কৰ্প’ৰেট পৰিক্ৰমা মন্ত্ৰালয়
azadi ka amrit mahotsav

গুৱাহাটীত বিনিয়োগকাৰী শিক্ষা আৰু সজাগতাৰ ওপৰত ৰাজ্যিক পৰ্যায়ৰ সন্মিলনৰ আয়োজন আইইপিএফএৰ

प्रविष्टि तिथि: 29 MAR 2022 2:10PM by PIB Guwahati

কৰ্প’ৰেট পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত বিনিয়োগকাৰী শিক্ষা আৰু সুৰক্ষা পুঁজি কৰ্তৃপক্ষই ২৯ মাৰ্চত গুৱাহাটীত বিনিয়োগকাৰী শিক্ষা আৰু সজাগতা সন্দৰ্ভত এক ৰাজ্যিক পৰ্যায়ৰ সন্মিলনৰ আয়োজন কৰে।

অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থকা অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে এই সন্মিলনখন উদ্বোধন কৰে। উক্ত সন্মিলনত কৰ্পোৰেট পৰিক্ৰমা মন্ত্ৰালয়ৰ উত্তৰ-পূৰ্বাঞ্চলৰ আঞ্চলিক সঞ্চালক শ্ৰী সন্তোষ কুমাৰ, বিনিয়োগকাৰী শিক্ষা আৰু সুৰক্ষা পুঁজি প্ৰাধিকৰণৰ মহাপ্ৰৱন্ধক লেফটেনেণ্ট কৰ্ণেল তুষাৰ আনন্দ, ভাৰতীয় চাৰ্টাৰ্ড একাউণ্টেণ্ট প্ৰতিষ্ঠানৰ (আইচিএআই) সভাপতি চি.এ. ডঃ দেবাশীষ মিত্ৰ আৰু আইইপিএফএ আৰু আইচিএআইৰ অন্যান্য বিশিষ্ট ব্যক্তিসকলেও অংশগ্ৰহণ কৰে।

সন্মিলনত মুখ্য অতিথিগৰাকীয়ে তেওঁৰ মূল ভাষণত গুৱাহাটীত বিনিয়োগকাৰী শিক্ষা আৰু সজাগতা সম্পৰ্কীয় ৰাজ্যিক পৰ্যায়ৰ সন্মিলন অনুষ্ঠিত কৰাৰ বাবে আইইপিএফএৰ প্ৰচেষ্টাৰ শলাগ লয়। অনুষ্ঠানত কৰ্পোৰেট পৰিক্ৰমা মন্ত্ৰালয়ৰ আঞ্চলিক সঞ্চালক (এনইআৰ) শ্ৰী সন্তোষ কুমাৰ, লেফটেনেণ্ট কৰ্ণেল তুষাৰ আনন্দ আৰু আইচিএআইৰ সভাপতি চি.এ. ডঃ দেবাশীষ মিত্ৰয়ো বক্তব্য ৰাখে। তেওঁলোকে সামগ্ৰিক অৰ্থনৈতিক বিকাশ আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে সামগ্ৰিক বিত্তীয় সাক্ষৰতা, বিনিয়োগকাৰীৰ সজাগতা আৰু সুৰক্ষাৰ বাবে নিজৰ নিজৰ ধাৰণা, প্ৰয়োজনীয়তা আৰু তাৎপৰ্যৰ বিষয়ে আলোকপাত কৰে।

সন্মিলনৰ প্ৰথমখন কাৰিকৰী অধিৱেশনৰ সভাপতিত্ব কৰে আইইপিএফএৰ সঞ্চালক শ্ৰী সঞ্জয় জৈনে। এই অধিৱেশনতে চি.এ. ৰুদ্ৰমূৰ্তি বি.ভিয়ে "মন, বজাৰ আৰু ধন" শীৰ্ষক বিষয়ত বক্তব্য ৰাখে। সন্মিলনৰ দ্বিতীয় কাৰিকৰী অধিৱেশনৰ সভাপতিত্ব কৰে আইইপিএফএৰ মহা প্ৰৱন্ধক লেফটেনেণ্ট কৰ্ণেল সুমিত ৰাণে। উক্ত অধিৱেশনৰ বিষয় আছিল-"আইইপিএফএ আৰু বিনিয়োগকাৰী-যাত্ৰা, আদেশ আৰু প্ৰক্ৰিয়া"। অধিৱেশনখনত বিশেষজ্ঞ বক্তাৰূপে উপস্থিত থাকে আইইপিএফএৰ উপ-মহা প্ৰৱন্ধক শ্ৰী গৌৰৱ গুপ্তা, আৰু সহকাৰী মহা প্ৰৱন্ধকশ্ৰী সুমিত আগৰৱাল। সন্মিলনত বিভিন্ন বিশিষ্ট শৈক্ষিক প্ৰতিষ্ঠানৰ ৬০০তকৈও অধিক শিক্ষাৰ্থী, এনচিচি কেডেট, পেছাদাৰী আৰু অন্যান্য নাগৰিককে ধৰি প্ৰায় ১০০০ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। আইচিএআই আৰু আইচিএআইৰ গুৱাহাটী শাখাৰ সক্ৰিয় সহযোগিতা আৰু সমৰ্থনত এই সন্মিলনৰ আয়োজন কৰা হৈছিল।

বিনিয়োগকাৰী শিক্ষা, সজাগতা আৰু সুৰক্ষা আৰু আইইপিএফ পুঁজিৰ প্ৰশাসনৰ উদ্দেশ্যে কোম্পানী আইন, ২০১৩ৰ ধাৰা ১২৫ৰ উপ-ধাৰা (৫)ৰ অধীনত আইইপিএফ কৰ্তৃপক্ষ প্ৰতিষ্ঠা কৰা হৈছে। আইইপিএফ-এ জনসাধাৰণৰ মাজত বিনিয়োগকাৰী শিক্ষাৰ গতি ত্বৰান্বিত কৰিবলৈ বিভিন্ন ধৰণৰ কাৰ্যকলাপ হাতত লৈছে। আজিৰ তাৰিখলৈকে আইইপিএফএৰ দ্বাৰা প্ৰায় ৩০ লাখ লোকক সামৰি ৬৩,০০০ৰো অধিক বিনিয়োগকাৰী সজাগতা কাৰ্যসূচী পৰিচালনা কৰা হৈছে। ইয়াৰ উপৰিও, প্ৰায় ১.৫৪ কোটি শ্বেয়াৰ আৰু সম্পৰ্কিত লভ্যাংশ স্থানান্তৰৰ সৈতে ২৫,০০০ৰো অধিক দাবীকৃত ধন ঘূৰাই দিয়াৰ বাবে অনুমোদন জনোৱা হৈছে।


(रिलीज़ आईडी: 1811152) आगंतुक पटल : 68
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English