰ্ণনা কৰে এলপিজি চিলিণ্ডাৰৰ ব্যৱহাৰে তেওঁলোকৰ জীৱন-ধাৰণৰ মান কিদৰে উন্নত কৰিছে৷ প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ দৈনন্দিন জীৱনৰ বিভিন্ন দিশ উত্থাপন কৰিবলৈ উপভোক্তাসকলক আহ্বান জনায়৷ তেওঁলোকৰ বিভিন্ন অভাৱ-অভিযোগৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে প্ৰতি ভাৰতীয়লৈ বিদ্যুৎ যোগান ধৰিবলৈ কেন্দ্ৰীয় চৰকাৰে সৌভাগ্য আঁচনি মুকলি কৰিছে৷ কন্যা শিশুৰ প্ৰতি সমাজত থকা সকলো বৈষম্য নাশ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰতো প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব দিয়ে৷ নিজৰ নিজৰ গাঁওখনক পৰিষ্কাৰ, পৰিচ্ছন্ন কৰি ৰাখিবলৈ সকলো ঐক্যবদ্ধ হৈ কাম কৰা উচিত বুলিও প্ৰধানমন্ত্ৰীয়ে কয়৷ তেওঁ কয় যে ইয়াৰ ফলস্বৰূপে গ্ৰামাঞ্চলৰ স্বাস্থ্যৰ পৰিৱেশ উন্নত হ’ব, যিদৰে উজ্জ্বলা যোজনাই পৰিয়ালৰ সকলো সদস্যৰ স্বাস্থ্য উন্নত কৰিছে৷

উজ্জ্বলা যোজনাৰ বাবে প্ৰধানমন্ত্ৰীক প্ৰশংসা কৰাৰ লগতে ধন্যবাদ জ্ঞাপন কৰি একাংশ উপভোক্তাই আন কেতবোৰ দিশত সন্মুখীন হৈ অহা সমস্যা সন্দৰ্ভতো প্ৰধানমন্ত্ৰীৰ সৈতে আলোচনা কৰে৷

কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান এই সাক্ষাতৰ সময়ছোৱাত উপস্থিত আছিল৷

*****

AKT/BM/MS



(Release ID: 1520633) Visitor Counter : 60