প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীৰদ্বাৰা সাহসিকতা বটা প্ৰদান

পোষ্ট কৰা হৈছে: 24 JAN 2018 5:47PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ১৮ জন শিশুক ৰাষ্ট্ৰীয় সাহসিকতা বটা প্ৰদান কৰে।ইয়াৰে তিনিটা বটা মৰণোত্তৰভাৱে প্ৰদান কৰা হয়।

বটা লাভ কৰা সকলৰ সৈতে মত বিনিময় কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁলোকৰ সাহসিকতাৰ কাহিনীৰ বিস্তৰ আলোচনা হব লাগে আৰু মিডিয়াই গুৰুত্ব দিব লাগে। তাৰ ফলত আন শিশুসকলে প্ৰেৰণা পাব আৰু তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি পাব।

প্ৰধানমন্ত্ৰীয়ে কয় যে বেছিভাগ শিশুৱেই গ্ৰাম্যাঞ্চলৰ আৰু তেওঁলোকৰ প্ৰাত্যহিক জীৱনধাৰাই তেওঁলোকক সকলো ধৰণৰ প্ৰত্যাহ্বানৰ মুখামুখি হবলৈ শিক্ষা দিছে।

প্ৰধানমন্ত্ৰীয়ে বটা লাভ কৰাসকলৰ লগতে তেওঁলোকৰ অভিভাৱক আৰু শিক্ষকসকলক অভিনন্দন জ্ঞাপন কৰে। যিসকলে তেওঁলোকৰ সাহসিকতাৰ কাহিনীক পোহৰলৈ আনিলে তেওঁলোককো প্ৰধানমন্ত্ৰীয়ে প্ৰশংসা কৰে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে এই বটা লাভ কৰাৰ পিছত তেওঁলোকৰ পৰা সমাজে অধিক আশা কৰিব আৰু সেয়ে প্ৰধানমন্ত্ৰীয়ে শিশুসকলৰ ভৱিষ্যতৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী শ্ৰীমতী মানেকা গান্ধীও অনুষ্ঠানত উপস্থিত আছিল। 


***

AKT/SH/PRK


(ৰিলিজ আই ডি : 1517972) অতিথি কক্ষ : 107
ত এই ৰিলিজটো পঢ়ক: English