প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ৰাজস্থানৰ বাৰ্মাৰত হ’বলগীয়া ৰাজস্থান শোধনাগাৰৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী
পোষ্ট কৰা হৈছে:
15 JAN 2018 11:19AM by PIB Guwahati
২০১৮ চনৰ ১৬ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া ৰাজস্থান শোধনাগাৰৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থাকিব। তেওঁ তাত এখন জনসভাতো ভাষণ দিব।
ৰাজস্থানত তেল আৰু গেছ যথেষ্ট পৰিমাণে আছে। ৰাজস্থান শোধনাগাৰ ৰাজ্যখনৰ প্ৰথমটো শোধনাগাৰ। ইয়াত ৯ এম এম টি পি এ শোধনাগাৰ তথা পেট্ৰ’কেমিকেল কম্প্লেক্স থাকিব। ইয়াৰ পেলনীয়া সামগ্ৰী উচ্চমানৰ বি এছ-৪ এমিশ্যনৰ মান অনুসৰি নিৰ্গমণ কৰা হ’ব। এই প্ৰকল্পৰ আনুমানিক খৰচ হ’ব ৪৩,০০০ কোটিতকৈও অধিক। এইচ পি চি এল আৰু ৰাজস্থান চৰকাৰৰ যুটীয়া উদ্যোগত এই প্ৰকল্প গঢ়ি উঠিছে।
ৰাজস্থানৰ ৰাজ্যপাল, মূখ্যমন্ত্ৰী আৰু কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰী অনুষ্ঠানত উপস্থিত থাকিব বুলি আশা কৰা হৈছে।
***
AKT/HS/PRK
(ৰিলিজ আই ডি : 1517015)
অতিথি কক্ষ : 163