কেবিনেট

আর্জেণ্টিনাৰ বুয়েনছ এয়াৰছত ১০-১৩ ডিচেম্বৰ, ২০১৭ত অনুষ্ঠিত বিশ্ব বাণিজ্য সংস্থাৰ একাদশ মন্ত্রী পর্যায়ৰ সন্মিলনত গৃহীত ভাৰতৰ দৃষ্টিভংগীক কেবিনেটৰ অনুমোদন সমর্থন কেন্দ্রীয় মন্ত্রিসভাৰ

Posted On: 03 JAN 2018 2:49PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত আর্জেণ্টিনাৰ বুয়েনছ এয়াৰছত ২০১৭ৰ ডিচেম্বৰত অনুষ্ঠিত বিশ্ব বাণিজ্য সংস্থাৰ একাদশ মন্ত্রী পর্যায়ৰ সন্মিলনত গৃহীত ভাৰতৰ দৃষ্টিভংগী সন্দৰ্ভত বাণিজ্য বিভাগে দিয়া টোকাৰ পূৰ্বপ্ৰস্তাৱিত অনুমোদন জনায়।

 

সন্মিলনত ভাৰতৰ এই দৃষ্টিভংগী গ্রহণৰ প্ৰধান উদ্দেশ্য হল মন্ত্রী পর্যায়ৰ সন্মিলন চলাৰ সময়ত ভাৰতৰ স্বার্থ, অগ্রাধিকাৰ আৰু উদ্বেগজনক বিষয়সমূহ যথোচিতভাবে উত্থাপন কৰা।

পটভূমিঃ

এই সন্মিলনত গৃহীত সিদ্ধান্তসমূহৰ ভিতৰত উল্লেখযোগ্য হ-২০১৯ চনত দ্বাদশ মন্ত্রী পর্যায়ৰ সন্মিলনত এটি স্থিৰ সিদ্ধান্তত উপনীত হোৱাৰ লক্ষ্যৰে মৎসপালনৰ ওপৰত ৰাজসাহায্য প্ৰদান সম্পর্কীয় এটি আঁচনি প্ৰস্তুত কৰা আৰু ভাৰতৰ ফালৰ পৰা অনলাইন বাণিজ্য সন্দৰ্ভত উত্থাপিত এটি প্রস্তাৱৰ আলোচনা আৰু মত-বিনিময়ে ধৰি কেইবাটাও বিষয়।

 

তদুপৰি, বিনিয়োগ সংক্রান্তীয় সুযোগ-সুবিধা, ক্ষুদ্র, মজলীয়া আৰু সুক্ষ্ম উদ্যোগ প্ৰতিষ্ঠান, লিংগ অনুপাত আৰু বাণিজ্যৰ দৰে নতুন নতুন বিষয়সমূহত থকা মতানৈক্যৰ বাবে কোনো ধৰণৰ ফলাফল পোৱা নগল।

 

কেৱল ইমানেই নহয়, সর্বসম্মতিক্রমে মন্ত্রী পর্যায়ৰ এই সন্মিলনৰ পৰা কোনো ধৰণৰ ঘোষণাপত্রও প্রকাশ অথবা প্রচাৰ কৰা নহয়। বহুপাক্ষিক বিভিন্ন বিষয়, ডহা উ্ন্নয়নমুলক আঁচনিৰ ক্ষেত্রতো বিশেষ আৰু বৈষম্যমূলক আচৰণ সন্দৰ্ভতো কোনো বিশেষ উল্লেখ নথকাৰ ফলত ভাৰতেও এই ঘোষণাপত্রৰ বিষয়ত সম্মতি নজনালে।

***

AKT/VBA/SH/DB



(Release ID: 1515899) Visitor Counter : 64


Read this release in: English